• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বাস্থ্য মন্ত্ৰীৰ ব্যৰ্থতাৰ বাবেই গুৱাহাটীত দিব লগা হ’ল পুনৰ ল’কডাউন : হিমন্তক কটাক্ষ তৰুণ গগৈৰ

আনক মাস্ক পিন্ধিবলৈ কৈ হিমন্তই কামাখ্যালৈ যাওঁতে নিপিন্ধিলে মাস্ক : হিমন্তই নিয়ম ভংগ কৰাৰ সময়ত আৰক্ষীয়ে কি কৰি আছিল? গগৈৰ প্ৰশ্ন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 28, 2020 4:41 pm

2 min read

Never seen present disaster in Assam history: Former CM Tarun Gogoi
942
VIEWS
Share on FacebookShare on Twitter

“স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ বাবে সমগ্ৰ ভাৰতত lockdown শিথিল কৰাৰ সময়ত গুৱাহাটীত কঠোৰ lockdown দিব লগীয়া হৈছে। এই কাৰ্যক নিন্দা কৰিছো।” প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰি এইদৰে হিমন্তক কটাক্ষ কৰে।

গগৈৰ মতে “গুৱাহাটীত এই ল’কডাউনৰ সময়ছোৱাত সাধাৰণ খাটি খোৱা লোক সকলৰ অৱস্থা অধিক শোচনীয় হ’ব।”

ইপিনে, প্ৰত্যেকখন সংবাদমেলত জনসাধাৰণক মাস্ক পিন্ধিবলৈ বাৰম্বাৰ অনুৰোধ কৰি অহা স্বাস্থ্য মন্ত্ৰীয়ে নিজে মাস্ক নিপিন্ধে বুলি অভিযোগ কৰে গগৈয়ে।

“কালি তেওঁ পৰিয়ালসহ কামাখ্যা মন্দিৰলৈ গৈছে। তাকো মাস্ক নিপিন্ধাকৈ। স্বাস্থ্য মন্ত্ৰীয়েই যদি নিজে নিয়ম নামানে কোনে মানিব। তেতিয়া আৰক্ষীয়ে কি কৰি আছিল?” হিমন্তক সমালোচনা কৰি গগৈয়ে সংবাদমেলত কয়।

তেওঁ আৰু কয় “যি খুচি তাকেই কৰিছে চৰকাৰে। dictatorship বুলিয়েই কওক বা যিয়েই কওক এই কাৰ্যৰ বাবে ৰাইজৰ বিপদ হৈছে।”

ইপিনে, মহানগৰীৰ বজাৰত এতিয়া নিয়ন্ত্ৰণ নাই বুলিও গগৈয়ে উল্লেখ কৰে।

“lockdown ৰ পৰা বেমাৰো ৰোধিব নোৱাৰিলে, অৰ্থনীতিও মাৰ খালে” গগৈয়ে এইদৰে কয়।

“হিমন্তই কৈছে হাস্পতালত বিচনা নাই কাৰণে ল’ক ডাউন দিবলগীয়া হৈছে৷ হাস্পতালত বিচনা নোহোৱাৰ বাবে জগৰীয়া কোন? ইমান দিনে স্বাস্থ্যমন্ত্ৰী হিমন্তই কি কৰি আছিল? কেৱল তলৌতলৌকৈ ঘূৰি ফুৰিলে?” গগৈয়ে হিমন্তলৈ প্ৰশ্ন কৰি কয়।

ইপিনে, হিমন্ত বিশ্বৰ বাহিৰে বাকী কোনো মন্ত্ৰীৰ অস্তিত্ব নাই বুলি সদৰী কৰি গগৈয়ে আৰু কয় “এইখন অসমৰ ইতিহাসৰ প্ৰথম চৰকাৰ য’ত মাত্ৰ এগৰাকী efficient মুখ্যমন্ত্ৰী আছে। মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰন নাই। তেওঁ সাক্ষীগোপাল মুখ্যমন্ত্ৰী।’

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd