NORTHEAST NOW (Assamese)

নগাঁৱত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ অভিযোগ পৰিয়ালৰ

February 19, 2022 5:22 pm · এন ই নাও নিউজ, গুৱাহাটী

নগাঁৱৰ ৰূপহিহাটৰ গেৰুগাঁৱত এখন মাদ্ৰাছাৰ শৌচাগাৰৰ ভিতৰত এজন ছাত্ৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

মৃত ছাত্ৰজন একেখন গেৰুৱাগাঁৱৰে বাসিন্দা ইৰফান পাঠান বুলি চিনাক্ত কৰা হৈছে।

আনহাতে মৃত ইৰফানৰ পৰিয়ালে মাদ্ৰাছা কৰ্তৃপক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকে মিজানুৰ ৰহমান নামৰ এজন শিক্ষক আৰু ৰিয়াজ উদ্দিন এজন ছাত্ৰৰ বিৰুদ্ধে ইৰফানক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ৰহস্যজনকভাৱে মৃত ইৰফানৰ পৰিয়ালৰ এই অভিযোগৰ পিছতেই অভিযুক্ত শিক্ষক আৰু ছাত্ৰজন পলাতক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই গোটেই ঘটনাৰ আঁৰত ব্যক্তিগত শত্ৰুতা থকা বুলি সন্দেহ কৰিছে।

ইৰফান আৰু অভিযুক্ত দুজনৰ মাজত কাজিয়াৰ প্ৰমাণো আৰক্ষীয়ে লাভ কৰিছে বুলি সদৰি কৰিছে।

এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।লগতে অভিযুক্ত ব্যক্তি দুজনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News