• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাত ভূ মাফিয়াৰ দৌৰাত্ম্য, জালিয়াতি, ভয়-ভাবুকিৰে বলপূৰ্বক মাটি দখল

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , December 9, 2020 8:11 pm

2 min read

IMG_20201209_192559
219
VIEWS
Share on FacebookShare on Twitter

নগাঁৱত ভূ-মাফিয়াৰ দৌৰাত্ম্যত ৰাইজে জীয়াতু ভুগিব লগা হৈছে।

এই ভূ মাফিয়াৰ দল বিলাকে বিভিন্ন লোকক ভয় ভাবুকিৰে উচিত মূল্যতকৈ অতি কম দামত মাটি বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা, বিক্ৰী কৰা মাটি জালিয়াতিৰে পুনৰ আন লোকক বিক্ৰী কৰা, বিক্ৰী কৰা মাটি গুণ্ডাবাহিনীৰ সহযোগত পুনৰ দখল কৰা, মাটিৰ গৰাকীয়ে গম নোপোৱাকৈয়ে মণ্ডলৰ সহযোগত মাটি নিজৰ নামত নামজাৰি কৰা আদি আইন বৰ্হিভূত কাৰ্য সংঘটিত কৰি গৈছে।

ফলত এতিয়া নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন ঠাইত বহু মাটিৰ গৰাকীয়ে চৰম আতংক আৰু উদ্বিগ্নতাৰ মাজেৰে দিন কটাব লগীয়া হৈছে।

এই ভূ মাফিয়া সকল আৰ্থিক ভাৱে অতি সৱল হোৱা হেতুকে তেওঁ লোকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া, মণ্ডল, কৰ্মচাৰী, আৰক্ষী থানাৰ আৰক্ষীকো সহজতেই মেনেজ কৰি আহিছে বুলিও অভিযোগ উঠিছে।

শেহতীয়াকৈ নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত মাটিৰ দাম আকাশলংঘী হোৱাৰ পৰিপ্ৰেক্ষিতত মাটিৰ ভূ মাফিয়াৰ কূপদৃষ্টি যিকোনো লোকৰ মাটিৰ ওপৰত পৰিবলৈ ধৰিছে।

নগাঁৱৰ ম’হখুলিত আৰম্ভ হৈছে ভূ-মাফিয়াৰ দৌৰাত্ম্য ৷ অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জালিয়াতিৰে ঘৰ-মাটি দখলৰ চেষ্টা চলোৱা দুই ভূ-মাফিয়াক‌।

ধৃত দুই ভূ-মাফিয়া ম’হখুলিৰ আবুল কালাম আৰু ৰফিকুল ইছলাম বুলি আৰক্ষী সূত্ৰই জনাইছে। উল্লেখ্য যে, ইমতাজ আলী নামৰ ব্যক্তি এজনক প্ৰায় সাত বছৰৰ পূৰ্বে বিক্ৰী কৰা ঘৰ-মাটিৰ কাগজ জালিয়াতিৰে পুনৰ দখলৰ চেষ্টা কৰিছিল ভূ-মাফিয়াৰ দলটোৱে।

আনকি  বিক্ৰী কৰা ঘৰ -মাটি দখল কৰাৰ বাবে ঘৰটোত বসবাস কৰা লোকক ভূ-মাফিয়াৰ দলে আক্ৰমণ কৰাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল।

অৱশ্যে অৱশেষত ভূক্তভোগী ইচুব আলীৰ এজাহাৰৰ ভিত্তিত ইটাচালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আবুল আৰু ৰফিকুলক।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd