নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ ড্ৰাগছমুক্ত তামিলনাডু গঢ়িব। চন্দ্ৰশেখৰ জোচেফ বিজয়ে মুখ্যমন্ত্ৰীৰ চকীত বহাৰ লগে লগে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে কঠোৰ স্থিতি আৰম্ভ কৰিছে।
তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ চকীত বহি তেওঁ ঘোষণা কৰে যে তাত মন্দিৰ, বিদ্যালয় আৰু বাছ ষ্টেণ্ডৰ পৰা ৫০০ মিটাৰৰ ভিতৰত থকা সকলো চৰকাৰী সুৰাৰ দোকান তৎক্ষণাত বন্ধ কৰি দিয়া হ’ব। এতিয়া তেওঁ ঘোষণা কৰিছে যে ২১ বছৰৰ তলৰ লোকক সুৰা কিনিবলৈ দিয়া নহ’ব। সুৰা ক্ৰেতাৰ বয়স পৰীক্ষা কৰিব লাগিব।
ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তামিলনাডু ৰাজ্যিক বিপণন নিগমৰ বাবে বিজয়ৰ প্ৰশাসনে নতুন নিৰ্দেশনা জাৰি কৰিছে। বৃহস্পতিবাৰে নিৰ্দেশ দিয়া হয় যে ২১ বছৰৰ তলৰ বয়সৰ লোকে মদ্যপান কৰাটো অবৈধ। সেয়ে ২১ বছৰৰ তলৰ সকলক সুৰা ক্ৰয় কৰিবলৈ দিয়া নহ’ব।
সুৰা বিক্ৰেতাসকলক আধাৰ কাৰ্ড চাই ক্ৰেতাৰ বয়স আৰু পৰিচয় পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সুৰা সেৱন ৰোধৰ বাবে আৰু কেইবাটাও পদক্ষেপ ল’ব পাৰে বিজয়ৰ চৰকাৰে। ইয়াৰে এটা হ’ল সুৰাৰ দোকান খোলাৰ সময় হ্ৰাস কৰা। তামিলনাডু ৰাজ্যিক বিপণন নিগমৰ আউটলেটসমূহ বৰ্তমান দিনৰ ১২ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকে। তামিলনাডু চৰকাৰে সেই সময় ২ ঘন্টা হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে।
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীৰ চকীত বহি বিজয়ে পূজাস্থলী, শিক্ষানুষ্ঠান, বাছ ষ্টপেজ আদিৰ পৰা ৫০০ মিটাৰৰ ভিতৰৰ সকলো সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই চৰকাৰী আদেশ অহা ২ সপ্তাহৰ ভিতৰত কাৰ্যকৰী হ’ব। ফলত কমেও ৭১৭ খন সুৰাৰ দোকান বন্ধ থাকিব।
মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছত বিজয় চৰকাৰৰ এয়া প্রথম সামাজিক সংস্কাৰৰ পদক্ষেপ৷ বহু তামিল অভিনেতা-পৰিচালকে বিজয়ৰ এই পদক্ষেপক আদৰণি জনাইছে। এইবাৰ ২১ বছৰৰ তলৰ মদ্যপান ৰোধৰ বাবে থালাপতিয়ে উদ্যোগ লৈছে।
প্ৰসংগক্ৰমে বৃহস্পতিবাৰে বিজয়ে তামিলনাডু চৰকাৰী কৰ্মচাৰীৰ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰে। সম্প্ৰতি তামিলভুমৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰে ৫৮ শতাংশ মৰগীয়া বানচ। সেয়া এইবাৰ ৬০ শতাংশলৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব নতুন মৰগীয়া বানচ।
কেৱল ডি এ বৃদ্ধিয়েই নহয়, মহিলাৰ বাবে ১০০০ টকাৰ মাহিলী ভাট্টা মে’ৰ কিস্তিও অতি সোনকালে পোৱা যাব বুলি আশ্বাস দিছে বিজয়ে। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী হিচাপে বিজয়ে ইটোৰ পিছত সিটোকৈ জনস্বাৰ্থৰ পদক্ষেপ লৈছে। ফলত কেৱল তামিলনাডুতে নহয়, সমগ্ৰ দেশতে বিজয়ৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।





