• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , February 28, 2021 7:44 am

2 min read

IMG_20210223_19101207
263
VIEWS
Share on FacebookShare on Twitter

হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰা বিজেপি চৰকাৰখনৰ দিনতে   ৪৪ হাজাৰ কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰত আছে। স্বাধীনতাৰ পিছৰে পৰা ২০১৬ চনৰ আগলৈকে সকলো ধাৰ মিলালেও এই ধাৰৰ সমান নহয়। অসম খনক ভিক্ষাৰী অসম কৰিলে, তাৰ বাবে জগৰীয়া এই বিজেপি চৰকাৰখন,সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।  এই মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

 “বিজেপি চৰকাৰখনে অসমৰ সৰ্ব সাধাৰণ ৰাইজক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে। এই চৰকাৰ জনগণৰ তেজ শুহি খোৱা এখন চৰকাৰ। কেৱল পুজিপতিক পূজা অৰ্চনা কৰাৰহে চৰকাৰ এইখন। কা আন্দোলনৰ সময়ত পাঁচ গৰাকীকৈ যুৱকক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চৰকাৰ খনে আৰক্ষীৰ বিৰুদ্ধে কোনো তদন্ত নকৰিলে। আনকি তেওলোকক ছহীদ বুলি কবলৈও মুখ্যমন্ত্ৰীয়ে সাহস নকৰিলে। মুখ্যমন্ত্ৰীয়ে জয় আই অসম বুলি কবলৈও পাহৰি গৈছে। এতিয়া নিৰ্বাচনৰ আগে আগে ভোটৰ অংকৰ স্বাৰ্থতহে  পুনৰ জয় আই অসম  কবলৈ আৰম্ভ কৰিছে।” এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ।

শেহতীয়াকৈ বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ ভৱনত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন   বিশাল জাতীয় জাগৰণ সমাবেশ অনুষ্ঠিত হয়। এই সমাবেশত  অংশ গ্ৰহণ কৰি অজাপৰ সভাপতি গৰাকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়, “বিজেপি চৰকাৰৰ দিনত  চাকৰিৰ নামত দুৰ্নীতি, চুপাৰীৰ নামত চিণ্ডিকেট, কাঠৰ নামত চিণ্ডিকেট, ৰামৰ নাম লৈ গৰুৰ  চিণ্ডিকেট,  যিমান ঠিকা আছে সকলোতে ৫ শতাংশ কমিচন লয় বুলি সকলোৱে জানে। বিজেপি চৰকাৰে চিণ্ডিকেট ৰাজৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে।”

এক বিশাল বাইক ৰেলীৰে আদৰি অনা লুৰীণ জ্যোতি গগৈয়ে আনকি এ পি এছ ছি কেলেংকাৰীত কেৱল ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিয়েই বিজেপি চৰকাৰ খনে দুৰ্নীতি বিৰোধী অভিযান সমাপ্ত কৰিলে বুলি অভিযোগ তোলে।

আনহাতে  বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে অসমত সৃষ্টি হোৱা নতুন দল সমূহ কেৱল কথাৰেহে চলি আছে বুলি কৰা মন্তব্যৰ উত্তৰত অজাপৰ সভাপতি গৰাকীয়ে কয় যে  আমাক চৰকাৰ কৰিবলৈ দিয়ক আমি কাম কৰি দেখুৱাম। দুৰ্নীতিত নিমজ্জিত চৰকাৰ খনে মুখত এতিয়া ৰাম নাম লৈ লাভ নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে চিণ্ডিকেটৰ লগত জড়িত সকলোকে কৰায়ত্ত কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় লুৰীণ  জ্যোতি গগৈয়ে।

ইফালে বিজেপিৰ ১০০ প্লাছৰ প্ৰসংগত তেওঁ  কয় যে গণতন্ত্ৰক  বিশ্বাস নকৰা সকলেহে ১০০ প্লাছৰ কথা কয়।অহংকাৰী ,অতিমানৱেহে এনেকুৱা কথা কব পাৰে বুলি বিজেপিক কটাক্ষ কৰে অজাপৰ সভাপতি গৰাকীয়ে। আনকি  ই ভি এম মেছিনত যি সকলে দুই নম্বৰী কৰে, যি সকলে  নিজকে কলি যুগৰ ভগবান বুলি ভাৱে  তেওঁলোকেহে এনেকুৱা ১০০ প্লাছৰ কথা কব পাৰে বুলি মন্তব্য কৰে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd