• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অজিত পাৱাৰৰ মৃত্যুত স্তব্ধ মহাৰাষ্ট্ৰ, তিনিদিনীয়া শোক পালন : বন্ধ থাকিব চৰকাৰী শিক্ষানুষ্ঠান আৰু কাৰ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 9:15 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ এক শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। বুধবাৰে সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ মহাৰাষ্ট্ৰতে গভীৰ শোকৰ ছাঁ পেলাইছে। এই দুখজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তিনিদিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি অহা ৩০ জানুৱাৰী পৰ্যন্ত মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান তথা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। এই তিনিদিনৰ শোককালত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু চৰকাৰী তথা মনোৰঞ্জনমূলক সকলো অনুষ্ঠান বাতিল কৰা হৈছে।

সর্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবীশে এই কথা নিশ্চিত কৰিছে যে ৰাজ্যখনত ৩০ জানুৱাৰীলৈকে চৰকাৰী শোক পালন কৰা হ’ব। জানিব পৰা মতে এখন চাৰ্টাৰ্ড বিমানেৰে মুম্বাইৰ পৰা বাৰামতী লৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। উৰণ আৰম্ভ কৰাৰ প্ৰায় ৪৫ মিনিটৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। অজিত পাৱাৰে সেইদিনা তিনিখনকৈ নিৰ্বাচনী জনসভাত অংশ লোৱাৰ কথা আছিল। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বিমানখন মাটিত আছড়ে পৰাৰ লগে লগে জুই লাগি যায় আৰু উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মুঠ পাঁচজন লোকৰ থিতাতে মৃত্যু হয়।

Apply Now

বিমানখনৰ ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ হোৱা মৃতদেহসমূহ চিনাক্ত কৰাটো প্ৰথম অৱস্থাত যথেষ্ট কঠিন হৈ পৰিছিল। পৰৱৰ্তী সময়ত হাতঘড়ী আৰু পোছাক প্ৰত্যক্ষ কৰিহে অজিত পাৱাৰৰ মৃতদেহটো চিনাক্ত কৰা হয়। ডিজচিএ-ৰ পৰা জনোৱা অনুসৰি পুৱা ৮ বজাত মুম্বাই বিমান বন্দৰৰ পৰা উৰা মৰা বিমানখনে ৮ বাজি ৪৫ মিনিটত বাৰামতীত জৰুৰী অৱতৰণৰ চেষ্টা কৰিছিল। কিন্তু অৱতৰণৰ ঠিক আগমুহূৰ্তত যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তদন্তৰ বাবে ইতিমধ্যে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে।

ডিজচিএ-ৰ সূত্ৰই প্ৰকাশ কৰিছে যে বিমানখনত দুজন ক্ৰু মেম্বাৰ আৰু তিনিজন যাত্ৰী আছিল। দুৰ্ঘটনাটোৰ আগত বিমানখনৰ পৰা কোনো ধৰণৰ বিপদকালীন সংকেত বা মে-ডে কল দিয়া হোৱা নাছিল। সেই সময়ত বাৰামতীত দৃশ্যমানতা অতি কম আছিল আৰু ডাৱৰীয়া বতৰৰ বাবে পাইলটে ৰানৱে স্পষ্টকৈ দেখা পোৱা নাছিল। প্ৰথমবাৰ অৱতৰণৰ চেষ্টা বিফল হোৱাৰ পাছত আকাশত এপাক ঘূৰি দ্বিতীয়বাৰ চেষ্টা কৰোঁতেই ৰানৱেৰ পৰা ১০০ ফুট দূৰত বিমানখন ভাঙি পৰে আৰু এক বিকট বিস্ফোৰণৰ শব্দৰে সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।

এই দুৰ্ঘটনাগ্ৰস্ত বিমানখন লিয়াৰজেট ৪৫ মডেলৰ আছিল যিখন বম্বাৰ্ডিয়াৰ এৰোস্পেচ নামৰ সংস্থাটোৱে নিৰ্মাণ কৰিছিল। ১৫ বছৰ পুৰণি এই বিমান মডেলটোৰ সুৰক্ষা সন্দৰ্ভত পূৰ্বেও প্ৰশ্ন উত্থাপন হৈছিল কাৰণ ২০২৩ চনতো অনুৰূপ ধৰণৰ এক বিমান দুৰ্ঘটনা মুম্বাইত সংঘটিত হৈছিল। সেইবাৰো বিশাখাপত্তনমৰ পৰা অহা এখন বিমান অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বৰ্তমান এই সমগ্ৰ ঘটনাটোৰ গভীৰ তদন্ত চলাই থকা হৈছে আৰু সমগ্ৰ দেশবাসীয়ে অজিত পাৱাৰৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd