দেশৰ ভিন্ন ৰাজ্যত আবদ্ধ লোকৰ যাতায়াতৰ বাবে মুকলি বিশেষ ৰেল

লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ লোকসকলৰ যাতায়াতৰ বাবে শুকুৰবাৰৰ পৰা ৰেল মন্ত্ৰ্যালয়ে বিশেষ যাত্ৰীবাহী ৰেল মুকলি কৰিছে।

এই ৰেলসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ অনুৰোধত ৰেল মন্ত্ৰ্যালয়ে এই বিশেষ ৰেলসমূহ চলাব।

এই বিশেষ ৰেলসমূহ সংশ্লিষ্ট দুয়ো ৰাজ্য চৰকাৰৰ অনুৰোধত নিৰ্দিষ্ট ঠাইৰ পৰা নিৰ্দিষ্ট ঠাইলৈ চলিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি শ্ৰমিক দিৱসৰ দিনাই আৰম্ভ কৰা এই ৰেলসমূহক “শ্ৰমিক স্পেচিয়েল” ৰেল নাম দিয়া হৈছে।

ৰেলসমূহে বিভিন্ন ঠাইত আবদ্ধ শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্য্যটক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকলৰ বাবে যাতায়াতৰ ব্যৱস্থা কৰিব।

প্ৰক্ৰিয়াটোৰ সুচল পৰিচালনাৰ বাবে ৰেলৱে আৰু ৰাজ্য চৰকাৰ দুয়ো পক্ষই জ্যেষ্ঠ বিষয়াক ন’ডাল বিষয়াৰূপে নিয়োগ কৰিব লাগিব।

পঠিওৱা ৰাজ্যই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ক’ভিড-১৯ৰ স্ক্ৰীনিং কৰিব লাগিব আৰু কেৱল লক্ষণহীন লোককহে যাত্ৰাৰ অনুমতি দিয়া হ’ব।

সম্পূৰ্ণ প্ৰক্ৰিয়াটোত ক’ভিড-১৯ৰ ক্ষেত্ৰত ল’বলগা মুখা পিন্ধা, সামাজিক দূৰত্ব বজাই চলাৰ দৰে সকলো নীতি-নিয়ম বজাই চলিব লাগিব।

অসম চৰকাৰে ইতিমধ্যে বাহিৰত আবদ্ধ অসমৰ লোকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে এখন সমিতি গঠন কৰিছে।

অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত গঠিত সমিতিখনে এইক্ষেত্ৰত নিয়মাৱলী (SoP) যুগুত কৰিব।