• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ: বিৰোধীৰ তীব্ৰ প্ৰতিবাদত স্থগিত সদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 2:10 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰন্ধন গেছৰ তীব্ৰ সংকট আৰু পশ্চিম এছিয়াৰ শেহতীয়া সংঘাতৰ প্ৰভাৱক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশন উত্তাল হৈ পৰে। ১২ মাৰ্চৰ পুৱা লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগেই বিৰোধী দলৰ সাংসদসকলৰ তীব্ৰ প্ৰতিবাদ আৰু শ্লোগানৰ ফলত অধ্যক্ষই দুপৰীয়া ২ বজালৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰ্লাৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ ধ্বনি ভোটত নাকচ হোৱাৰ পিছত আজি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এল পি জি সংকটক লৈ সদন স্থগিত ৰখাৰ এক প্ৰস্তাৱ উত্থাপন কৰে। একে সময়তে ৰাজ্যসভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা পোনপটীয়া উত্তৰ দাবী কৰে।

অধ্যক্ষই বিৰোধী সদস্যৰ মাইক বন্ধ কৰা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভত অধ্যক্ষ ওম বিৰ্লাই নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰ্লাই কয় যে সদনৰ মৰ্যাদা আৰু শৃংখলা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক কৰ্তব্য। বিৰোধী সদস্যসকলক নিলম্বন কৰাৰ সিদ্ধান্তটো তেওঁৰ বাবে বেদনাদায়ক আছিল যদিও সদনৰ নিয়ম ভংগ কৰাৰ বাবেই তেওঁ এই কঠোৰ পদক্ষেপ ল‘বলগীয়া হয় বুলি তেওঁ উল্লেখ কৰে। মাইক বন্ধ কৰাৰ অভিযোগ অস্বীকাৰ কৰি তেওঁ কয় যে অধ্যক্ষৰ আসনত মাইক নিয়ন্ত্ৰণ কৰিব পৰা কোনো বুটাম নাথাকে আৰু সদস্যসকলে কেৱল নিজৰ পাল পৰিলেহে ক‘বলৈ সুযোগ পায়। আনহাতে, বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দি কয় যে লোকসভাই কেৱল এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক প্ৰতিনিধিত্ব নকৰে, বৰঞ্চ ই সমগ্ৰ দেশখনক প্ৰতিনিধিত্ব কৰে। তেওঁক সদনত কথা কোৱাত কেইবাবাৰো বাধা প্ৰদান কৰা হৈছে বুলিও গান্ধীয়ে অভিযোগ উত্থাপন কৰে।

Apply Now

লোকসভাৰ সমান্তৰালকৈ ৰাজ্যসভাতো বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হয় আৰু দুয়োখন সদনতেই শাসক আৰু বিৰোধীৰ মাজত হোৱা তীব্ৰ বাকযুদ্ধই সংসদৰ কাম-কাজত ব্যাপক ব্যাঘাত জন্মায়। কংগ্ৰেছৰ সভাপতি খাৰ্গেয়ে জম্মু-কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰি অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত বিজেপি নেতা জে পি নাড্ডাই কয় যে চৰকাৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব, কিন্তু এই ঘটনাক লৈ ৰাজনীতি কৰা উচিত নহয়। আনহাতে, ৰাজ্যসভাত চি পি আইৰ সাংসদ সন্তোষ কুমাৰে বীমা খণ্ডত বিদেশী প্ৰত্যক্ষ বিনিয়োগ বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব বুলি দাবী কৰে। ইয়াৰ উপৰি, পুৰাতাত্ত্বিক গুৰুত্ব থকা অমৰাৱতীত বৌদ্ধ কীৰ্তিচিহ্নৰ সন্ধানত খনন কাৰ্য চলোৱা আৰু ইউনেস্ক‘ৰ ঐতিহ্য ক্ষেত্ৰ জয়পুৰৰ সংৰক্ষণৰ বিষয়টোও সদনৰ মজিয়াত চৰ্চা লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am
সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd