• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱেম্বলীত মেছিৰ চমক: ইটালীক ধৰাশয়ী কৰি ফিনালিজিমাত আৰ্জেণ্টিনাৰ শ্ৰেষ্ঠত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2022 12:52 pm
Argentina vs Italy Finalissima
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপৰাজেয় আৰ্জেণ্টিনা। ধাৰাবাহিক জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি বুধবাৰে ৱেম্বলীত ইউৰো জয়ী ইটালীক ধৰাশয়ী কৰি ফিনালিজিমাত বিজয়ধ্বজা উৰুৱালে কোপা আমেৰিকা চেম্পিয়ন আৰ্জেণ্টিনাই। সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিৰ চমৎকাৰী প্ৰদৰ্শনৰ লগতে দলৰ প্ৰতিজন খেলুৱৈৰ সক্ৰিয় অংশগ্ৰহণৰ সুবাদত আৰ্জেণ্টিনাই ইউৰোপীয় চেম্পিয়ন ইটালীক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।

এইদৰে আৰ্জেণ্টিনাই নিজৰ জয়ৰ ধাৰা ৩২ খন মেচলৈ বৃদ্ধি কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে দখল কৰে ফিনালিজিমা। অৱশ্যে ১৯৯৩ চনত দলটোৰ এই খিতাপ জয়ৰ সময়ত প্ৰতিযোগিতাখনৰ নাম “আৰ্টেমিঅ’ ফ্ৰাঞ্চি কাপ”।

Apply Now

মেচখনত আৰ্জেণ্টিনাৰ হৈ লুটাৰ’ মাৰ্টিনেজ, ডি মাৰিয়া আৰু পাওলো ডিবালাই এটাকৈ গল স্ক’ৰ কৰে। আনহাতে দলৰ অধিনায়ক মেছিয়ে দুটাকৈ গলৰ ক্ষেত্ৰত নিৰ্ণায়ক পাছ দি দলৰ জয়ত মুখ্য ভূমিকা লয়।

মেচখনৰ প্ৰথমাৰ্ধৰ ২৮ মিনিটত আৰ্জেণ্টিনাই প্ৰথমটো সফলতা পায়। ইটালীৰ গলবক্সৰ ভিতৰত বাওঁফালৰ পৰা মেছিয়ে আগবঢ়াই দিয়া পাছ নেটলৈ ঠেলি দলক অগ্ৰগতি প্ৰদান কৰে মাৰ্টিনেজে।

প্ৰথমাৰ্ধৰ ষ্টপেজ-টাইমত মাৰ্টিনেজে ইটালীৰ ডিফেঞ্চৰ মাজেৰে গলবক্সলৈ সোমোৱাই দিয়া এটা পাছত চতুৰতাৰে গলৰক্ষক ড’নাৰুমাক পৰাভূত কৰি দ্বিতীয়টো গলৰ সোৱাদ দিয়ে ডি মাৰিয়াই।

ইয়াৰ পিছতো ইটালীৰ গলবক্সত আৰ্জেণ্টিনাই নিৰন্তৰ হেঁচা দিয়ে যদিও ইটালীৰ গলৰক্ষকৰ ড’নাৰুমাই নিপুণতাৰে এই আক্ৰমণ প্ৰতিহত কৰে।

অৱশেষত ষ্টপেজ-টাইমত সোঁফালৰ পৰা অহা মেছিৰ এটা নিৰ্ণায়ক পাছত ডিবালাই বল নেটলৈ ঠেলি দলক ৩-০ ৰ অগ্ৰগতি প্ৰদান কৰাৰ লগতে জয় নিশ্চিত কৰে।

খেলখনত চমকপ্ৰদ প্ৰদৰ্শনেৰে আৰ্জেণ্টিনাৰ জয়ৰ ভেঁটি গঢ়া মেছি খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। উল্লেখ্য যে ২০২১ ত কোপা আমেৰিকা জয়ৰ পিছত মেছিৰ কেৰিয়াৰত এইয়া দ্বিতীয়টো আন্ত:ৰাষ্ট্ৰীয় খিতাপ।

আৰ্জেণ্টিনাৰ এই ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলটোক কাটাৰ বিশ্বকাপৰ সম্ভাৱ্য বিজয়ীৰ তালিকাত ৰখা হৈছে। ইতিমধ্যে আৰ্জেণ্টিনাই কাটাৰলৈ যোগ্যতা অৰ্জন কৰিছে।

আনহাতে ইউৰো জয়ৰ পিছতে ছন্দ হেৰুৱাই পেলোৱা ইটালীৰ শেহতীয়া প্ৰদৰ্শন অতি নিৰাশাজনক। শেহতীয়া দহখন খেলৰ তিনিখনতহে জয়ৰ মুখ দেখিছে দলটোৱে। এই নিষ্প্ৰভ প্ৰদৰ্শনৰ মাজতে কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হৈছে দলটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd