• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নির্বাচনী বতৰত ৰাজনীতিৰ পৰা হেৰাই গ’ল নেকি বৃহৎ নদীবান্ধৰ বিষয়?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 9, 2019 8:45 pm
Loksabha election: Is big dam issue disappeared from Assam politics?

নামনি সোৱণশিৰি বান্ধ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নিৰ্বাচনী ৰাজনীতিত বিগত কেইটামান বছৰত বৃহৎ নদীবান্ধ বিষয়টোৱে বিশেষ স্থান পাইছিল। এই বিষয় লৈ অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল বিজেপি, অগপকে ধৰি কেইবাটাও ৰাজনৈতিক দলে। কিন্তু এইবাৰৰ নিৰ্বাচনী বতৰত নাই বৃহৎ নদীবান্ধৰ কোনো ইছ্যু।

কংগ্ৰেছৰ চৰকাৰ চলি থকাৰ সময়তে গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰিকে ধৰি অৰুণাচল প্ৰদেশৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমত তীব্ৰ আন্দোলন হৈছিল। সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি জাতীয় দল-সংগঠনৰ সমানে সমানে এই বৃহৎ নদীবান্ধবিৰোধী আন্দোলনৰ অংশীদাৰ হৈছিল কেইবাটাও ৰাজনৈতিক দল।

Apply Now

সেই সময়ত বৃহৎ নদীবান্ধৰ বিৰোধী স্থিতিত সৰৱ আছিল মূলতঃ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি আদি ৰাজনৈতিক দল। বৃহৎ নদীবান্ধৰ পক্ষত থকা কংগ্ৰেছৰ বিৰুদ্ধে এই দলকেইটাই গঠন কৰিছিল জনমত।

কিন্তু এতিয়া আগৰ পৰিৱেশ সলনি হ’ল। বৃহৎ নদীবান্ধৰ পৰা সৰ্বাধিক বিপদৰ শংকা থকা লখিমপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯টা বিধান সভা সমষ্টিৰ ৭টা আছে বিজেপি-অগপ-গণশক্তিৰ মিত্ৰজোঁটৰ হাতত। এই মিত্ৰজোঁটেই একত্ৰিত শক্তিৰে লোকসভা সমষ্টিটোত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু প্ৰচাৰো চলাইছে। কিন্তু ২০১৪ চনলৈ লৈ থকা ইছ্যুটো তেওঁলোকে এইবাৰ নোলোৱাটো মনকৰিবলগীয়া।

২০১০ চনৰ ১৭ নৱেম্বৰত বিজেপি নেতা ৰাজনাথ সিঙৰ নেতৃত্বত কেইবা হাজাৰ সদস্যক লগত লৈ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গেৰুকামুখত প্ৰতিবাদী সভা পতা বিজেপিয়ে ‘য়ু টাৰ্ণ’ ল’লে। উল্লেখ্য যে, ২০১১ চনৰ বিধান সভা নিৰ্বাচন আৰু ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়তো নদীবান্ধৰ বিৰোধিতা কৰি অসমৰ ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাইছিল বিজেপিয়ে।

বিগত সময়ত এই বৃহৎ নদীবান্ধে নামনি অংশত বিশেষকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ প্ৰতি নমাই আনিব পৰা ভয়াৱহতাৰ কথা ৰাইজক কৈছিল অগপ আৰু গণশক্তিয়ে। নিৰ্বাচনত এই দুই দলৰো এই বিষয়টো হৈছিল নিৰ্বাচনী ইছ্যু। কিন্তু এইবাৰ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপ, গণশক্তিৰ মুখত নাই বৃহৎ নদীবান্ধৰ প্ৰসংগ।

বিজেপিৰ কথা নকলোৱেবা, লোকসভা নিৰ্বাচনৰ বাবে অগপই প্ৰস্তুত কৰা ইস্তাহাৰটো নাই বৃহৎ নদীবান্ধক লৈ কোনো কথা। একেদৰে সন্মিলিত গণশক্তি দলৰ নেতা ভুৱন পেগুৰো বৃহৎ নদীবান্ধক লৈ এতিয়া নৰম স্থিতি।

‘বৃহৎ নদীবান্ধৰ ইছ্যু আমাৰ এতিয়াও আছে, আমি কেন্দ্ৰীয় চৰকাৰক বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে নামনিৰ জনসাধাৰণৰ নিৰাপত্তা সুৰক্ষিত কৰিহে নিৰ্মাণ কৰাৰ কথা কৈছো। চৰকাৰে আমাক নিশ্চয়তা দিছে। আমি এই আশ্বাসৰ প্ৰতি ভৰসা কৰিছো।’, ভুৱন পেগুৱে কয়।

এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আছে যে বিধায়ক ভুৱন পেগুৱে এটা সময়ত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সৈতে তেওঁ এই আন্দোলনৰ নেতৃত্বও দিছিল। কিন্তু এতিয়া বিজেপিৰ আশ্বাসত তেওঁ ভৰসা ৰাখিব পাৰিছে যদিও সেই আশ্বাস কিমান ভৰসাযোগ্য সেয়া সময়েহে ক’ব।

একেদৰে বৃহৎ নদীবান্ধৰ বিৰোধী স্থিতি লোৱা অগপ আৰু সন্মিলিত গণশক্তিয়েও নদীবান্ধৰ প্ৰসংগত বিজেপিৰ পথ বাচি ল’লে নেকি সেয়াও ভবাৰ নিশ্চয়কৈ থল আছে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd