• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰম লজ্জাজনক! ‘ডাৰ্লিং’ সম্বোধনেৰে ছাত্ৰীক প্ৰশ্নকাকত ফাদিলৰ প্ৰলোভন লক্ষ্ণৌৰ অধ্যাপকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 8:11 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীক প্ৰশ্নকাকত ফাদিলৰ প্ৰলোভন আৰু অশালীন বাৰ্তালাপেৰে মানসিক তথা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত লক্ষ্ণৌ বিশ্ববিদ্যালয়ে মঙলবাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰাণীবিজ্ঞান বিভাগৰ অভিযুক্ত সহকাৰী অধ্যাপক পৰমীত সিঙৰ (৪০) বিৰুদ্ধে তদন্তকাৰী সমিতিয়ে প্ৰাথমিক প্ৰমাণ লাভ কৰাৰ পিছতে উপাচাৰ্য জে পি সাইনীৰ নেতৃত্বত বহা জৰুৰী কাৰ্যবাহী বৈঠকত তেওঁক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হয়।

এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ এজাহাৰৰ ভিত্তিত হাচানগঞ্জ আৰক্ষীয়ে যোৱা ১৬ মে’ত অধ্যাপক পৰমীত সিঙক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ কেইবাটাও অডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ভাইৰেল হোৱা এটা অডিঅ’ ক্লিপত অভিযুক্ত শিক্ষকে ছাত্ৰীগৰাকীক ‘ডাৰ্লিং’ বুলি সম্বোধন কৰি পৰীক্ষাৰ পূৰ্বেই তেওঁৰ বাসগৃহলৈ আহিলে ফাদিল হোৱা প্ৰশ্নকাকত যোগান ধৰাৰ প্ৰলোভন দিয়া শুনা গৈছিল। এই ঘটনাই ৰাজ্যখনৰ শিক্ষা মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গঠন কৰি দিয়া তিনিজনীয়া উচ্চস্তৰীয় অনুশাসনমূলক সমিতিয়ে দাখিল কৰা অন্তৱৰ্তীকালীন প্ৰতিবেদনত উল্লেখ কৰিছে যে অভিযুক্ত শিক্ষকজনে নিজৰ পদৰ অপব্যৱহাৰ কৰি ছাত্ৰীগৰাকীক যৌন শোষণৰ চেষ্টা চলাইছিল। সমিতিয়ে তেওঁক শিক্ষকৰ আচৰণ বিধি উলংঘা কৰা, কৰ্মক্ষেত্ৰত গুৰুতৰ মানসিক আৰু যৌন নিৰ্যাতন চলোৱা আৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক মৰ্যাদা তথা ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ বাবে সম্পূৰ্ণ জগৰীয়া কৰিছে। কাৰ্যবাহী পৰিষদৰ বৈঠকত এই ভাইৰেল অডিঅ’ ক্লিপসমূহ পৰীক্ষা কৰাৰ পিছত সদস্যসকলে মত প্ৰকাশ কৰে যে এনে আচৰণ শিক্ষক-ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কৰ মৰ্যাদাৰ পৰিপন্থী।

আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে সহকাৰী অধ্যাপক পৰমীত সিঙে সংবাদ সংস্থা ‘পিটিআই’ৰ সৈতে দূৰভাষযোগে হোৱা বাৰ্তালাপত নিজক নিৰ্দোষী বুলি দাবী কৰিছিল। বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ৰাজনীতিৰ ষড়যন্ত্ৰৰ বলি হৈ তেওঁ এনে মিছা অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ দাবী কৰে। অৱশ্যে, কাৰ্যবাহী পৰিষদৰ বৈঠকৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে অনুষ্ঠিত বৈঠকত অভিযুক্তই ভাইৰেল হোৱা কণ্ঠস্বৰ তেওঁৰেই বুলি স্বীকাৰ কৰিছিল যদিও কথা প্ৰসংগত তেওঁৰ মুখ পিছলিহে তেনে শব্দ ওলাইছিল বুলি যুক্তি দৰ্শায়। ইফালে, ভুক্তভোগী ছাত্ৰীগৰাকীয়েও তদন্তকাৰী সমিতিৰ সন্মুখত হাজিৰ হৈ তেওঁৰ ওপৰত চলোৱা মানসিক নিৰ্যাতন আৰু হেঁচা প্ৰয়োগৰ সমগ্ৰ ধাৰাবাহিক ঘটনাৰ সবিস্তাৰ বিৱৰণ লিপিবদ্ধ কৰাইছে।

বিশ্ববিদ্যালয় প্ৰশাসনে নিলম্বিত অধ্যাপকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এখন চাৰ্জশ্বীট জাৰি কৰিছে। অহা ১৫ দিনৰ ভিতৰত তেওঁক সকলো প্ৰমাণসহ লিখিত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত সন্তোষজনক উত্তৰ লাভ নকৰিলে তেওঁৰ বিৰুদ্ধে চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd