অপৰাজেয় আৰ্জেণ্টিনা। ধাৰাবাহিক জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি বুধবাৰে ৱেম্বলীত ইউৰো জয়ী ইটালীক ধৰাশয়ী কৰি ফিনালিজিমাত বিজয়ধ্বজা উৰুৱালে কোপা আমেৰিকা চেম্পিয়ন আৰ্জেণ্টিনাই। সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিৰ চমৎকাৰী প্ৰদৰ্শনৰ লগতে দলৰ প্ৰতিজন খেলুৱৈৰ সক্ৰিয় অংশগ্ৰহণৰ সুবাদত আৰ্জেণ্টিনাই ইউৰোপীয় চেম্পিয়ন ইটালীক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।
এইদৰে আৰ্জেণ্টিনাই নিজৰ জয়ৰ ধাৰা ৩২ খন মেচলৈ বৃদ্ধি কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে দখল কৰে ফিনালিজিমা। অৱশ্যে ১৯৯৩ চনত দলটোৰ এই খিতাপ জয়ৰ সময়ত প্ৰতিযোগিতাখনৰ নাম “আৰ্টেমিঅ’ ফ্ৰাঞ্চি কাপ”।
মেচখনত আৰ্জেণ্টিনাৰ হৈ লুটাৰ’ মাৰ্টিনেজ, ডি মাৰিয়া আৰু পাওলো ডিবালাই এটাকৈ গল স্ক’ৰ কৰে। আনহাতে দলৰ অধিনায়ক মেছিয়ে দুটাকৈ গলৰ ক্ষেত্ৰত নিৰ্ণায়ক পাছ দি দলৰ জয়ত মুখ্য ভূমিকা লয়।
মেচখনৰ প্ৰথমাৰ্ধৰ ২৮ মিনিটত আৰ্জেণ্টিনাই প্ৰথমটো সফলতা পায়। ইটালীৰ গলবক্সৰ ভিতৰত বাওঁফালৰ পৰা মেছিয়ে আগবঢ়াই দিয়া পাছ নেটলৈ ঠেলি দলক অগ্ৰগতি প্ৰদান কৰে মাৰ্টিনেজে।
প্ৰথমাৰ্ধৰ ষ্টপেজ-টাইমত মাৰ্টিনেজে ইটালীৰ ডিফেঞ্চৰ মাজেৰে গলবক্সলৈ সোমোৱাই দিয়া এটা পাছত চতুৰতাৰে গলৰক্ষক ড’নাৰুমাক পৰাভূত কৰি দ্বিতীয়টো গলৰ সোৱাদ দিয়ে ডি মাৰিয়াই।
ইয়াৰ পিছতো ইটালীৰ গলবক্সত আৰ্জেণ্টিনাই নিৰন্তৰ হেঁচা দিয়ে যদিও ইটালীৰ গলৰক্ষকৰ ড’নাৰুমাই নিপুণতাৰে এই আক্ৰমণ প্ৰতিহত কৰে।
অৱশেষত ষ্টপেজ-টাইমত সোঁফালৰ পৰা অহা মেছিৰ এটা নিৰ্ণায়ক পাছত ডিবালাই বল নেটলৈ ঠেলি দলক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰাৰ লগতে জয় নিশ্চিত কৰে।
খেলখনত চমকপ্ৰদ প্ৰদৰ্শনেৰে আৰ্জেণ্টিনাৰ জয়ৰ ভেঁটি গঢ়া মেছি খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। উল্লেখ্য যে ২০২১ ত কোপা আমেৰিকা জয়ৰ পিছত মেছিৰ কেৰিয়াৰত এইয়া দ্বিতীয়টো আন্ত:ৰাষ্ট্ৰীয় খিতাপ।
আৰ্জেণ্টিনাৰ এই ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলটোক কাটাৰ বিশ্বকাপৰ সম্ভাৱ্য বিজয়ীৰ তালিকাত ৰখা হৈছে। ইতিমধ্যে আৰ্জেণ্টিনাই কাটাৰলৈ যোগ্যতা অৰ্জন কৰিছে।
আনহাতে ইউৰো জয়ৰ পিছতে ছন্দ হেৰুৱাই পেলোৱা ইটালীৰ শেহতীয়া প্ৰদৰ্শন অতি নিৰাশাজনক। শেহতীয়া দহখন খেলৰ তিনিখনতহে জয়ৰ মুখ দেখিছে দলটোৱে। এই নিষ্প্ৰভ প্ৰদৰ্শনৰ মাজতে কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হৈছে দলটো।