• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্য গুৱাহাটী সমষ্টিৰ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীক আৰক্ষীৰ চমন; তীব্ৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 21, 2026 11:20 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীক আৰক্ষীয়ে চমন দিয়াৰ ঘটনাটো আশ্চৰ্যজনক আৰু দুৰ্ভাগ্যজনক। এয়া কেৱল এগৰাকী প্ৰাৰ্থীৰ ওপৰত প্ৰশাসনিক চাপেই নহয়, এয়া সাম্প্ৰতিক অসমত গণতন্ত্ৰৰ ওপৰত চলি থকা বিজেপিৰ দমননীতিৰ জ্বলন্ত উদাহৰণ।‘’ এইদৰেই আজি সামাজিক মাধ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

উল্লেখ্য যে চলিত অসম বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুংকি চৌধুৰীক চমন জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক দেওবাৰে পুৱা ১১ বজাত পানবজাৰ আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২৭ বছৰীয়া চৌধুৰী চলিত নিৰ্বাচনৰ কনিষ্ঠতম প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম। প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।

Apply Now

নিজৰ প্ৰতিক্ৰিয়াত অজাপৰ নেতাগৰাকীয়ে কয়, ‘’যেতিয়া শাসনক্ষমতাত থকা দলটোৱে ক্ষমতা হেৰুৱাব বুলি শংকিত হৈ উঠে, যেতিয়া জনগণৰ মতদান তেওঁলোকৰ বিপক্ষে গৈছে বুলি নিশ্চিত হৈ পৰে, তেতিয়াই বক্ৰপথেৰে ক্ষমতাক কুক্ষিগত কৰি ৰাখিবলৈ বিজেপিৰ দৰে ফেচিষ্ট দলে অগণতান্ত্ৰিক পন্থাসমূহ অৱলম্বন কৰে।‘’

লুৰিণজ্যোতিৰ অভিযোগ ‘’হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে প্ৰশাসন আৰু আৰক্ষীক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপজ্জনক সংকেত। অসমত বিজেপিয়ে ভয়-ভাবুকি, দমন-উৎপীড়ন আৰু গুণ্ডাৰাজৰ জৰিয়তে বিৰোধীৰ কণ্ঠক প্ৰতিহত কৰিবলৈ বিচাৰে।‘’

অজাপ নেতাগৰাকীৰ  প্ৰশ্ন— ‘’কুংকি চৌধুৰীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো ডীপফেক ভিডিঅ’ প্ৰকাশ কৰা বিজেপিৰ পালিনেতাসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়? পক্ষপাতমূলক আচৰণ কিয় কৰিছে অসম আৰক্ষীয়ে?’’

অসম জাতীয়পৰিষদৰ নেতাগৰাকীয়ে কয়, ‘’মধ্য গুৱাহাটী সমষ্টিত অজাপৰ প্ৰাৰ্থীগৰাকীৰ উত্থান আৰু জয়ৰ সম্ভাৱনা দেখি আতংকিত হৈ পৰা বিজেপিয়ে এতিয়া ভয়-ভাবুকিৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। কিন্তু এইটোও সমানেই সত্য যে ভয় দেখুৱাই সত্যক চিৰদিনৰ বাবে ঢাকি ৰাখিব নোৱাৰি। কুংকি চৌধুৰীৰ দৰে সাহসী তৰুণীক আমি এই সময়ত স্পষ্ট বাৰ্তা দিব বিচাৰোঁ যে তুমি অকলশৰীয়া নহয়। অসমৰ গণতান্ত্ৰিক চিন্তা-চেতনা থকা হাজাৰ হাজাৰ মানুহ কুংকি চৌধুৰী লগত আছে। এই ভয়-ভাবুকিয়ে অসম জাতীয় পৰিষদৰ জাতীয় সেৱকৰ সংগ্ৰামক আৰু শক্তিশালীহে কৰিব।‘’

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ‘’এয়া ভয় খোৱাৰ নহয়, এই সময় সত্যৰ পক্ষত দৃঢ়ভাৱে থিয় দিয়াৰ। যিসকলে গণতন্ত্ৰত বিশ্বাস কৰে, তেওঁলোকে আজি একেলগে মাত মাতিব লাগিব। প্ৰশাসনে ৰাজনৈতিক অপব্যৱহাৰ বন্ধ কৰক, ৰাজনৈতিক প্ৰতিহিংসা বন্ধ কৰক। অসমে কেতিয়াও বিজেপিৰ গুণ্ডাৰাজ স্বীকাৰ নকৰে। আমাৰ মাটিত সদায়েই গণতন্ত্ৰ, ন্যায় আৰু অধিকাৰৰ জয় হ’বই। এই সংগ্ৰাম চলি থাকিব— সাহসেৰে, একতাৰ সৈতে, আৰু সততাৰ শক্তিৰে।‘’

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd