টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোঁহায়ে আগন্তুক মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত পোনপটীয়াকৈ স্থান লাভ কৰিছে।
ভাৰতীয় বক্সিং ফেদাৰেচনে লাভলিনা বৰগোঁহাইক ভাৰতীয় দললৈ পোনপটীয়াভাৱে নিৰ্বাচন কৰিছে।
আগন্তুক ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ সোণৰ পদক জয়ী খেলুৱৈৰ দ্বাৰা সম্পূৰ্ণ ভাৰতীয় মহিলা বক্সিং দলটো নিৰ্বাচন কৰা হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় বক্সিং ফেদাৰেচনে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ ২১ অক্টোবৰৰ পৰা হিছাৰত অনুষ্ঠিত হ’ব।
৬৯ কিলোগ্ৰাম ওজন শাখাত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিঁহাইৰ বাহিৰে প্ৰতিটো ওজন শ্ৰেণীৰ স্বৰ্ণ পদক বিজয়ী সকলে এআইবিএ মহিলা বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব।” বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই কয়।
ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিবিৰত স্বৰ্ণ আৰু ৰূপৰ বিজয়ীসকলেও তেওঁলোকৰ স্থান সুৰক্ষিত কৰিব।
অৱশ্যে ব্ৰঞ্জ বিজয়ীসকলে শিবিৰত স্থান পাবলৈ প্ৰতিযোগিতাখনৰ আগৰ তিনিটা সংস্কৰণৰ পৰা পদক বিজয়ীসকলৰ সৈতে যুঁজ দিব লাগিব।
২৪ বছৰীয়া লাভলিনাই এতিয়া টকিঅ’ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দলত স্থান লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশ নলয়।
উল্লেখ্য যে মহিলা বিশ্ব চেম্পিয়নশ্বিপ ডিচেম্বৰত ইস্তানবুলত অনুষ্ঠিত হ’ব। অৱশ্যে প্ৰতিযোগিতাখনৰ সঠিক তাৰিখ এতিয়াও নিৰ্ধাৰণ হোৱা নাই।