• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাম বিভ্ৰাটৰ বাবেই ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাইছে বিজনীৰ মধুবালাই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 11:13 am
kokrajhar(1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত সন্দেহযুক্ত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই নাম বিভ্ৰাটৰ বাবে এগৰাকী মহিলাই ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাবলগীয়া হোৱা এক ঘটনা পোহৰলৈ আহিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰ গাঁৱৰ এগৰাকী মহিলাই নাম বিভ্ৰাটৰ বাবেই তিনিবছৰ ধৰি কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থাকিবলগীয়া হোৱাৰ অভিযোগ উঠিছে।

উপযুক্ত নথি থকাৰ পাছতো বিজনীৰ ১নং বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা ৫৯ বছৰীয়া মধুবালা মণ্ডল নামৰ ভাৰতীয় মহিলাগৰাকীক বিদেশী ন্যায়াধীকৰণে ২০১৬ চনত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

ঘটনা অনুসৰি, ২০১৬ চনত ১নং বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা মাখন নমঃ দাসৰ পত্নী মধুবালা দাসৰ নামত বিদেশী ন্যায়াধীকৰণৰ আদালতে বিদেশীৰ জাননী জাৰি কৰে। কিন্তু মাখন নমঃ দাস আৰু পত্নী মধুবালা দাসৰ বহু বছৰ আগতে মৃত্যু ঘটে।

আশ্চৰ্যজনকভাৱে, ইয়াৰ পাছতে বিদেশী ন্যায়াধীকৰণ আদালতে মধুবালা দাসৰ নামত জাৰি কৰা বিদেশী জাননীৰ ভিত্তিতেই গাঁওখনৰেই বাসিন্দা নেপাল মণ্ডলৰ কন্যা তথা ৰমাকান্ত মণ্ডলৰ পত্নী মধুবালা মণ্ডলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

বিগত তিনিবছৰ ধৰি এগৰাকী ভাৰতীয় মহিলাই বিদেশী হিচাপে কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত কটাবলগীয়া হোৱা ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, মধুবালা মণ্ডলৰ পিতৃ নেপাল মণ্ডলৰ ১৯৭১ চনৰ ভোটাৰ তালিকাত নাম থকাৰ উপৰি অন্যান্য নথি পত্ৰ থকাৰ পাছতো ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

ইপিনে, স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত বিজনী মহকুমাধিপতি আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ দিয়ে যদিও তেওঁলোকে আইনগতভাৱে কোনো সহায় নকৰা বুলি অভিযোগ কৰে।

অতি দৰিদ্ৰ পৰিয়ালৰ মধুবালা মণ্ডল ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ বাবে একমাত্ৰ মুকবধিৰ কন্যা ফুলমালা মণ্ডল বৰ্তমান মধুবালাৰ পিতৃগৃহত আশ্ৰয় লৈ আছে। নাম বিভ্ৰাটৰ বাবেই এনেদৰে বন্দীত্বৰ দশা কটাবলগীয়া হোবা মধুবালাক শীঘ্ৰেই মুকলি কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd