• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 6:46 pm

2 min read

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ
216
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলাত বিজয় সাব্যস্ত কৰাৰ পাছত দেশৰ মাটিত উপস্থিত হৈয়ে ঘৰলৈ যোৱাৰ পূৰ্বে স্বৰ্গগামী পিতৃৰ সমাধিলৈ গৈ সন্মান জনাই ভাৰতীয় দলৰ যুৱ বেগী বলাৰ মহম্মদ চিৰাজে।

মহম্মদ চিৰাজে হায়দৰাবাদ বিমান বন্দৰৰ পৰা পোনে পোনে পিতৃৰ সমাধি স্থলীলৈ যায়।

‘‘মই মোৰ পিতৃক কিছু সময় চোৱাৰ বাবে সমাধিলৈ গৈছিলো…..মই তেওঁৰ সৈতে কথা পাতিব পৰা নাছিলো যদিও তেওঁৰ সমাধিত ফুল অৰ্পন কৰো,’’ আৱেগিক হৈ মহম্মদ চিৰাজে কয়।

অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ আৰু টেষ্ট শৃংখলাত বিজয় সাব্যস্ত কৰি ঘৰলৈ উভতি অহা ভাৰতীয় দলৰ বিজয়ত মহম্মদ চিৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মহম্মদ চিৰাজে ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল।

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্বে মহম্মদ চিৰাজৰ পিতৃৰ বিয়োগ ঘটিছিল।

কোভিডৰ বাবে কঠোৰ কোৱাৰেণ্টাইনৰ নিয়ম পালন কৰিবলগীয়া হোৱা বাবে চিৰাজে ভাৰতলৈ উভতি আহিব পৰা নাছিল।

ডুবাইত আই পি এল চলি থকা সময়ৰে পৰা চিৰাজৰ পিতৃ অসুস্থ হৈ আছিল আৰু চিৰাজ অষ্ট্ৰেলিয়াত থকা সময়তে তেওঁৰ বিয়োগ ঘটিছিল।

পিতৃৰ বিয়োগৰ সময়ত বিৰাট কোহলীয়ে চিৰাজৰ মনোবল বৃদ্ধি কৰি কৈছিল, ‘মিঞা তুমি তোমাৰ পিতৃৰ বাবে এই শৃংখলাত উজলি উঠিব লাগিব।’’

অৱশেষত কোহলীৰ কথাই সঁচা প্ৰতিপন্ন হ’ল। অষ্ট্ৰেলিয়াৰ মাটিত হাতত ব’ল লৈ দুৰ্দান্ত চুয়িং আৰু বেগেৰে বিপদজনক হৈ পৰিল চিৰাজ। এয়া প্ৰয়াত পিতৃৰ বাবে এগৰাকী প্ৰকৃত পুত্ৰৰ হৃদয়বান শ্ৰদ্ধাঞ্জলি।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাই বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোনয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd