• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাওঁ-গণতান্ত্ৰিক শিবিৰৰ নিষ্ঠাৱান কৰ্মী, এল ডি পি নেত্ৰী জিণ্টী গগৈৰ অকাল, আকস্মিক বিয়োগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 24, 2019 7:34 pm
LDP, Assam's GS Jinti Gogoi dies

জিণ্টী গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ এগৰাকী আগশাৰীৰ নেত্ৰী, ৰাজ্যৰ বাওঁপন্থী চিন্তাধাৰাক আগুৱাই নিয়াৰ বাবে দীৰ্ঘদিনে অক্লান্ত প্ৰয়াস কৰি যোৱা, লিবাৰেল ডে’মক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদিকা জিন্টী গগৈয়ে মঙলবাৰে নিশা আকস্মিক মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ।

গুৱাহাটীৰ গান্ধীবস্তিৰ ভাৰাঘৰত শেষ নিশ্বাস ত্যাগ কৰা গগৈৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও তেওঁ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত ভুগি থকা হেতুকে ৰক্তচাপজনিত কাৰণতেই তেওঁৰ বিয়োগ ঘটা বুলি সন্দেহ কৰা হৈছে।

Apply Now

বুধবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ পাছত তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। তাতেই যথেষ্ঠসংখ্যক সতীৰ্থ, গুণমুগ্ধ আৰু আত্মীয়ৰ উপস্থিতিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰয়াত গগৈ আছিল এগৰাকী সমাজ সচেতন, প্ৰগতিবাদী ৰাজনৈতিক নেত্ৰী। জিন্টী গগৈয়ে ২০১১ চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ সংগঠনটোৰ জনস্বাৰ্থ সুৰক্ষা গৱেষণা গোটৰ মুখ্য দায়িত্ব গ্ৰহণ কৰিছিল।

LDP, Assam's GS Jinti Gogoi dies
জিণ্টী গগৈৰ নশ্বৰ দেহ।

নাৰী মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁৰ উল্লেখযোগ্য ভূমিকা আছিল। ইয়াৰ পাছত জিন্টী গগৈয়ে আম আদমি পাৰ্টিৰ ৰাজ্যিক স্তৰৰ দায়িত্ব বহন কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিল।

পৰৱৰ্তী সময়ত তেওঁ লিবাৰেল ডে’মক্ৰেটিক পাৰ্টি (এল ডি পি)ত যোগদান কৰে। মৃত্যুৰ সময়লৈকে তেওঁ দলটোৰ সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

তেওঁ বাওঁপন্থী গণতান্ত্ৰিক দল-সংগঠনসমূহৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল। ৰাজ্যত উত্থান ঘটা সাম্প্ৰদায়িক বিভাজনমুখী শক্তিসমূহৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰা নেত্ৰীগৰাকীয়ে বাওঁ-গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিসমূহৰ ঐক্যৰ পোষকতা কৰিছিল।

বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমৰ সৈতেও তেওঁ ওতপ্ৰোতভাৱে জড়িত আছিল।

স্বাধীনচিতিয়া, নিৰ্ভীক আৰু দৃঢ়মনা জিন্টী গগৈয়ে তেওঁৰ যোৰহাটৰ মৰিয়নিৰ নিজা ঘৰ এৰি দুই কন্যা সন্তানৰ সৈতে গুৱাহাটীত আছিল।

গুৱাহাটীত ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল চলোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজ সেৱাত ব্ৰতী হৈছিল।

অতি সৎ আৰু সৰল মনৰ অধিকাৰী জিন্টী গগৈৰ অকাল মৃত্যুত লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ উপৰিও বাওঁ গণতান্ত্ৰিক মঞ্চ অসম, চি পি আই (এম), চি পি আই, অসম সংগ্ৰামী মঞ্চ, আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক শাখা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত জিন্টী গগৈয়ে তেওঁৰ স্বামী, দুই কন্যা আৰু শাহুৱেকক এৰি যায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd