• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান আছুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2020 8:52 pm
AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ–ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ ব্যৱস্থা ল’বলৈ লকডাউনৰ মাজতে চৰকাৰক আহ্বান জনাইছে।

কৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত দীৰ্ঘসময়ৰ বাবে বিদ্যালয়–মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষা ব্যৱস্থা পিছুৱাই যোৱা পৰিলক্ষিত হৈছে।

Apply Now

ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ–ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ অভিভাৱকসকলো চিন্তিত হৈ পৰিছে।

নৰ্থইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় ‘অসমৰ ছাত্ৰ–ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি নোহোৱাকৈ চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰক। ছাত্ৰ–ছাত্ৰীয়ে যাতে স্বাস্থ্য বিষয়ক সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সকলোধৰণৰ ৰূপৰেখা প্ৰণয়ন কৰা প্ৰয়োজন।’

এই বৰ্ষৰ গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই ছাত্ৰ সন্থাই কয় ‘গৰমৰ বন্ধ প্ৰত্যাহাৰ কৰি শ্ৰেণী হোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। অত্যধিক গৰম পৰিলে সেই সময়ত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব। শনিবাৰৰ দিনটোতো পূৰ্ণ পৰ্য্যায়ৰ পাঠদান কৰিব পাৰি।’

ইয়াৰোপৰি এই বৰ্ষৰ চৰকাৰী বন্ধৰ দিন হ্ৰাস কৰি শৈক্ষিক দিন বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰক তেওঁলোকে অনুৰোধ জনায়।

ইপিনে, ৰাজ্যৰ শিক্ষাবিভাগে গ্ৰহণ কৰা অনলাইন শিক্ষাব্যৱস্থা যথেষ্ট নহয় বুলি মত পোষণ কৰি তেওঁলোকে লগতে কয় ‘অসমৰ যিসকল ছাত্ৰ–ছাত্ৰীয়ে অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পৰা নাই বা যিসমূহ অঞ্চলত এই সুবিধা নাই এই ছাত্ৰ–ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত চৰকাৰে বিকল্প ব্যৱস্থা লোৱা উচিত।’

তদুপৰি, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ মাছুলৰ বিষয়টো লৈ ৰাজ্য চৰকাৰে এটা হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁলোকে কয় ‘ব্যক্তিগত খণ্ডৰ কিছুমান শিক্ষানুষ্ঠানে বহুত মাছুল লয় কিন্তু সেই অনুপাতে শিক্ষক–শিক্ষয়িত্ৰী, কৰ্মচাৰীক দৰমহা নিদিয়ে। কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কোনোমতে চলি আছে। প্ৰথমবাৰৰ বাবে লকডাউনৰ দৰে স্বাস্থ্যজনিত, মানৱীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰতঃ ছাত্ৰ–ছাত্ৰীৰ মাছুলৰ ক্ষেত্ৰত সকাহ, ৰেহাইৰ ব্যৱস্থা কৰা উচিত। কিন্তু এনে কৰিবলৈ যাওঁতে শিক্ষক–শিক্ষয়িত্ৰীৰ দৰমহা নিয়মীয়াকৈ দৰমহা দিয়াটো নিশ্চিত কৰা উচিত।’

আনহাতে, লকডাউনৰ পিছত সকলো শিক্ষানুষ্ঠান চেনিটাইজ কৰাৰ প্ৰয়োজন আছে বুলি বিজ্ঞপ্তিত সন্থাই উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd