• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তত ভেটি উছন তিনিওটা প্ৰধান দলৰ সভাপতিৰ : মহন্ত,বদৰুদ্দিনৰ প্ৰতিও দয়াহীন ভোটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2018 7:59 pm
Atul....ripun...ranjit
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত এইবাৰ দেখা গ’ল এক আন এক ছবি। ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ তিনিটা প্ৰধান ৰাজনৈতিক দলৰ সভাপতিৰ সমষ্টিত মুখ ঠেকেচা খালে দলকেইটাই। অগপ সভাপতি অতুল বৰা, বিজেপি সভাপতি ৰঞ্জিত দাস আৰু কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সমষ্টিত দলটো চৰম বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।

অগপৰ সভাপতি অতুল বৰাৰ বোকাখাত সমষ্টিত বিজেপিৰ হাতত অগপ প্ৰাৰ্থীসকল বেয়াকৈ পৰাভূত হৈছে। পঞ্চায়ত নিৰ্বাচনত বোকাখাত সমষ্টিটোত অতুল বৰাৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল। বিজেপিৰ সৈতে মিত্ৰতা ধৰি ৰখাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা অগপ সভাপতিগৰাকীৰ সমষ্টিত বিজেপিয়ে দলটোক পঞ্চায়তত প্ৰায় নি:শেষ কৰি পেলালে।

Apply Now

একেদৰে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগতো বিজেপি চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে কংগ্ৰেছৰ উত্থানহে পৰিলক্ষিত হ’ল। উল্লেখযোগ্য যে বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়কগৰাকীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত সমষ্টিটোত কোনো উন্নয়নমূলক কাম নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ গৃহ স্থানতো বিজেপিৰহে জয়জয় ময়ময় অৱস্থা। ৰিপুন বৰাই গহপুৰত নিজৰ ভেটি ধৰি ৰখাত সম্পূৰ্ণ ব্যৰ্থ হোৱা দেখা গ’ল। ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক নেতৃত্ব বহন কৰা নেতাৰ এনে চৰম বিপৰ্যয়ে ভৱিষ্যতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

ইপিনে অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰতো বিজেপিৰ প্ৰাৰ্থীসকলেহে বাজীমাৎ কৰা দেখা গ’ল। সমষ্টিটোত গেৰুৱা দলৰ প্ৰাৰ্থীসকল বিজয়ী হোৱাৰ বিপৰীতে অগপৰ প্ৰাৰ্থীসকলে শোচনীয়ভাৱে মুখ ঠেকেচা খালে। আনহাতে, তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিতো বিজেপিয়ে বিধ্বস্ত কৰিছে কংগ্ৰেছক।

কংগ্ৰেছৰ আন এগৰাকী শীৰ্ষ নেতা প্ৰদ্যুত বৰদলৈ সমষ্টিতো কংগ্ৰেছৰ ভেটি ৰক্ষা হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিত কংগ্ৰেছৰ উত্থান ঘটিছে।

আনহাতে, এ আই য়ু ডি এফৰ ঘাটি হিচাপে পৰিচিত যমুনামুখত বদৰুদ্দিন আজমলৰ প্ৰভাৱ নস্যাৎ কৰি কংগ্ৰেছৰ উত্থানহে পৰিলক্ষিত হ’ল। পঞ্চায়ত নিৰ্বাচনত এইবাৰ এ আই য়ু ডি এফ সম্পূৰ্ণ নিষ্প্ৰভ হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd