• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন ঠাইৰ তুলনাত এই অঞ্চলৰ মহিলাসকল অধিক অগ্ৰণী আৰু সবল : লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 9, 2018 9:55 am

2 min read

08-10-18 Guwahati-17th Commonwealth Parliamentary Conference (7)

কমনৱেলথ পাৰ্লিয়েমেণ্টৰি কনফাৰেঞ্চত সোমবাৰে ভাষণ প্ৰদান কৰিছে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে। ফটো : ইউ বি

281
VIEWS
Share on FacebookShare on Twitter

‘’এম চি মেৰিকম, দীপা কৰ্মকাৰ, হিমা দাসৰ লেখীয়া নাৰী শক্তিৰে ভাৰতৰ অন্যান্য ঠাইৰ তুলনাত এই অঞ্চলটোৰ মহিলাসকল অধিক অগ্ৰণী আৰু সবল। এইসকল নাৰী মহিলা সৱলীকৰণৰ উজ্জ্বল প্ৰতিভূ।‘’ সোমবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ১৭তম্‌  কমনৱেলথ পাৰ্লিয়েমেণ্টৰি কনফাৰেঞ্চ আৰু স্পীকাৰ্ছ ৰিছাৰ্চ ইনিচিয়েটিভৰ নৰ্থ-ইষ্ট চেপ্টাৰৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি লোক সভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে এইদৰে কয়।

লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয়, ‘’উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দেশৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অপৰিহাৰ্য। ৰাষ্ট্ৰৰ সম উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গতিশীল আৰু দায়বদ্ধ সংসদীয় ব্যৱস্থা অপৰিহাৰ্য।‘’

গণতন্ত্ৰৰ লক্ষ্য আৰু উদ্দেশ্য সাফল্যমণ্ডিত কৰাৰ দিশত সংসদে বলিষ্ঠ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ অন্য প্ৰান্তৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আৱেগিক সংহতি সুদৃঢ় কৰাৰ এয়া উপায়ুক্ত সময় যাতে  অঞ্চলটোৰ জনসাধাৰণে মূল সুঁতিৰ পৰা পৃথক হোৱাৰ চিন্তাৰ ৱকাশ নাপায়।

অঞ্চলটোৰ সন্ত্ৰাসবাদৰ সমস্যাৰ ওপৰত আলোকপাত কৰি লোক সভাৰ অধ্যক্ষাগৰাকীয়ে স্পীকাৰ্ছ ৰিছাৰ্চ ইনিচিয়েটিভৰ দৰে মঞ্চই আইন প্ৰণেতা আৰু নীতি নিৰ্ধাৰকসকলক এই সমস্যাৰ স্থায়ী সমাধানৰ দিশত এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিব বুলি আশা ব্যক্ত কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দি সংসদীয় ব্যৱস্থাক পঞ্চায়ত আৰু নগৰ নিকায়ৰ দৰে স্থানীয় নিকায়লৈকে লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। সোণোৱালে এই প্ৰক্ৰিয়াই তৃণমূল পৰ্যায়ত থকা এই প্ৰতিষ্ঠানসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলক স্থানীয় সমস্যা সম্পৰ্কত আলাপ-আলোচনা তথা  বিতৰ্ক কৰাৰ সুযোগ প্ৰদানেৰে দেশৰ গণতান্ত্ৰিক পৰিকাঠামোক আৰু অধিক উজ্জীৱিত কৰিব বুলি মত ব্যক্ত কৰে।

চৰকাৰৰ কাম-কাজসমূহ ভালদৰে বিশ্লেষণ কৰাৰ বাবে এক কাৰ্যক্ষম সংসদীয় ব্যৱস্থা অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সুপ্ৰশাসন আৰু আৰু প্ৰগতিশীল গণতান্ত্ৰিক বাতাৱৰণ সূচনা কৰাৰ দিশতো সংসদীয় ব্যৱস্থাই বিশেষ ভূমিকা লয় বুলি কয়।

নৰ্থ-ইষ্ট চেণ্টাৰ অব্‌ স্পীকাৰ্ছ ৰিছাৰ্চ ইনিচিয়েটিভ মুকলি কৰাৰ বাবে সুমিত্ৰা মহাজনক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়ে সমগ্ৰ অঞ্চলটোৰ বিধায়িনী গাঁথনিৰ বিকাশ আৰু পৰিৱৰ্তনত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলাব।

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ অধ্যক্ষ, উপাধ্যক্ষ, বিধায়ক, সাংসদ তথা আইন প্ৰণেতাসকল উপস্থিত থাকে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd