DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

IPL Retention list: কোন দলে ৰিটেইন কৰিলে কোন তাৰকাক? কোনে পালে সৰ্বাধিক দৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2021 8:27 am
IPL retention list
283
VIEWS
Share on FacebookShare on Twitter

অহা বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ৰ বাবে দলসমূহে প্ৰকাশ কৰিছে ৰিটেইন কৰা খেলুৱৈৰ চুড়ান্ত তালিকা। এই বৰ্ষৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, মুম্বাই ইণ্ডিয়াঞ্চ আৰু দিল্লী কেপিটেলছে চাৰিজনকৈ খেলুৱৈক ৰিটেইন কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ হাইদৰাবাদ, ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে তিনিজনকৈ খেলুৱৈক ৰিটেইন কৰে। আনহাতে পঞ্জাৱ কিংছে ৰিটেইন কৰে দুজন খেলুৱৈক।

অহা বৰ্ষত নতুনকৈ আত্মপ্ৰকাশ কৰিবলগীয়া IPL ৰ নতুন দল আহমেদাবাদ আৰু লক্ষ্মৌৱে ডিচেম্বৰৰ ১ তাৰিখৰ পৰা ২৫ তাৰিখৰ ভিতৰত তিনিজনৈ খেলুৱৈক চুক্তিবদ্ধ কৰাৰ সুযোগ পাব। ইয়াৰে দুজন ভাৰতীয় খেলুৱৈৰ বিপৰীতে এজন বিদেশী খেলুৱৈ হ’ব।

ৰিটেইন কৰা খেলুৱৈৰ মাজত এইবাৰ সৰ্বাধিক দৰ লাভ কৰিছে ৰবীন্দ্ৰ জাদেজা, ৰোহিত শৰ্মা আৰু ঋষভ পণ্টে। তিনিওগৰাকী খেলুৱৈক তেওঁলোকৰ পূৰ্বৰ দল কেইটাই ১৬ কোটি টকাত চুক্তিবদ্ধ কৰে।

এই বৰ্ষৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছে প্ৰথম বৰ্ষৰ পৰাই দলক নেতৃত্ব প্ৰদান কৰি অহা মহেন্দ্ৰ সিং ধোনীক অহা বৰ্ষৰ বাবেও দলত ধৰি ৰাখে। দলটোৱে ধোনীক ১২ কোটি টকাত চুক্তিবদ্ধ কৰে। আনহাতে ৰবীন্দ্ৰ জাদেজাক ১৬ কোটি, মঈন আলীক ৮ কোটি আৰু ৰুতুৰাজ গাইকোৱাডক ৬ কোটি টকাৰ বিনিময়ত ৰিটেইন কৰে চেন্নায়ে। আনহাতে দলৰ আটাইতকৈ সফল তাৰকা সুৰেশ ৰাইনাক এইবাৰ দলৰ পৰা মুকলি কৰি দিয়ে। ৰাইনাই এতিয়া খেলুৱৈৰ নিলামত অংশগ্ৰহণ কৰিব।

মুম্বাই ইণ্ডিয়াঞ্চেও দলৰ চাৰিজন খেলুৱৈক ৰিটেইন কৰিছে। দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক ১৬ কোটি টকাত চুক্তিবদ্ধ কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহক ১২ কোটি, সুৰ্যকুমাৰ যাদৱক ৮ কোটি আৰু কাইৰণ পোলাৰ্ডক ৬ কোটি টকাত ৰিটেইন কৰে দলটোৱে।

কলকাতা নাইট ৰাইডাৰ্ছে ১২ কোটি টকাত আন্দ্ৰে ৰাছেলক ৰিটেইন কৰাৰ লগতে বৰুণ চক্ৰৱৰ্তীক ৮ কোটি, ভেংকটেশ আয়াৰক ৮ কোটি আৰু সুনীল নাৰাইণক ৬ কোটি টকাত ৰিটেইন কৰে।

ৰাজস্থান ৰয়েলছে প্ৰথম পচন্দ হিচাপে সঞ্জু চেমচনক ১৪ কোটি টকাৰ বিনিময়ত দলত ৰাখে। দলটোৱে জ’ছ বাটলাৰক ১০ কোটি আৰু য়স্বভী জয়ছোৱালক ৪ কোটি টকাত ৰিটেইন কৰে।

দিল্লী কেপিটেলছে ঋষভ পণ্টক সৰ্বাধিক ১৬ কোটি টকাৰে ৰিটেইন কৰে। আনহাতে অক্সৰ পেটেলক ৯ কোটি, পৃথ্বী শ্ব’ক ৭.৫ কোটি আৰু এনৰিখ ন’কিয়াক ৬.৫ কোটি টকাৰে দলত ৰাখে।

ছানৰাইজাৰ্ছ হাইদৰাবাদে সৰ্বাধিক ১৪ কোটি টকাত ৰিটেইন কৰে নিউজিলেণ্ডৰ তাৰকা কেন উইলিয়ামচনক। কেইবাজনো মূল্যৱান তাৰকা খেলুৱৈক মুকলি কৰি দিয়া দলটোৱে উদীয়মান খেলুৱৈ আব্দুল চামাদ আৰু উমৰান মালিকক ৪ কোটি টকাত ৰিটেইন কৰি এক প্ৰকাৰৰ চমক সৃষ্টি কৰে।

পঞ্জাৱ কিংছে মাত্ৰ দুজন খেলুৱৈক দলত ৰাখে। দলটোৱে মায়াংক আগৰৱালক ১২ কোটি টকাৰ বিনিময়ত আৰু অৰ্শদ্বীপ সিঙক ৪ কোটি টকাত ৰিটেইন কৰে। দলটোৱে তাৰকা খেলুৱৈ লোকেশ ৰাহুলক ৰিটেইন কৰিবলৈ আগ্ৰহী আছিল যদিও ৰাহুলে নিলামত ভাগ লোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

আনহাতে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে দলৰ মূল তাৰকা বিৰাট কোহলীক পুনৰ বাৰ ১৫ কোটি টকাৰ বিনিময়ত দলত ৰাখে। দলটোৱে মেক্সৱেলক ১১ কোটি আৰু মহম্মদ চিৰাজক ৭ কোটি টকাত ৰিটেইন কৰে।

আইপিএলৰ দলসমূহে কেইবাজনো তাৰকা খেলুৱৈক মুকলি কৰি দিয়াৰ পাছত দল গঠনৰ বাবে হ’বলগীয়া নিলামত এই খেলুৱৈসকলে ভাগ ল’ব লাগিব। নিলামত কেইবাজনো তাৰকাই বৃহৎ দৰ লাভ কৰাৰ সম্ভাৱনা আছে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd