শুকুৰবাৰে ৰাতিপুৱা ডিব্ৰুগড়ৰ বকুল চাহ বাগিচাত এটা পূৰ্ণ-বয়স্ক মতা নাহৰফুটুকী বাঘক পিঞ্জৰাবদ্ধ কৰা হৈছে। নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ পিছত বকুল চাহ বাগিচাৰ স্থানীয় বাসিন্দাসকলে নাহৰফুটুকী বাঘটো চাবলৈ ব্যাপক ভিৰ কৰে। বাঘটোৱে যোৱা কেইবামাহ ধৰি চাহ বাগিচাখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
চাহ বাগিচাখনৰ এজন স্থানীয় বাসিন্দাই কয়, “আমি সুখী কিয়নো আজি বাঘটো বন্দী হৈছে। আমি যোৱা কেইদিনমানৰ পৰা বিনিদ্ৰ নিশা পাৰ কৰি আহিছো কিয়নো জন্তুটো চাহ বাগিচাৰ ওচৰত দেখা গৈছিল আৰু সি আমাৰ সৰু ল’ৰা-ছোৱালী তথা আমাৰ পোহনীয়া জন্তুক লক্ষ্য কৰিব পাৰে বুলি আমি ভয় খাইছিলো।‘’
লগতে পঢ়ক: গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নাবালিকাসহ ৪জন নিহত
ইপিনে, ডিব্ৰুগড় ৰেঞ্জৰ বন বিষয়াসকলে চিকিৎসাৰ বাবে নাহৰফুটুকী বাঘটো লৈ যায়। এগৰাকী বন বিষয়াই কয়, “চাহ বাগিচাৰ স্থানীয় বাসিন্দাসকলে আমাক চাহ বাগিচাখনত বাঘটো দেখা পোৱা বুলি অভিযোগ কৰিছিল। আমি বকুল চাহ বাগানখনত এটা লোহাৰ পিঞ্জৰা ৰাখিছিলো আৰু আজি জন্তুটো অৱশেষত আমাৰ ফান্দত পৰিল।”
চাহ বাগিচা অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণৰ ফলত অসমৰ চাহ বাগিচাত মানুহ-জন্তুৰ সংঘাত বাঢ়ি আহিছে।
লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
বন বিষয়াগৰাকীয়ে কয় “যোৱা এবছৰত আমি ডিব্ৰুগড়ৰ চাহ বাগিচা অঞ্চলৰ পৰা বহুতো নাহৰফুটুকী বাঘক সফলতাৰে আৱদ্ধ কৰিছো আৰু পিছত সেইবোৰ বনাঞ্চলত এৰি দিছো। নাহৰফুটুকী বাঘ খাদ্যৰ সন্ধানত বনৰ পৰা ওলাই আহে আৰু মানুহৰ বসতিত প্ৰৱেশ কৰাৰ ফলত সংঘাতৰ সৃষ্টি হয়।‘’