NORTHEAST NOW (Assamese)

শেহতীয়া খৱৰ : চন্দ্ৰপৃষ্ঠত সামান্য হালি পৰা অৱস্থাত অক্ষত আছে লেণ্ডাৰ বিক্ৰম

September 10, 2019 11:38 am · এন ই নাও নিউজ
বিক্ৰম লেণ্ডাৰ।

শেহতীয়া এক বাতৰি মতে চন্দ্ৰযান-২ অভিযানৰ সৈতে জড়িত  ইছৰোৰ এগৰাকী বিষয়াই দাবী কৰিছে যে লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত সম্পূৰ্ণ অক্ষত অৱস্থাত পৰি আছে।

তদুপৰি, তীব্ৰ গতিত অৱতৰণ কৰাৰ পাছত লেণ্ডাৰ বিক্ৰম সামান্য হালি পৰা অৱস্থাত আছে। ইণ্ডিয়া টুডেই এই বাতৰি পৰিৱেশন কৰিছে।

অৱশ্যে, মহাকাশ সংস্থাটোৱে এই বাতৰি নিশ্চিত কৰিবলৈ অস্বীকাৰ কৰিছে।

যোৱা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত মসৃনভাৱে অৱতৰণ কৰিবলগীয়া সময়ৰ আগেয়ে চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে মহাকাশ সংস্থাটোৱে যোগাযোগ হেৰুৱাইছিল।

আনহাতে, ৮ ছেপ্টেম্বৰত চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ স্থিতি বিচাৰি পাইছিল ইছৰোই। অ’ৰ্বিটাৰে থাৰ্মেল ইমেজ কেমেৰাৰে ইয়াৰ ছবি তুলিবলৈ সক্ষম হৈছিল।

চন্দ্ৰযান-২ৰ অ’ৰ্বিটাৰত লাগি থকা অপ্টিকেল হাই ৰিজ্যুলিউশ্যন কেমেৰাই বিক্ৰম লেণ্ডাৰৰ ছবি লৈছিল আৰু ইছৰোৰ বিজ্ঞানীসকলে সেয়া পৰ্যবেক্ষণ কৰিছে।

লেণ্ডাৰ বিছিন্ন হোৱাৰ পৰাই ইছৰোৰ বিজ্ঞানীসকলে অৰ্বিটাৰৰ জৰিয়তে বিক্ৰম লেণ্ডাৰক বাৰ্তা পঠিওৱাৰ চেষ্টা চলাই আছে যাতে ইয়াৰ কমিউনিকেশ্যন চিষ্টেম অন কৰিব পৰা যায়।

Related News