সোৱণশিৰি নদীবান্ধ: কেন্দ্ৰক কঠোৰ সমালোচনা ন্যায়াধিকৰণৰ, বিশেষজ্ঞ সমিতিক লৈ ন পৰামৰ্শ

Lower Subansiri mega dam: NGT suggests to include independent members in expert committee

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদৰ ফাইল ছবি।

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বিষয়ক বৃহস্পতিবাৰৰ শুনানিত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

“জল বিদ্যুৎ প্রকল্পটো নিৰ্মাণৰ বাবে কেন্দ্র ইমান ব্যাকুল কিয়? লাখ লাখ লোকৰ জীৱনৰ সৈতে নামনি সোৱণশিৰিৰ নিচিনা এটা বৃহৎ নদীবান্ধ জড়িত হৈ আছে। চৰকাৰৰ ভবা উচিত যে যিসকল লোকৰ জীৱনৰ সৈতে হেতালি খেলি থকা হৈছে তেওঁলোকো ভাৰতীয়,” শুনানিত ন্যায়াধীশ এচ পি ৱাংদিৱে প্ৰকাশ কৰা উদ্বিগ্নতাৰ উদ্ধৃতিৰে এ পি ডব্লিউৰ বিবৃতি।

প্ৰকল্পটো সন্দৰ্ভত মন্ত্ৰ্যালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিৰ “নিৰপেক্ষতা”ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ন্যায়াধিকৰণে সমিতিখন নতুনকৈ গঠন কৰাৰ নিৰ্দেশ দিছে।

মন্ত্ৰ্যালয় গঠিত কেৱল তিনিজনীয়া সমিতিখন এন এইচ পি চিৰ প্ৰতি “পক্ষপাতমূলক” হ’ব পাৰে বুলি ন্যায়াধিকৰণে মত প্ৰকাশ কৰিছে।

বিশেষজ্ঞ সমিতিখনে সোৱণশিৰিৰ ২০০০ মেগাৱট জল বিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰক সেউজ সংকেত দিছিল।

নামনি সোৱণশিৰি নদীবান্ধটোৰ সৈতে জৰিত নথকা অন্ততঃ দুগৰাকী বিশেষজ্ঞক সমিতিত অন্তৰ্ভুক্ত কৰিবলৈ সেউজ ন্যায়াধিকৰণে মন্ত্ৰ্যালয়ক পৰামৰ্শ আগবঢ়াইছে।

“ন্যায়াধিকৰণে পৰিৱেশ মন্ত্ৰীজনক সমালোচনা কৰিছে আৰু সমিতিখনত কেইগৰাকীমান স্বতন্ত্ৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে,” ন্যায়াধিকৰণৰ নিৰ্দেশৰ উদ্ধৃতিৰে শুনানিৰ পিছতে নৰ্থ ইষ্ট নাওত মন্তব্য অভিজিত শৰ্মাৰ।

এ পি ডব্লিউৰ মুৰব্বী অভিজিত শৰ্মা ন্যায়াধিকৰণত বিচাৰাধীন গোচৰটোৰ আবেদনকাৰী।

পৰৱৰ্তী শুনানিত এই সম্পৰ্কীয় সকলো উত্তৰ লৈ হাজিৰ ল’বলৈ মন্ত্ৰ্যালয়ক ন্যায়াধিকৰণে নিৰ্দেশ দিছে।

ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, ন্যায়াধীশ এচ পি ৱাংদি, ন্যায়াধীশ কে ৰামাকৃষ্ণন আৰু বিশেষজ্ঞ সদস্য নাগিন নন্দাক লৈ গঠিত বিচাৰপীঠখনে এই নিৰ্দেশ দিছে।

লগতে পঢ়ক– বিধেয়কৰ আঁচলত লুকাই মুকলি হোৱাৰ দিশে সোৱণশিৰিৰ বৃহৎ নদীবান্ধ

বিশেষজ্ঞ সমিতিখনৰ বিৰোধিতা কৰি আছাম পাব্লিক ৱৰ্কছে আবেদনখন দাখিল কৰিছিল।

“প্ৰৱেশ পান্দে, পি এম স্কট আৰু আই দি গুপ্তাই এন এইচ পি চিৰ সমৰ্থনত পূৰ্বে প্ৰতিবেদন দাখিল কৰিছিল। এই তিনিজন সদস্যৰ নিৰপেক্ষতাত আমি সন্দেহ প্ৰকাশ কৰিছো,” আবেদনকাৰী অভিজিত শৰ্মাই জনায়।

শুনানিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যও উপস্থিত আছিল।

আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে মুখ্য কৰি অসমৰ প্ৰায়ভাগ সংগঠনৰ প্ৰতিবাদত বৃহৎ নদীবান্ধটোৰ নিৰ্মাণ বন্ধ হৈ আছে।