• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

সৌৰভ চন্দ্ৰকৰে দক্ষিণ-পূব এছিয়াৰ এখন দেশৰ ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি ওমানত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ভাৰত আৰু ওমানৰ মাজত প্ৰত্যাৰ্পণ চুক্তি থকাৰ বাবে তেওঁক শীঘ্ৰে ভাৰতলৈ আনিব পৰা হ’ব বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ আশাবাদী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2026 7:45 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জানিব পৰা মতে, ভাৰতৰ অন্যতম বৃহৎ অনলাইন বেটিং কেলেংকাৰীৰ মূল অভিযুক্ত সৌৰভ চন্দ্ৰকৰক ওমানত গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সংস্থাৰ সূত্ৰ অনুসৰি জুন মাহৰ শেষ সপ্তাহত ওমান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

ভাৰত চৰকাৰে এতিয়া তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তদন্তকাৰীসকলে ধাৰণা কৰে যে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা সৌৰভক দেশলৈ ঘূৰাই অনা হ’লে মহাদেৱ অনলাইন বেটিং গোচৰৰ তদন্তত এক বৃহৎ অগ্ৰগতি হ’ব পাৰে।

Apply Now

সূত্ৰ অনুসৰি ভাৰতীয় তদন্তকাৰী সংস্থাৰ অনুৰোধত ইন্টাৰপলে জাৰি কৰা ৰেড নোটিচৰ ভিত্তিত ওমানৰ ৰয়েল পুলিচে সৌৰভ চন্দ্ৰকৰক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ভাৰতীয় সংস্থাসমূহে চৰকাৰী পর্যায়ত এই তথ্য সম্পূর্ণ নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছে৷

প্ৰাথমিক তদন্তত সৌৰভ চন্দ্ৰকৰে দক্ষিণ-পূব এছিয়াৰ এখন দেশৰ ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি ওমানত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ভাৰত আৰু ওমানৰ মাজত প্ৰত্যাৰ্পণ চুক্তি থকাৰ বাবে তেওঁক শীঘ্ৰে ভাৰতলৈ আনিব পৰা হ’ব বুলি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ আশাবাদী।

২০১৯ চনৰ পৰা পলাতক হৈ থকা সৌৰভ চন্দ্ৰকৰৰ বিৰুদ্ধে ৰবি উপ্পলৰ সৈতে ‘মহাদেৱ’ নামৰ এটা বিশাল অনলাইন বেটিং নেটৱৰ্ক গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে। সেই বছৰতে দুয়োজনে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইলৈ পলায়ন কৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে এই বেটিং চক্ৰৰ এটা বৃহৎ অংশ এতিয়াও তাৰ পৰাই চলি আছে।

ইয়াৰ পূৰ্বে ২০২৪ চনত সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত ইন্টাৰপল ৰেড নোটিচৰ ভিত্তিত সৌৰভক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত তেওঁক গৃহবন্দী কৰি ৰখা হৈছিল যদিও ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধ অৱশেষত সফল নহ’ল। ফলত তেওঁক মুকলি কৰি দিয়া হয়। একেদৰে তেওঁৰ সহযোগী ৰবি উপ্পলৰ বিৰুদ্ধেও প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও শেষলৈকে আগনাবাঢ়িল। পিছত তেওঁ নিৰুদ্দেশ হোৱা বুলি তদন্তকাৰীয়ে দাবী কৰে।

মহাদেৱ অনলাইন বেটিং এপ কেলেংকাৰীৰ তদন্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই), বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু ছত্তীশগড় আৰক্ষীয়ে। তদন্তত প্ৰকাশ পাইছে যে এই চক্ৰৰ জৰিয়তে অনলাইনত পকাৰ, কাৰ্ড গেম, ক্ৰিকেট, ফুটবল, টেনিছ, বেডমিণ্টন আনকি বিভিন্ন নিৰ্বাচনৰ ফলাফলৰ ওপৰতো অবৈধ বাজিৰ ধৰা হৈছিল।

ইডিৰ চাৰ্জ শ্বীটৰ মতে, এই বেটিং চক্ৰটোৱে সমগ্ৰ দেশতে কমেও ৩,২০০টা বেটিং পেনেলৰ জৰিয়তে কাম কৰিছিল। তদন্তত দাবী কৰা হৈছে যে দৈনিক প্ৰায় ২৪০ কোটি টকাৰ লেনদেন হৈছিল। ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে এই ব্যৱসায় চলাবলৈ ডুবাইত প্ৰায় ২০টা ভিলা ভাড়াত লোৱা হৈছিল, য’ত প্ৰায় ৩৫০০ কৰ্মচাৰীয়ে কাম কৰিছিল।

এই গোচৰৰ তদন্তত চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নামো ওলাইছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বাঘেলে অস্বীকাৰ কৰিছে। তদন্তকাৰীৰ মতে, যদি সৌৰভ চন্দ্ৰকৰক ভাৰতলৈ ঘূৰাই অনা হয়, তেন্তে এই বহু চৰ্চিত বেটিং কেলেংকাৰীৰ বিত্তীয় লেনদেন, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু ইয়াৰ সৈতে জড়িত প্ৰভাৱশালী লোকৰ ভূমিকা সম্পৰ্কে অধিক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd