NORTHEAST NOW (Assamese)

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

December 1, 2021 6:48 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 1, 2021 7:11 am

সমগ্ৰ ৰাজ্য কঁপাই যোৱা যোৰহাটৰ অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যু হৈছে।

জানিব পৰা মতে আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল ক’লা ল’ৰাই।

পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীৰ আন এখন গাড়ীয়ে খুন্দিয়াই ক’লা ল’ৰাক।

দুৰ্ঘটনাত আহত ক’লা ল’ৰাক লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

এই ঘটনাত আৰক্ষীৰ এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আৰক্ষীৰ তিনিজন লোকো আহত হৈছে।

Related News