NORTHEAST NOW (Assamese)

বিস্ফোৰণেৰে ই ভি এম কঢ়িওৱা হেলিকপ্তাৰ উৰুৱাই দিয়াৰ পৰিকল্পনা

April 30, 2019 10:48 am · এন ই নাও নিউজ
Updated: April 30, 2019 11:23 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

উত্তৰ-পূবত নিৰ্বাচনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত মুঠ ২৫ খন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ পাছত এতিয়া আৰম্ভ হৈছে ই ভি এম কেন্দ্ৰীক ৰাজনীতি।

দেওবাৰে নিশা তেজপুৰৰ ই ভি এম মেচিন গুৱাহাটীৰ আমিনগাঁৱলৈ লৈ অহাৰ বিতৰ্ক মাৰ নৌযাওতে অৰুণাচল প্ৰদেশত চৰ্চিত হৈছে ই ভি এম কেন্দ্ৰীক আন এটা বিতৰ্কই।

লগতে পঢ়ক:তেজপুৰৰ পৰা আমিনগাঁওলৈ নিশা কিয় কঢ়িয়াই অনা হ’ল ইভিএম? : প্ৰশ্ন কংগ্ৰেছৰ

তথ্যৰ পৰা লাভ কৰা খবৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ ১৭ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম মেচিন সমূহ হেলিকপ্তাৰেৰে কঢ়িয়াই নিব লগা হেলিকপ্তাৰ অবতৰণ কৰিবলগীয়া হেলিপেডত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়ঙত সংঘটিত হয় এই ঘটনা।

স্থানীয় নাগৰিকে অভিযোগ কৰা মতে ই ভি এম সমূহ বোমাৰে উৰুৱাই দিয়াৰ লক্ষ্যৰে বিস্ফোৰক পদৰ্থসমূহ হেলিপেডত স্থাপন কৰা হৈছিল। হেলিপেডত বিস্ফোৰক পদাৰ্থসমূহ উদ্ধাৰ হোৱাৰ পাছতে উত্তেজিত জনতাই কুৰুং কুমে জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি ঘটনাৰ তদন্তৰ দাবী জনাই।

উল্লেখোযগ্য যে, অসমত শনিবাৰে নিশা তেজপুৰৰ পৰা গুৱাহাটীৰ আমিনগাঁৱলৈ কোনো ৰাৰজনৈতিক দলক অবগত নকৰাকৈ ই ভি এম  অনাক কেন্দ্ৰ কৰি কংগ্ৰেছে শাসক বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক অভিযোগ দি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল।

:

Related News