• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে বক্তৃতা ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2021 6:59 pm
Lecture on Mahapurush Shrimant Shankardeva at University of America by Dr° Sanjeev Kumar Barkakati
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ “ৰাটৰ্গাচ বিশ্ববিদ্যালয়”ত বিশিষ্ট গৱেষক তথা শংকৰদেৱ সম্পৰ্কীয় বহু গ্ৰন্থৰ প্ৰণেতা ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ এক বক্তৃতা অনুষ্ঠান হৈ যায়।

বক্তৃতা অনুষ্ঠানটোৰ শিৰোনাম আছিল “শ্ৰীমন্ত শংকৰদেৱ – দ্যা পলিমেথ ফ্ৰম ইণ্ডিয়া”। আমেৰিকাৰ ৰাটৰ্গাচ বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়া অধ্যয়ন কেন্দ্ৰই আয়োজন কৰিছিল অনুষ্ঠানটো। নামঘৰ এছ’চিয়েশ্যন অৱ আমেৰিকাই ইয়াৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল।

অধ্যয়ন কেন্দ্ৰটোৰ অন্তৰ্ৱতী সঞ্চালক ড° জুলিয়া ষ্টিফেনচে ড° বৰকাকতি তথা শ্ৰুতাসকলক আদৰণি জনায়। কেন্দ্ৰটোৰ এজন কাৰ্যনিৰ্বাহক সদস্য তথা ৰাটৰ্গাচ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ ভূঞাই ড° বৰকাকতিৰ সংক্ষিপ্ত পৰিচয় আগবঢ়ায়।

ড° বৰকাকতিয়ে শ্ৰীমন্ত শংকৰদেৱে কৰা সমাজ সংস্কাৰ মূলক কাৰ্যসমূহৰ বৰ্ণনাৰে তেওঁৰ বক্তৃতা আৰম্ভ কৰে। তেওঁ কয় যে মহাপুৰুষজনাই বৰ্ণ বৈষম্য আৰু শ্ৰেণী বৈষম্য দুয়োটাই দূৰ কৰিছিল। তেওঁ শংকৰদেৱৰ শৈক্ষিক কাৰ্যৱলীৰ বিষদ বিশ্লেষণ আগবঢ়াই কয় যে মহাপুৰুষ জনাই মহিলা আৰু নিম্ন বৰ্গৰ লোক সকলক শিক্ষিত কৰি তোলাৰ ওপৰত গুৰুত্ব দিছিল।

Apply Now

তেওঁ মহাপুৰুষ জনাক বুদ্ধৰ সৈতে তুলনা কৰি কয় যে বুদ্ধৰ দৰেই শংকৰদেৱে ৰাজকীয় ক্ষমতা ত্যাগ কৰিছিল। ড° বৰকাকতিয়ে থান -সত্ৰ অনুষ্ঠানটোৰ বিষয়ে বিস্তৃতভাবে বাখ্যা কৰে আৰু ইয়াৰ বহুমুখী দিশটোৰ বিষয়ে কয়।

তেওঁ চীনৰ ‘কমিওন’ আৰু ইজৰাইলৰ ‘কিব্বুজ’ৰ সৈতে ইয়াৰ তুলনা কৰে। থান-সত্ৰৰ কেন্দ্ৰবিন্দু কীৰ্তনঘৰৰ স্থাপত্যশৈলীৰ বিষয়েও তেওঁ আলোচনা কৰে।

তেওঁ অনলাইন বক্তৃতাটোত কীৰ্তনঘৰ আৰু গুৰুজনাৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰি কি দৰে বৰ্ণ লিংগ নিবিৰ্শেষে সকলোৱে সমানে তালৈ আহিব পাৰে সেই বিষয়ে কয় তেওঁ কীৰ্তনঘৰত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ বৰ্ণনা দি ভাওনাৰ বিষয়েও বাখ্যা কৰে। তেওঁ ভাওনাত ব্যৱহৃত আহাৰ্যৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰে।

ড° বৰকাকতিয়ে সাঁচিপাত প্ৰস্তুত কৰা কৌশল আৰু শংকৰী শৈলীৰে তাত চিত্ৰ অঁকাৰ বিষয়েও কয় । তেওঁ কয় যে শংকৰদেৱে যি উন্নত পদ্ধতিৰে ‘মহী’ উদ্ভাৱন কৰিছিল তাৰ ফলশ্ৰুতিত সত্ৰীয়া পৰম্পৰাগত সাঁচিপাত সমূহ এতিয়াও শ শ বছৰ ধৰি নষ্ট নোহোৱাকৈ আছে। তেওঁ সত্ৰীয়া নৃত্যৰ আলোকচিত্ৰ দেখুৱাই কি দৰে চিহ্নযাত্ৰাৰ লগে লগে ইয়াৰ সৃষ্টি হৈছিল সেই বিষয়েও উল্লেখ কৰে।

গুৰুজনাই সৃষ্টি কৰা খোল বাদ্যও তেওঁ প্ৰদৰ্শন কৰে । ড° বৰকাকতিয়ে তেওঁৰ ভাষণত শংকৰদেৱে সৃষ্টি কৰা পঁচিশটা ৰাগ সম্পৰ্কে বৰ্ণনা কৰে।

তদুপৰি বৰগীত,সত্ৰীয়া নৃত্য আৰু অঙ্কীয়া নাটে কি দৰে সাংস্কৃতিক বিশেষজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে সেই বিষয়েও বাখ্যা কৰে। অধ্যয়ন কেন্দ্ৰৰ অন্তৰ্ৱতী সঞ্চালক ড°ষ্টিফেনচে বক্তৃতানুষ্ঠানটোৰ আঁত ধৰে আৰু ড° ভূঞাই শলাগৰ শৰাই আগবঢ়াই। অনুষ্ঠানটোত আমেৰিকাৰ নামঘৰ এছ’চিয়েশ্যনৰ সভাপতি ড° বিনয় কুমাৰ বৰদলৈ উপস্থিত থাকে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd