৯-৪৮:ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই তেওঁৰ পদত্যাগ পত্ৰ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছে।
৯-৪৭বজাত:কমলপুৰত বিজেপিৰ দিগন্ত কলিতা বিজয়ী হৈছে।
৯-৪৬বজাত:বৰক্ষেত্ৰী সমষ্টিত ৭ টাকৈ ইভিএমত বিসংগতি ঘটিছে।কংগ্ৰেছৰ প্ৰাৰ্থী দিগন্ত বৰ্মণ আগবাঢ়ি আছে।
৯-৪৫বজাত:নাজিৰাত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া বিজয়ী হৈছে।
৯-৪৪বজাত:মঙলদৈত কংগ্ৰেছৰ বসন্ত দাস বিজয়ী হৈছে।
৯-৪৩বজাত:নাওবৈচাত বিজয়ী হৈছে কংগ্ৰেছৰ ভৰত নৰহ।
৯-৪২বজাত:ধৰ্মপুৰত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী বিজয়ী হৈছে।
৯-৪১বজাত:মঙলদৈত কংগ্ৰেছৰ বসন্ত দাস বিজয়ী হৈছে।
৮-৫৭বজাত: ভৱানীপুৰ সমষ্টিত এআইইউডিএফৰ ফণী তালুকদাৰ বিজয়ী।
৮-৫০বজাত:হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত উপস্থিত বহু কেইগৰাকী নৱ নিৰ্বাচিত বিজেপি বিধায়ক।মুখ্যমন্ত্ৰীকেন্দ্ৰিক আলোচনা হ’ব পাৰে বুলি বহুতৰে সন্দেহ।
৮-৪০বজাত:ৰহাত কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত দাসৰ জয়।
৮-২০বজাত:বাক্সাৰ তিনিটা সমষ্টিতে বিজয়ী ইউ পি পি এল দলৰ প্ৰাৰ্থী।
৮-১৮বজাত:টিয়কত অগপৰ ৰেণুপমা ৰাজখোৱাৰ জয়।
৮-১৫বজাত:তেজপুৰত অগপৰ পৃথ্বিৰাজ ৰাভাৰ জয়।
৮-১৩বজাত:মৰাণত বিজেপিৰ চক্ৰধৰ গগৈৰ জয়।
৮-১২বজাত:সোণাৰীত বিজেপিৰ ধৰ্মেশ্বৰ বৰাৰ জয়।
৮-১১বজাত:ঢেকিয়াজুলীত বিজেপিৰ অশোক সিংঘালৰ জয়।
৮-০৮বজাত:মাহমৰাত বিজেপিৰ যোগেন মহনৰ জয়।
৮-০৮বজাত:চাবুৱাত অগপৰ পোনাকন বৰুৱাৰ বিজয়।
৮-০৯বজাত:বোকাজানত বিজেপিৰ নোমল বৰাৰ জয়।
৮-০৮বজাত:পানেৰীত বিজয়ী হৈছে বিজেপিৰ বিশ্বজিৎ দৈমাৰী।
৮-০৫বজাত:বঙাইগাঁৱত জয়ী হৈছে মন্ত্ৰী তথা অগপ নেতা ফণীভূষণ চৌধুৰী।
৮-০৪বজাত: বোকাখাত সমষ্টিত জয় সাৱস্ত্য কৰিছে অগপৰ সভাপতি অতুল বৰাই।
৮-০৩বজাত:বটদ্ৰৱাত বিজয়ী হৈছে কংগ্ৰেছৰ শিৱামণি বৰা।
৭-৫৩বজাত: বকোত বিজয়ী হৈছে নন্দিতা দাস(কংগ্ৰেছ)-১২০৪২০।নন্দিতা দাসে জয়লাভ কৰে -৫৩৪২০ টা ভোটত।
৭-৫২বজাত: পলাশবাৰী সমষ্টিত জয়ী হৈছে হেমাংগ ঠাকুৰীয়া (বিজেপি)।
বিজেপিৰ হেমাংগ ঠাকুৰীয়া জয়ী হয়- 39912 ভোটত
৭-৫১বজাত: ছয়গাঁৱত জয়ী হৈছে ৰেকিবুদ্দিন আহমেদ (কংগ্ৰেছ)। ৩৩৭৯২ টা ভোটত জয়লাভ কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে।
৭-৫০বজাত: অভয়াপুৰী দক্ষিণত কংগ্ৰেছৰ প্ৰদীপ সৰকাৰৰ জয়লাভ।
৭-৪৮বজাত: অভয়াপুৰী উত্তৰত কংগ্ৰেছৰ আব্দুল বাতেন খণ্ডকাৰৰ জয়লাভ।
৬-৩৯বজাত:ওদালগুৰিত ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ জয়লাভ।
৬-৩৭বজাত:ছিপাঝাৰ সমষ্টিত বিজেপিৰ পৰমানন্দ ৰাজবংশীৰ জয়লাভ।
৬-০৫বজাত:আমগুৰি সমষ্টিৰ পৰা অগপৰ প্ৰদীপ হাজৰিকা ৬০২৩ টা ভোটত জয়ী হৈছে ৷
৬-০৩ বজাত:চাপাগুৰি সমষ্টিৰ ইউপিপিএলৰ বিজয়ী প্ৰাৰ্থী ইউ জি ব্ৰহ্ম।
৬-০২ বজাত:তিনিচুকীয়াত বিজেপিৰ সঞ্জয় কিষাণৰ জয়।
৬-০১ বজাত:সৰুক্ষেত্ৰীত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ জয়।
৫-২৮ বজাত:জাগীৰোড সমষ্টিত বিজয়ী হৈছে বিজেপিৰ পিয়ুষ হাজৰিকা।
৫-২৮ বজাত: পাটাচাৰকুছি সমষ্টিত জয়ী হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
৫-১৮ বজাত:মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ।
৫-১৭ বজাত:ভৱানীপুৰ ৭ টা ইভিএমত বিসংগতি, ফলাফলত বিলম্ব হোৱাৰ আশংকা।
৫-১৬ বজাত:বটদ্ৰৱাত বিজেপিৰ আঙুৰলতা ডেকাৰ পৰাজয়।
৫-১৬ বজাত:হাজোত বিজেপিৰ সুমন হৰিপ্ৰিয়া বিজয়ী।
৫-১৪ বজাত: টিংখাঙত বিজেপিৰ বিমল বৰাৰ জয়।
৫-১৪ বজাত:জোনাইত বিজেপিৰ ভূৱন পেগুৰ জয়।
৫-১৩ বজাত:লখিমপুৰত বিজেপিৰ মানৱ ডেকাৰ জয়।
৫-১২বজাত:তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱাৰ জয়।
৫-১১বজাত:সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকনৰ জয়।
৫-১০বজাত:জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়। ১লাখ ১হাজাৰ ৯১১ টা ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মাৰ জয়।
৫-০৭ বজাত:মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰীৰ জয়লাভ।
৪-৫৬ বজাত:দেৰগাঁৱত অগপৰ ভৱেন ভৰালী বিজয়ী।
৪-৪৯ বজাত: শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ নিকটৱৰ্তী বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক পৰাজিত কৰি বিজয়ী।
৪-৪৭ বজাত: কোকৰাঝাৰ পশ্চিমত বিপিএফৰ ৰবিৰাম নাৰ্জাৰীৰ জয়।
৪-৪৫ বজাত: মাজুলীত ৩৬৫৭৩ টা ভোটত জয়ী সৰ্বানন্দ সোণোৱাল।
৪-৪২ বজাত: বিশ্বনাথত বিজেপিৰ প্ৰমোদ বৰঠাকুৰৰ ৮৯২৩ টা ভোটত জয়লাভ,বিজেপি ৭০৭০১,কংগ্ৰেছ ৬১৭২৩
৪-৪০বজাত: থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক প্ৰায় ২০৪৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
৪-৩০বজাত: বিজেপি মিত্ৰজোঁটে ৭২খন, কংগ্ৰেছ মহাজোঁটে ৫২ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৮খনত, কংগ্ৰেছে ২৯খনত, এআইইউডিএফে ১৭খন, অগপই ১০খন, ইউপিপিএলে ৫খনত, বিপিএফে ৪খন আসনত আগবাঢ়ি আছে।
৪-২৫বজাত: নাহৰকটীয়াত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈৰ পৰাজিত হৈছে। সমষ্টিটোত বিজেপিৰ তৰংগ গগৈ বিজয়ী হৈছে।
৪-১০বজাত: পৰাজয়ৰ সন্মুখীন হোৱা আগশাৰীৰ নেতাসকলৰ মাজত আছে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অজাপৰ উপ সভাপতি বিধায়ক পবীন্দ্ৰ ডেকা, বিপিএফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, অগপ নেতা কমলাকান্ত কলিতা, বিজেপিৰ নেত্ৰী আঙুৰলতা ডেকা অন্যতম।
৪-০০বজাত: আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জালুকবাৰী সমষ্টিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বিজয় নিশ্চিত।
৩-৫০বজাত: বিজেপি মিত্ৰজোঁটে ৭৩খন, কংগ্ৰেছ মহাজোঁটে ৫০ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ২৯খনত, এআইইউডিএফে ১৭খন, অগপই ১০খন, ইউপিপিএলে ৬খনত, বিপিএফে৩খন আসনত আগবাঢ়ি আছে।
৩-৪০বজাত: ৰাজ্যৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৈছে আৰু আনুষ্ঠানিক ঘোষণা বাকী আছে। নিশ্চিত বিজয়ৰ দিশে লাভ কৰা প্ৰাৰ্থীসকল হৈছে কোকৰাঝাৰ পূব সমষ্টিত ইউপিপিএলৰ লৰেন্স ইছলাৰী, বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, গোলাঘাটত বিজেপি প্ৰাৰ্থী অজন্তা নেওগ, বোকাখাতত অগপৰ সভাপতি অতুল বৰা, মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা, তেজপুৰত অগপৰ পৃথ্বীৰাজ ৰাভা, কলিয়াবৰত অগপৰ কেশৱ মহন্ত, ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকন, ঢেকীয়াজুলিত বিজেপিৰ অশোক সিংঘাল, মৰিয়নিত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মী, দক্ষিম শালমাৰাত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী।
৩-৩০বজাত: গুৱাহাটীৰ চাৰিওটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে। নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা, ধৰ্মপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অগ্ৰগতি লাভ কৰি আহিছে।
৩-২০বজাত: অগপৰ দুৰ্গ হিচাপে পৰিগণিত ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত পুনৰ চতুৰ্থ বাৰৰ বাবে বিজয় ধ্বজা উৰুৱালে অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই।
৩-১০বজাত: বিজেপি মিত্ৰজোঁটে ৭৩খন, কংগ্ৰেছ মহাজোঁটে ৫০ খন আৰু অন্যান্যই ৪খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ৩০খনত, এআইইউডিএফে ১৫খন, অগপই ১১খন, ইউপিপিএলে ৬খনত, বিপিএফে৩খন আসনত আগবাঢ়ি আছে।
২-৫৫বজাত: কোকৰাঝাৰ পূব সমষ্টিত বিপিএফৰ প্ৰাৰ্থী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ইউপিপিএলৰ লৰেন্স ইছলাৰীৰ হাতত পৰাজিত হৈছে।
২-৫০বজাত:আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিহালীত ২৯৪৮১ টা ভোটত ৰঞ্জিত দত্তৰ জয়লাভ।
২-৪৩বজাত: চতিয়া সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা বিজয়ী হৈছে। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী প্ৰানেশ্বৰ বসুমতাৰীক পৰাজিত কৰি বিজয়ী হয়।
২-৪০বজাত: বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৪৯ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৮খনত, কংগ্ৰেছে ৩১খনত, এআইইউডিএফে ১৫খন, অগপই ১০খন, ইউপিপিএলে ৭খনত, বিপিএফে২খন আসনত আগবাঢ়ি আছে।
২-৩৫বজাত: ৯৫ নং গোলাঘাট সমষ্টিত অজন্তা নেওগ ৯০৩৬ টা ভোটত জয়ী হৈছে যদিও এইপৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ৯০৩৬ টা ভোটত জয়ী হয় গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগ। অজন্তা নেওগে মুঠ ৮১৫৬৫টা ভোট লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াই লাভ কৰে ৭২৫২৯টা ভোট।
২-২৫বজাত: দ্বাদশ ৰাউণ্ডৰ শেষত অতুল বৰাই নিকটতম প্ৰতিদ্বন্দী প্ৰনৱ দলেতকৈ ৩৩,৮৬৮ টা ভোটত আগবাঢ়ি আছে৷
২-১৫বজাত: ১৩ আৰু ১৪ ৰাউণ্ডৰ অন্তত ৰেণুপমা ৰাজখোৱাই ১৫৮৩ ভোটত অগ্ৰগতি লাভ কৰিছে।
পোষ্টেল ভোট গনণা হোৱা নাই।
২-০৫বজাত: দশম ৰাউণ্ডৰ অন্তত বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তৰ ২৩২৪৫টা ভোটত অগ্ৰগতি লাভ কৰিছে। বিজেপি ৪২০৯১ টা লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৮৮৪৬টা ভোট।
২-০০বজাত: বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৪৮ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ৩১খনত, এআইইউডিএফে ১৪খন, অগপই ১০খন, ইউপিপিএলে ৮খনত, বিপিএফে২খন আৰু অজাপই এখন আসনত আগবাঢ়ি আছে।
১-৫৫বজাত: ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত ৯ম ৰাউণ্ডৰ অনন্ত অগপ প্ৰাৰ্থী কেশৱ মহন্তই বৃহৎ ২৩২৪২টা ভোটত অগ্ৰগতি লাভ কৰিছে। বৰ্তমান কেশৱ মহন্তই ৬৪৪৪১টা ভোট আৰু কংগ্ৰেছৰ প্ৰশান্ত কুমাৰ শইকীয়াই ৪১১৯৯টা ভোট লাভ কৰিছে।
১-৫০বজাত: তৃতীয় ৰাউণ্ডৰ শেষত অতুল বৰাই নিকটতম প্ৰতিদ্বন্দি প্ৰনৱ দলেতকৈ ২৯,৫৫৮ টা ভোটত আগবাঢ়ি আছে ৷
১-৪৫বজাত: এঘাৰ ৰাউণ্ডৰ পাছত টীয়কত ১৩৯৩টা ভোটত অগপ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাই অগ্ৰগতি লাভ কৰিছে।কংগ্ৰেছৰ পল্লৱী গগৈয়ে লাভ কৰিছে ৩৫৯৯৪ টা ভোট আৰু ৰেনুপমা ৰাজখোৱাই লাভ কৰিছে ৩৭৩৮৭টা ভোট।
১-৩০বজাত: বিজেপি মিত্ৰজোঁটে ৭৬খন, কংগ্ৰেছ মহাজোঁটে ৪৭ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ৩০খনত, এআইইউডিএফে ১৪খন, অগপই ১১খন, ইউপিপিএলে ৮খনত, বিপিএফে২খন আৰু অজাপই এখন আসনত আগবাঢ়ি আছে।
১২-৫০বজাত: অষ্টম ৰাউণ্ডৰ অন্তত বোকাখাতত বৃহৎ অগ্ৰগতি লাভ কৰিছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। অষ্টম ৰাউণ্ডত প্ৰথম স্থানত অতুল বৰা, অগপ ৪২৪৬ টা ভোট, দ্বিতীয় স্থানত প্ৰনৱ দলে, নিৰ্দলীয় / মহাজোঁট ১৮১১টা ভোট, তৃতীয় স্থানত জীৱন চন্দ্ৰ বৰা, নিৰ্দলীয় / ৰাইজৰ দল ২২১টা ভোট আৰু চতুৰ্থ স্থানত জিতেন গগৈ, নিৰ্দলীয় ৯৩৭ টা ভোট লাভ কৰিছে। তৃতীয় ৰাউণ্ডৰ শেষত অতুল বৰাই নিকটতম প্ৰতিদ্বন্দ্বী প্ৰনৱ দলেতকৈ ২২,২৯১ টা ভোটত আগবাঢ়ি আছে ৷
১২-৪৫বজাত: চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত পানেৰী সমষ্টিত বিপিএফে ৫২০টা ভোটত আগবাঢ়ি আছে। বিপিএফে ১৩,৯০৬টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ১৩,৩৮৬টা ভোট। ওদালগুৰি সমষ্টিত ইউপিপিএলে ২৮৯টা ভোটত আগবাঢ়ি আছে। ইউপিপিএলে ১৪,৮৭৮টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফে লাভ কৰিছে ১৪,৫৮০টা ভোট। আনহাতে, মাজবাটত বিজেপিয়ে ২৯৬০টা ভোটত আগবাঢ়ি আছে। সমষ্টিটোত বিজেপিয়ে লাভ কৰিছে ১১,৬৯৪টা ভোট। বিপিএফে ৮,৭৩৪টা আৰু ইউপিপিএলে লাভ কৰিছে ৬,৩২৯টা ভোট।
১২-৩৮ বজাত: মাহমৰা সমষ্টিত বিজেপিৰ যোগেন মহন, সোণাৰীত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰ আগবাঢ়ি আছে।
১২-৩০বজাত: পঞ্চম ৰাউণ্ডৰ অন্তত থাওৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইতকৈ ৫৯৩ টা ভোটত পিছ পৰি আছে। নাজিৰাত ৪ নং ৰাউণ্ডৰ অন্তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াই ৪৯০ টা ভোটত আগবাঢ়ি আছে ৷ চতুৰ্থ ৰাউণ্ডৰ শেষত শিৱসাগৰত অখিল গগৈয়ে ১৩১৬৫ টা ভোট, সুৰভি ৰাজকুৱৰীয়ে ১১৭৯৪ টা ভোট আৰু শুভ্ৰমিত্ৰ গগৈয়ে ৩৮৭৭ টা ভোট লাভ কৰিছে। তৃতীয় ৰাউণ্ডৰ শেষত আমগুৰিত প্ৰায় ১০০০ ভোটত অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আগবাঢ়ি আছে।
১২-১০বজাত: তৃতীয় ৰাউণ্ডৰ গণনাৰ অন্তত চাপাগুৰি সমষ্টিত বিপিএফে লাভ কৰিছে ৬২৯১ভোট আৰু ইউপিপিএলে লাভ কৰিছে ১২৪৬৪টা ভোট। সমষ্টিটোত ৰাইজৰ দলে লাভ কৰিছে ২১৮৫টা ভোট। সেইদৰে, তামুলপুৰ সমষ্টিত বিপিএফে লাভ কৰিছে ৭৪৫৪টা ভোট, ইউপিপিএলে লাভ কৰিছে ১০৮৫৯টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী কেশৱ ৰাজবংশীয়ে লাভ কৰিছে ১২৬৬টা ভোট। আনহাতে, বৰমা সমষ্টিত বিপিএফে লাভ কৰিছে ৬৬০৭টা ভোট,ইউপিপিএলে লাভ কৰিছে ১০৯৯৭টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই লাভ কৰিছে ৩৮৫৪টা ভোট।
১১-৫৫বজাত: বিজেপি মিত্ৰজোঁটে ৮১খন, কংগ্ৰেছ মহাজোঁটে ৪৩ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৬২খনত, কংগ্ৰেছে ২৫খনত, এআইইউডিএফে ১৩খন, অগপই ১৩খন, ইউপিপিএলে ৬খনত, বিপিএফে ৪খন আসনত আগবাঢ়ি আছে।
১১-৫০বজাত: প্ৰথম ৰাউণ্ডৰ অন্তত মৰানত বিজেপিৰ চক্ৰধৰ গগৈয়ে ৬১৩১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰে ২২১৪টা ভোট। ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনে ৪৭৩৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰাজকুমাৰ নীলনেত্ৰ নেওগে লাভ কৰিছে ৩৮৪৬টা ভোট। লাহোৱাল বিজেপিৰ বিনোদ হাজৰিকাই ৫৭৫৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মনোজ ধানোৱাৰে লাভ কৰিছে ৩৫৮৯টা ভোট। দুলীয়াজানত বিজেপিৰ তেৰছ গোৱালাই ৪৫৬৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি গগৈয়ে লাভ কৰিছে ৪৮৭৭টা ভোট। সমষ্টিটোত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে লাভ কৰিছে ১২৪১টা ভোট।ইপিনে, টিংখাংত বিজেপিৰ বিমল বৰাই ৬৪০১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ এটোৱা মুণ্ডাই ৭০৬০টা ভোট লাভ কৰিছে। সেইদৰে, নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈয়ে ১৭৭২ টা ভোট, কংগ্ৰেছৰ প্ৰনতি ফুকনে ৮৮৪টা ভোট, অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে ৭১২টাভোট আৰু অগপৰ নৰেন সোণোৱালে ২৭৩টা ভোট লাভ কৰিছে। আনহাতে, চাবুৱাত অগপৰ পোনাকন বৰুৱাই ৫০৪৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ অজয় ফুকনে লাব কৰিছে ৩৩৪৮টা ভোট।
১১-৩৫বজাত: মঙলদৈ সমষ্টিত বিজেপিৰ গুৰুজ্যোতি দাস ১৪৮৮৮টা ভোটত আগবাঢ়ি আছে। ছিপাঝাৰত বিজেপিৰ পৰমানন্দ ৰাজবংশী ৫৭৬৩টা ভোটত আগবাঢ়ি আছে। সেইদৰে, কলাইগাঁওত বিজেপিৰ মধুৰাম ডেকা ৫৩১১টা ভোটত আগবাঢ়ি আছে। আনহাতে, দলগাঁৱ সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে ১১৯২৯টা ভোটত আগবাঢ়ি আছে।
১১-৩০বজাত: জালুকবাৰী সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৪৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰিছে ৯০২০টা ভোট। আনহাতে, পশ্চিম গুৱাহাটীত অগপৰ ৰমেন্দ্ৰ নাৰায়ন কলিতাই ৫৬১৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে লাভ কৰিছে ১৮৩৫টা ভোট। শিলচৰত কংগ্ৰেছৰ কমল কান্তি বনিকে ৩৫০০টা ভোটত অগ্ৰগতি লাভ কৰিছে।
১১-২৫বজাত: বিজেপি মিত্ৰজোঁটে ৮৩খন, কংগ্ৰেছ মহাজোঁটে ৪১ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৬৪খনত, কংগ্ৰেছে ২৪খনত, এআইইউডিএফে ১৩খন, অগপই ১৩খন, ইউপিপিএলে ৬খনত, বিপিএফে ৪খন আসনত আগবাঢ়ি আছে।
১১-১০বজাত: তৃতীয় ৰাউণ্ডৰ অন্তত বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ অঞ্জন বৰাৰ ৪৩৪৮টা ভোটত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ১৪০৩৮টা ভোট, বিজেপিয়ে ৯৬৯০টা ভোট, অজাপই ১৯৯টা ভোট লাভ কৰিছে।
১১-০৫বজাত: শিৱসাগৰ সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আগবাঢ়িছে। অখিল গগৈয়ে ১০,৬৭৫টা, বিজেপিয়ে ৯৩৪২টা আৰু কংগ্ৰেছে ৩৩৩২টা ভোট লাভ কৰিছে।
১১-০০বজাত: বিজেপি মিত্ৰজোঁটে ৮২খন, কংগ্ৰেছ মহাজোঁটে ৪০ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৬৩খনত, কংগ্ৰেছে ২৬খনত, এআইইউডিএফে ১১খন, অগপই ১৩খন, ইউপিপিএলে ৬খনত, বিপিএফে ৩খন আসনত আগবাঢ়িছে।
১০-৫০বজাত: ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকন ১০০৮টাভোটত আগবাঢ়ি আছে। লাহোৱালত বিজেপিৰ বিনোদ হাজৰিকাই আগবাঢ়ি আছে ২১৭০টা ভোটত। মৰানত বিজেপিৰ চক্ৰধৰ গগৈয়ে ২১৭০টা ভেটত আগবাঢ়ি আছে। দুলীয়াজানত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈ আগবাঢ়ি আছে। চাবুৱাত অগপৰ পোনাকন বৰুৱাই ১৭০০টা ভোটত আগবাঢ়ি আছে। নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈয়ে ১৭২২টা ভোটত আগবাঢ়ি আছে।
১০-৪০বজাত: বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৪৩ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৭খনত, কংগ্ৰেছে ২৯খনত, এআইইউডিএফে ১১খন, অগপই ১৩খন, ইউপিপিএলে ৬খনত, বিপিএফে ৩খন আসনত আগবাঢ়িছে।
১০-৩৩বজাত: প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত চাপাগুৰি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী গৰাকী বিপিএফতকৈ আগবাঢ়ি আছে। ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে৪৬৩২টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফে লাভ কৰিছে ২৫০১টা ভোট। সেইদৰে তামুলপুৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থীগৰাকী ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীতকৈ আগবাঢ়িছে। ইয়াত বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৩৩৯৫টা ভোট লাভ কৰাৰ বিপৰীতে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ২৬৩৬টা ভোট। আনহাতে, বৰমা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী বিপিএফতকৈ আগবাঢ়িছে। সমষ্টিটোত এতিয়ালৈকে ইউপিপিএলে লাভ কৰিছে ৩৫০২টা ভোট আৰু বিপিএফে লাভ কৰিছে ২৮২২টা ভোট। সমষ্টিটোত নৱ কুমাৰ শৰণীয়াই লাভ কৰিছে ১১৪৮টা ভোট।
১০-২০বজাত: জালুকবাৰীত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম ৰাউণ্ডৰ অন্তত গণনা হোৱা মুঠ ৮৯৯২টা ভোটৰ ৭০২০টা ভোট লাভ কৰি অগ্ৰগতি লৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৰমেন বৰঠাকুৰে লাভ কৰিছে ১৬৬১টা ভোট। সমষ্টিটোত ন’টাত ভোট পৰিছে ১০২টা।
১০-১৫বজাত: বিজেপি মিত্ৰজোঁটে ৬৯খন, কংগ্ৰেছ মহাজোঁটে ৩৮ খন আৰু অন্যান্যই ১খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫৩খনত, কংগ্ৰেছে ২৬খনত, এআইইউডিএফে ১০খন, অগপই ১২খন, ইউপিপিএলে ৫খনত, বিপিএফে ২খন আসনত আগবাঢ়িছে।
১০-১০বজাত: শেহতীয়া খৱৰ অনুসৰি, দ্বিতীয় ৰাউণ্ডত টীয়ক সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ অগপৰ ৰেণুপমা ৰাজখোৱাতকৈ সামান্য আগবাঢ়িছে। এতিয়ালৈকে পল্লৱী গগৈয়ে ৬৬৯৯টা ভোট লাভ কৰাৰ বিপৰীতে ৰেণুপমা ৰাজখোৱাই লাভ কৰিছে ৬৩১৬টা ভোট। সেইদৰে তৃতীয় ৰাউণ্ডৰ অন্তত গোলাঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজন্তা নেওগ কংগ্ৰেছৰ বিতোপন শইকীয়াতকৈ আগবাঢ়ি আছে। অজন্তা নেওগে ১৫৫৪৬টা ভোট লাভ কৰাৰ বিপৰীতে বিতোপন শইকীয়াই লাভ কৰিছে ১১৪১০টা ভোট।
১০-০০বজাত: বিজেপি মিত্ৰজোঁটে ৬৬খন, কংগ্ৰেছ মহাজোঁটে ২৮ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৫০খনত, কংগ্ৰেছে ১৭খনত, এআইইউডিএফে ৯খন, অগপই ১২খন, ইউপিপিএলে ৪খনত, অজাপ আৰু বিপিএফে এখনকৈ আসনত আগবাঢ়িছে।
৯-৫৫বজাত: প্ৰথম ৰাউণ্ডৰ অন্তত দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী অতুল বৰা আগবাঢ়িছে। তেওঁ লাভ কৰিছে ২৪৮৫টা ভোট। আনহাতে, মহাজোঁটৰ প্ৰাৰ্থী মনজিৎ মহন্তই ৮১৫টা আৰু অজাপৰ প্ৰিন্স ফাইজুল হকে লাভ কৰিছে ২৬৪টা ভোট।
৯-৫০বজাত: প্ৰথম ৰাউণ্ডৰ অন্তত ছিপাঝাৰত বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী কংগ্ৰেছতকৈ ১২৪৭টা ভোটত আগবাঢ়ি আছে। কলাইগাঁওত বিজেপি প্ৰাৰ্থী মধুৰাম ডেকা ১৭৫৩টা ভেটত আগবাঢ়ি আছে। আনহাতে, মঙলদৈত গুৰুজ্যোতি দাসে ২৭১৩টা ভোটত আগবাঢ়ি আছে।সেইদৰে, দলগাঁৱত এআইইউডিএফ প্ৰাৰ্থী মজিবুৰ ৰহমান ৪০০৫টা ভোটত আগবাঢ়ি আছে।
৯-৪৫বজাত: বিজেপি মিত্ৰজোঁটে ৫০খন, কংগ্ৰেছ মহাজোঁটে ২৫ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৩৯খনত, কংগ্ৰেছে ১৬খনত, এআইইউডিএফে ৮খন, অগপই ৯খন, ইউপিপিএলে ২খনত, অজাপ আৰু বিপিএফে এখনকৈ আসনত আগবাঢ়িছে।
৯-৪০বজাত: পূব গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰথম ৰাউণ্ডৰ অন্তত আঢ়ৈ হাজাৰ ভোটত আগবাঢ়ি আছে। আনহাতে, পোষ্টেল বেলট গণনাৰ অন্তত পশ্চিম গুৱাহাটীত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আগবাঢ়িছে। দিছপুৰত আগবাঢ়িছে বিজেপিৰ অতুল বৰা।
৯-৩৫বজাত: বিজেপি মিত্ৰজোঁটে ৪৬খন, কংগ্ৰেছ মহাজোঁটে ২২ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৩৪খনত, কংগ্ৰেছে ১৪খনত, এআইইউডিএফে ৭খন, অগপই ১০খন, ইউপিপিএলে ২খনত, অজাপ আৰু বিপিএফে এখনকৈ আসনত আগবাঢ়িছে।
৯-৩০বজাত: বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্ত সামান্য আগবাঢ়িছে। তেওঁ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীতকৈ ১৩৯১টা বোটত আগবাঢ়ি আছে।
৯-২৫বজাত: বিজেপি মিত্ৰজোঁটে ৩৭খন, কংগ্ৰেছ মহাজোঁটে ২০ খন আৰু অন্যান্যই ২খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ২৬খনত, কংগ্ৰেছে ১২খনত, এআইইউডিএফে ৭খন, অগপই ৯খন, ইউপিপিএলে ২খনত, অজাপ আৰু বিপিএফে এখনকৈ আসনত আগবাঢ়িছে।
৯-২০বজাত: বিশ্বনাথ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাই প্ৰথম ৰাউণ্ডৰ অন্তত যথেষ্ট আগবাঢ়িছে। এতিয়ালৈকে কংগ্ৰেছে ৫২৮৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৮৫৪টা ভোট। কংগ্ৰেছে মুঠতে ২৪৩৩টা ভোটত অগ্ৰগতি লাভ কৰিছে।
৯-১৫বজাত: শেহতীয়া খৱৰ অনুসৰি, গোলাঘাটত কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়া বিজেপি প্ৰাৰ্থী অজন্তা নেওগতকৈ আগবাঢ়ি আছে। সমষ্টিটোত এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ শেষত কংগ্ৰেছ লাভ কৰিছে ৩০৬৯টা ভোট। ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৮৬৬টা ভোট আৰু অসম জাতীয় পৰিষদে লাভ কৰিছে ৩৬৩টা ভোট। সমষ্টিটোত এতিয়ালৈকে ন’টাত ভোট হৈছে ১০০টা। কংগ্ৰেছে ২০৩টা ভোটত আগবাঢ়ি আছে।
৯-১০বজাত: বিজেপি মিত্ৰজোঁটে ২৯খন, কংগ্ৰেছ মহাজোঁটে ১৪খন আৰু অন্যান্যই এখন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ২০খনত, কংগ্ৰেছে ৭খনত, এআইইউডিএফে ৭খন, অগপই ৬খন, আৰু ইউপিপিএলে ৩খনত আগবাঢ়িছে।
৯-০৫বজাত: পাটাছাৰকুছি সমষ্টিত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আগবাঢ়ি আছে। ইপিনে প্ৰথম ৰাউণ্ডত শিৱসাগৰত অখিল গগৈ ২০৩৪টা ভোটত আগবাঢ়ি আছে।
৯-০০বজাত: বিজেপি মিত্ৰজোঁটে ২৪খন, কংগ্ৰেছ মহাজোঁটে ১১খন আৰু অন্যান্যই এখন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ১৭খনত, কংগ্ৰেছে ৬খনত, এআইইউডিএফে ৫খন, অগপই ৫খন, আৰু ইউপিপিএলে ২খনত আগবাঢ়িছে।
৮-৫৭বজাত: জাগীৰোড সমষ্টিত বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকা আগবাঢ়ি আছে।
৮-৫৫বজাত: জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে। ছয়গাঁৱত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ।
৮-৫০বজাত: বিজেপি মিত্ৰজোঁটে ১৮খন, কংগ্ৰেছ মহাজোঁটে ১১খন আৰু অন্যান্যই এখনত আগবাঢ়িছে। বিজেপিয়ে অকলে ১৩খনত, কংগ্ৰেছে ৬খনত, এআইইউডিএফে ৫খন, অগপই ৪খন, আৰু ইউপিপিএলে এখনত আগবাঢ়িছে।
৮-৪৮বজাত: গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আগবাঢ়িছে। সেইদৰে অগপৰ সভাপতি অতুল বৰা আগবাঢ়িছে বোকাখাতত।
৮-৪৫বজাত: চতিয়াত কংগ্ৰেছৰ প্ৰাণেশ্বৰ বসুমতাৰী আগবাঢ়ি আছে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী হৈছে পদ্ম হাজৰিকা।
৮-৪৩বজাত: বটদ্ৰবা সমষ্টিত কংগ্ৰেছৰ শিৱামনি বৰা বিজেপিৰ আঙুৰলতা ডেকাত কৈ আগবাঢ়িছে।
৮-৪০ বজাত: বিজেপি মিত্ৰজোঁটে ১৪ খন, কংগ্ৰেছ মহাজোঁটে ১০খন আৰু অন্যান্যই ১খন আসনত আগবাঢ়ি আছে। দুলীয়াজানত অজাপৰ লুৰিনজ্যোতি গগৈ পোষ্টেল বেলট গণনাত আগবাঢ়ি আছে।
মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিৱসাগৰত অখিল গগৈ আৰু বঙাইগাঁৱত ফনীভূষণ চৌধুৰীৰ অগ্ৰগতি।
পুৱা ৮-৩০ বজালৈ পোষ্টেল বেলটৰ গণনাত বিজেপি মিত্ৰজোঁটে ১১খন, কংগ্ৰেছ মহাজোঁটে ৭খন আৰু অন্যান্যই ১খন আসনত আগবাঢ়ি আছে।
ইয়াৰ ভিতৰতে বিজেপিয়ে অকলেই ৮খন, কংগ্ৰেছে ৫খন, অগপই ২খন, এআইইউডিএফ ২খন আৰু ইউপিপিএলে ১খনত আগবাঢ়িছে।
পুৱা ৮ বজাৰ লগে লগে অসম বিধানসভা নিৰ্বাচন -২০২১ৰ ভোটগণনা আৰম্ভ হৈছে।
ৰাজ্যখনৰ ৩৩১টা ভোটগণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগণনা। ইয়াৰে ২৭৯টা ইভিএম গণনা হল আৰু ৫২টা পোষ্টেল বেলট গণনা হল।
সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া।
প্ৰথমতে পোষ্টেল বেলটসমূহ গণনা কৰা হ’ব।
আজি মুঠতে ১২৬টা সমষ্টিৰ ৯৪৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।
” width=”20″ height=”20″>