• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত সীমাহীন সমস্যা : কাণসাৰ নাই চৰকাৰৰ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , November 29, 2020 6:27 pm

2 min read

index.jpg
876
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বিভিন্ন অঞ্চলক আজিও সীমাহীন সমস্যাই গ্ৰাস কৰি ৰাখিছে৷

বিশেষকৈ যাতায়াত, খোৱাপানী, স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাই যুগ যুগ ধৰি নগুৰ-নাকতি কৰি আহিছে সীমান্তবাসী ৰাইজক৷

তেনে এক সমস্যা বহুল অঞ্চল গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ কুকুৰকাটা৷ অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকলিপাৰা, সৰকপাৰা, গাৰোমাৰা আদিকে ধৰি সাতখনৰো অধিক গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা দেখিলে সকলোৰে চকু কপালত উঠিব৷

আজি এই অতি আধুনিকতাৰ দিনতো অঞ্চলটোৰ গাঁৱসমূহৰ পৰা ওলোৱা-সোমোৱা কৰা একমাত্ৰ পথটো গোটেই বছৰে পানীৰে পৰিপূৰ্ণ হৈ থাকে। বাৰিষা একাঁঠু পানী জমা হোৱা পথটোৰ অৱস্থা খৰালি কালতো হৈ থাকে তথৈৱচ৷তেনে পংকিলময় পৰিবেশৰ মাজৰেই দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে৷

অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰো সমস্যা আজিলৈকে সমাধান নহ’ল৷ স্থানীয় লোকে আজিও তৃষ্ণা দূৰ কৰে ঝৰ্ণাৰ পানীৰে৷

অতি ভিতৰুৱা অঞ্চলটোত প্ৰয়োজনীয় শিক্ষানুষ্ঠানৰো অভাৱ৷ জিনাৰি নৈৰ সিটো পাৰত এখন বিদ্যালয় আছে যদিও নৈ পাৰ হ’বলৈ নাই দলং৷ যাৰ পৰিপ্ৰেক্ষিতত কণ কণ শিশু সকলে ভৰা নৈ পাৰ হ’ব লাগে ভূৰ অথবা টুলুঙা নাৱেৰে৷

বাহিৰৰ পৃথিৱীৰ কূট কৌশল বুজি নোপোৱা এই অঞ্চলৰ বাসিন্দাসকলৰ বাবে উন্নয়ন অথবা পৰিবৰ্তন আজিও নুবুজা সাঁথৰ৷

প্ৰতিটো নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে গাঁওখনলৈ যোৱা পথটোয়ে নিৰ্মাণ নহ’ল৷ অন্যান্য সমস্যা সমাধানৰ সপোনতো সুদূৰপৰাহত৷

আকৌ আহিছে নিৰ্বাচন৷আকৌ আহিব নেতা পালিনেতা৷পিছে, উন্নয়ন হ’বনে গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এই অঞ্চল সমূহৰ? আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কুকুৰকাটাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এয়াই হৈছে লাখটকীয়া প্ৰশ্ন৷

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd