স্বাধীনতাৰ আজি ৭৪ বছৰ পাৰ হৈ যোৱাৰ পিছতো ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টি শৌলমাৰীৰ পোকালাগী নদীৰ ওপৰত আজিকোপতি নহ’ল এখন কাঠৰ দলং। বিভন্ন সময়ত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছে, উন্নয়নৰ নামত বিভিন্ন আঁচনি ৰূপায়ন কৰিছে কিন্তু কোনো আঁচনিৰ অধীনত নপৰিল শৌলমাৰী গাওঁখন।
বিগত সময়ত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসন কালত কংগ্ৰেছ চৰকাৰৰ সু-দৃষ্টি নপৰিল এই গাওঁখনলৈ। এইখন সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ অসমত চৰকাৰ গঠন কৰা কংগ্ৰেছ চৰকাৰে এইখন গাঁৱলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।
এইখন সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ভূপেন ৰায়। সুদীৰ্ঘ ২০ টা বছৰ বুকু ভৰা আশা লৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল ভূপেন ৰায়ক কিন্তু আশানুৰূপ ফল নাপালে শৌলমাৰীবাসী ৰাইজে।
চাৰিবাৰকৈ বিধায়ক হোৱাৰ পিছতো যেতিয়া দলং খন নহ’ল তেতিয়া ৰাইজৰ বিকল্প চিন্তাৰ ফলত এইখন সমষ্টিত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় আব্দুল হাই নাগৰী।
ইতিমধ্যে বিধায়ক আব্দুল হাই নাগৰীৰ দুটা কাৰ্যকালৰ সমাপ্ত ঘটাৰ পথত। স্থানীয় ৰাইজৰ অভিযোগ মতে স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই আহিছে এই দলঙখনৰ বাবে কিন্তু ৰাইজৰ কথাত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অঞ্চলব্যাপী। বিধায়ক আব্দুল হাই নাগৰীয়ে একাংশ চেলা চামুণ্ডাৰ বাহিৰে কাৰো কথাত কোনো গুৰুত্ব নিদিয়ে বুলি ৰাইজে অভিযোগ কৰে।
উল্লেখ্য যে এইখন সাঁকোৰ ওপৰেদি প্ৰায় ১০/১২খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী নিতৌ অহা যোৱা কৰাৰ লগতে প্ৰায় ২৫-৩০খন গাঁৱৰ ৰাইজে চলাচল কৰিব লগা হয়।
ইফালে সাঁকোখনৰ সি পাৰত এখন সাপ্তাহিক বজাৰো আছে। যাৰ বাবে ব্যৱসায়ীসকলে মাল-বস্তু পাৰাপাৰ কৰাত এক প্ৰকাৰ যমৰ যাতনাত ভুগিব লগা হৈছে।
বাৰিষা কালত নদীৰ বাঢ়নী পানীয়ে দলঙখন যেতিয়া উঠাই নিয়ে তেতিয়া দুয়োপাৰৰ ৰাইজৰ মাজত সম্পূৰ্ণ যাতায়ত বিচ্ছিন্ন হয় আৰু বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল।
প্ৰতি বছৰে সাঁকোখন ৰাইজৰ গাঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হয় বুলি ৰাইজে জানিব দিয়ে। দলঙখন প্ৰতি বছৰ নিৰ্মাণ কৰোতে প্ৰায় ২ লাখ টকা খৰচ হয় যি ধন অতিকৈ পিছপৰা শৌলমাৰী বাসী ৰাইজে ভৰিবলগীয়া হয়। এই বছৰ দলঙখন নতুনকৈ নিৰ্মাণ কৰোতে আনুমানিক ১ লাখ ৩০ হাজাৰৰ ওপৰত খৰচ হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
কিছুমান সচেতন ব্যক্তিৰ ভাষ্য মতে বুজা যায় যে এই দলঙখনক এই অঞ্চলৰ ৰাইজৰ ভোট আদায়ৰ এটা উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে ৰাজনৈতিক দল তথা নেতাবোৰে।
কংগ্ৰেছৰ প্ৰতাৰণাৰ বলি হোৱা ৰাইজে পৰিৱৰ্তনৰ শ্লগান দি ৰাজ্য আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে যাতে এই শৌলমাৰী গাঁৱৰ পোকালাগী নদীৰ ওপৰত এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দি এই যমৰ যাতনাৰ পৰা ৰক্ষা কৰে তাৰ বাবে বিনম্ৰ অনুৰোধ জনায় গঢ়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰক।
ইফালে শৌলমাৰীবাসী ৰাইজৰ লগত বিধায়ক আব্দুল হাই নাগৰীয়ে প্ৰতাৰণা কৰাৰ বাবে যোৱা ১৩/০৯/২০২০ ইং তাৰিখত বিধায়কৰ পুত্তলিকা দাহৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় স্থানীয় ৰাইজে ।
এই খবৰ পাই বিধায়ক আব্দুল হাই নাগৰীয়ে ৮ নং জপেয়া-নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম, নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হৈ তাইৰ স্বামী তোফাজ্জল হুছাইন শৌলমাৰী খণ্ডৰ পঞ্চায়ত সদস্যা অমেলা খাতুনৰ স্বামীক বিধায়কৰ প্ৰতিনিধি হিচাপে পঠাই দি প্ৰতিবাদ স্থগিত ৰাখিবলৈ অনুৰোধ জনায় লগতে জিলা পৰিষদৰ সদস্য খাইৰুল ইছলামে ১৫ দিনৰ ভিতৰত দলঙৰ কামৰ আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰিব বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে।
ৰাইজে বিধায়কৰ প্ৰতিনিধিসকলৰ কথা মতে ১৫ দিনৰ বাবে প্ৰতিবাদ স্থগিত ৰাখে। পিছত প্ৰতিশ্ৰুতিৰ সময় উকলি যোৱাৰ বাবে ৰাইজে ২/১০/২০২০ তাৰিখত দলঙৰ পাৰত পুনৰ এক প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ বিধায়ক আব্দুল হাই নাগৰীৰ অকৰ্মণ্য বুলি অভিহিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
৭৪ বছৰে কৰিব নোৱাৰা কাম ১৫ কৰাৰ প্ৰতিশ্ৰুতি দি লোক চক্ষুৰ পৰা বিধায়ক আৰু নেতা কৰ্মীসকলে পলাই ফুৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।