• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ দ্বিতীয়খন চৰকাৰক অসমৰ অন্যায় নকৰিবলৈ আহ্বান প্ৰফুল্ল কুমাৰ মহন্তৰ

অগপই হাৰিব লগীয়া আসনকেইখনেই লৈছিল, গতিকে হাৰিছে : মহন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 24, 2019 8:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰোধিতাক অৱজ্ঞা কৰি বিজেপিৰে পুনৰ মিত্ৰতা কৰা অগপই লোক সভা নিৰ্বাচনত মুখথেকেচা খালে। তিনিখনৰ এখনো আসন নাপালে আঞ্চলিক দলটোৱে।

দলটোৰ এই ফলাফলৰ পাছত প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ প্ৰতিক্ৰিয়া, “হাৰিব লগীয়া আসনকেইখনেই লৈছে, গতিকে হাৰিবই। সভাপতি অতুল বৰায়ো স্বীকাৰ কৰিছে ‘বি গ্ৰেড’ আসন বুলি”।

Apply Now

বিজেপিৰ লগত কেনে ধৰণৰ বুজাবুজি হৈছিল সেই কথা সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তইহে জানিব বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

ইপিনে, বিজেপিৰে মিত্ৰতাৰ ফলত অগপই বহুতৰ সমৰ্থন হেৰুওৱা বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে।

তেওঁ কয়, “অগপই অকলশৰীয়াকৈ নিৰ্বাচন খেলা হ’লে ২০২১ত চৰকাৰ গঠন কৰাৰ এটা ইংগিত আছিল। কিন্তু বুজাবুজি হোৱাৰ ফলত কিছুসংখ্যক লোক অগপৰ পৰা আঁতৰি গৈছে, এই কথাটো প্ৰমাণিত হৈছে। বিশেষকৈ সংখ্যলঘু লোকসকলে বিকল্প নোহোৱাৰ বাবে কংগ্ৰেছক ভোট দিছে। কিন্তু বিজেপিৰ সৈতে মিত্ৰতা নোহোৱা হ’লে তেওঁলোকে ২০২১-ত অগপক ভোট দিলে হেঁতেন”।

ইপিনে, মহন্তই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ’ব লগীয়া দ্বিতীয়খন চৰকাৰক অসমৰ অন্যায় নকৰিবলৈ আহ্বান জনাইছে।

২৩ মে’ত ঘোষিত দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলত বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক শুভেচ্ছা জনায় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰে আৰু এই বিষয়টোৱে অসমৰ ৰাইজক দুখ দিয়ে বুলিও মন্তব্য কৰে।

“যোৱা পাঁচ বছৰত নাগৰিকত্ব সংশোধনী বিধেয়ক, অসমৰ মাটি বাংলাদেশক দিয়া আদি বিষয়ে অসমৰ মানুহৰ অন্তৰত যথেষ্ট আঘাত দিছে। ইয়াৰ দ্বাৰা অসম চুক্তি উলংঘা হ’ব, য’ত ৮৫৫গৰাকী চহিদৰ ত্যাগৰ প্ৰশ্ন জড়িত আছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বাংলাদেশৰ পৰা প্ৰায় ১ কোটি ৯০ লাখ মানুহ আনি অসমত সংস্থাপনৰ যি প্ৰচেষ্টা চলাইছে সি অসমৰ খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰিব আৰু অসমৰ ভৱিষ্যত ডাৱৰাবৃত কৰিব”, প্ৰফুল্ল কুমাৰ মহন্তই কয়।

নৰেন্দ্ৰ মোদীক এনেবোৰ প্ৰচেষ্টাৰ পৰা বিৰত থকাৰ লগতে সৰু সৰু ৰাজ্যসমূহৰ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও তেওঁ প্ৰধান মন্ত্ৰী মোদীক আহ্বান জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে এই নিৰ্বাচনত প্ৰভাৱ পেলোৱা নাই বুলিও মহন্তই স্বীকাৰ কৰে। “কিন্তু আগলৈ অসমৰ মানুহে বিধেয়কখনৰ বিৰোধিতা কৰি যাব”, তেওঁৰ মন্তব্য।

জুন মাহত খালী হ’ব লগীয়া দুখন আসনৰ এখন অগপক বিজেপিয়ে এৰি দিয়াৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰে। অৱশ্যে ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অগপই ১৪জন সাংসদেৰে অকলে আগ বাঢ়িব নোৱাৰিব বুলি মন্তব্য কৰি ইয়াৰ বাবে আন দলৰ সৈতে বুজাবুজি কৰাৰ প্ৰয়োজন আছে বুলি মহন্তই কয়।

কিন্তু ৰাজ্যসভাৰ বাবে প্ৰক্ষেপিত হ’ব লগীয়া প্ৰাৰ্থীজন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা প্ৰাৰ্থী হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd