NORTHEAST NOW (Assamese)

বঙাইগাঁৱত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিত ব্যাপক অনিয়ম

October 19, 2020 8:25 pm · ইয়াছিন আলী
ফটো নর্থ-ইষ্ট নাও

ৰাজ্য চৰকাৰে বিধবা, বিকলাংগ তথা অবিবাহিত মহিলা সকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিত বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা-চাকলা গাঁও পঞ্চায়তত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উঠিছে।

যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি আৰ্থিকভাৱে সৱল তথা স্বামী থকা মহিলা সকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে।

আজি চাকলা ২য় খণ্ড আৰু নাম্বাৰপাৰা গাঁৱৰ প্ৰায় অৰ্ধ শতাধিক বিধৱা, বিকলাংগ তথা অবিবাহিত মহিলা ওলাই আহি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

ক্ষোভত অসম চৰকাৰ হায় হায়, অৰুণোদয় আঁচনিৰ দুৰ্নীতি বন্ধ কৰক, যোগ্য হিতাধিকাৰীক তালিকাভুক্ত কৰক, বিধৱা বিকলাংগ বঞ্চিত কৰা নচলিব আদি শ্লোগান দিয়ে।

মহিলা সকলৰ লগতে পঞ্চায়ত সদস্যই অভিযোগ কৰি কয় যে বিভাগীয় কৰ্তৃপক্ষৰ লগত বুজাবুজি কৰি দুষ্টচক্ৰই যোগ্য হিতাধিকাৰীক বঞ্চিত কৰিছে।

বঞ্চিত হোৱা প্ৰতিজন যোগ্য হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে।

Related News