• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ নেহৰু ময়দানত ১ম কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ লাইখুটা স্থাপন

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
November 16, 2018 2:45 pm
INTEX_AQUA_LIONS_3_20181114_111016
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰৰ নেহৰু ময়দানত প্ৰথম কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ লাইখুটা স্থাপন অনুস্থান সম্পন্ন হৈ যায়। ১৫ নৱেম্বৰ বুধবাৰে এটা অনুষ্ঠানত এই লাইখুটা স্থাপন কৰে বিশিষ্ট সমাজ সেৱিকা ড০ লক্ষ্মী গোস্বামীয়ে। আয়োজক কমিটীৰ সভাপতি আলোক নাথ, সম্পাদক জীতেন বৰঠাকুৰ আছাম বুক পাব্লিকেশ্যনৰ অধ্যক্ষ ৰাজেন বৰঠাকুৰ, ঐশ্বৰ্য কাকতী আদি বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

সামাজিক-সাংস্কৃতিক অনুষ্ঠান জংগম,তেজপুৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত তেজপুৰৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক কৰ্মীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে অহা বছৰৰ জানুৱাৰি মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ প্ৰথম কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ আয়োজন কৰিছে।

Apply Now

উল্লেখ্য যে প্ৰয়াত কাৰ্তিক হাজৰিকাই ঐতিহাসিক বাণ থিয়েটাৰৰ সভাপতি হিচাপে আমৃত্যু জড়িত আছিল। তেওঁ জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ পদতো নিয়োজত হৈছিল আৰু ভালেমান অসমীয়া চলচ্চিত্ৰৰ অংশ আছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ এগৰাকী আগশাৰীৰ নেতাও আছিল।

কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱত সঞ্চস্থ হ’বলগীয়া নাটকসমূহ ভূপেন হাজৰিকা কলাভূমি, জিলা পুথিভড়াল প্ৰেক্ষাগৃহ, নেহৰু ময়দান আদি কেইবাটাও স্থানত মঞ্চস্থ কৰা হ’ব। সপ্তাহ জোৰা এই নাট্য মহোৎসৱত কেইবাটাও আন্তৰ্জাতিক খ্যাতি সম্পন্ন নাট্য গোষ্ঠীয়ে নাটক সঞ্চস্থ কৰিব।

এই গোট সমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান নাট্যগোষ্ঠী হৈছে পদ্মশ্ৰী ৰতন থিয়ামৰ নাট্যগোষ্ঠী কোৰাচ ৰিপাৰ্টৰী থিয়েটাৰ (নাটক ‘মেকবেথ’), কলকাতাৰ চেতনা ক্লাব (নাটক ‘ডন-তাকে ভালো লাগে’), থিয়েটাৰৱালা দিল্লী (হিমানী পুৰী আৰু ৰামজী বালিৰ নিৰ্দেশনাৰ নাটক ‘অপনে পৰায়ে’),  বাংগালুৰুৰ স্পন্দন গোষ্ঠী (পদ্মশ্ৰী বি জয়শ্ৰীৰ নিৰ্দেশনাৰ নাটক ‘পাঞ্চালী’)মুম্বাইৰ ধৰম জম, (পদ্মশ্ৰী মনোজ যোশীৰ নিৰ্দেশনাৰ নাটক ‘চানক্য) নাট্গোষ্ঠীৰ উপৰিও সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ শেখৰ সেনৰ নিৰ্দেশনাৰ নাটক ‘কবিৰ’, মোটৰি থিয়েটাৰ নাট্যগোষ্ঠীৰ নাছিৰুদ্দিন শ্বাহৰ পৰিচালনাৰে আন্তৰ্জাতিক খ্যাতিৰে উজলি উঠা নাটক ‘ইছমত আপা কে নাম’, প্ৰঞ্জল শইকীয়া আৰু পূৰ্ণিমা শইকীয়াৰ পৰিচালনাৰ সাংস্কৃতিক মঞ্চ, অসমৰ প্ৰযোজনাৰ নাটক ‘এচেৰেঙা ৰ’দ’, ড০ অনুৰাধা কাপুৰৰ নিৰ্দেশনা আৰু সীমা বিশ্বাস অভিনীত নাটক ‘জীৱিত য়া মৃত’ নেশ্যনল স্কুল অব ড্ৰামা ৰিপাৰ্টৰী কোম্পানীৰ সুৰেশ শৰ্মাৰ নিৰ্দেশনাৰ নাটক ‘খামোছি ছিলি ছিলি’ নয়ন প্ৰসাদৰ নিৰ্দেশনাৰে সূৰ্যৰ নাটক মুখামুখী আৰু নাট্যাচাৰ্য প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ অন্তিম নিৰ্দেশনা আৰু গোৱালপাৰাৰ বাদুংদুপ্পা কলাকেন্দ্ৰৰ নাটক ‘ছনছ অব আৰ্থ মাডাৰ’ আৰু জাগৰণ, তেজপুৰৰ আলোক নাথৰ নিৰ্দেশনাৰ নাটক ‘ক’লা আইনা’।

এই নাট্য মহোৎসৱত আদিল হুছেইন আদি কৰি নাট্য জগতৰ আন্তৰ্জাতিক ভালেমান  ব্যক্তিত্ব ব্যক্তি উপস্থিত থাকিব। এই নাট্য মহোৎসৱ তেজপুৰৰ আগশাৰীৰ নাগৰিক আৰু অনুষ্ঠানৰ সক্ৰিয় সহযোগিতাৰে আয়োজিত কৰা হৈছে। শতিকা প্ৰাচীন বাণ থিয়েটাৰক লৈ গৰ্ব কৰিব পৰা তেজপুৰক দেশৰ সাংস্কৃতিক মানচিত্ৰত স্থান দিয়াৰ বাবে প্ৰয়াসেৰে এই নাট্য মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে বিভিন্ন কৰ্মশালা, আলোচনাচক্ৰৰ লগতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা এখন গ্ৰন্থমেলাও অনুষ্ঠিত কৰা হ’ব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd