• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব নিয়মত ডাঙৰ সালসলনি, জমা দিব লাগিব পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পাছপ’ৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 7:38 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব নিয়ম ২০০৯ ৰ প্ৰস্তাৱিত সংশোধনৰ খচৰা অধিসূচনা জাৰি কৰিছে। এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা আবেদনকাৰীসকলে নিজৰ ওচৰত পাকিস্তান, বাংলাদেশ বা আফগানিস্তানৰ চৰকাৰে জাৰি কৰা পাছপ’ৰ্ট আছে নে নাই সেই কথা স্পষ্টকৈ ঘোষণা কৰিব লাগিব। কেৱল সিমানেই নহয়, ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁলোকে এই পাছপ’ৰ্টসমূহ চৰকাৰৰ ওচৰত জমা দিব লাগিব।

गृह মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী জাননী অনুসৰি প্ৰস্তাৱিত নাগৰিকত্ব সংশোধন নিয়ম ২০২৬ ত এটা নতুন নিয়ম সংযোজন কৰা হৈছে। ইয়াৰ অধীনত আবেদনকাৰীৰ ওচৰত এই তিনিখন দেশৰ কোনো বৈধ বা ম্যাদ উকলি যোৱা পাছপ’ৰ্ট আছে নে নাই, সেই কথা জনোৱাটো বাধ্যতামূলক কৰা হৈছে। যদি কোনো আবেদনকাৰীৰ ওচৰত এনে পাছপ’ৰ্ট থাকে, তেন্তে তেওঁলোকে পাছপ’ৰ্ট নম্বৰ, জাৰি কৰা তাৰিখ আৰু স্থানৰ লগতে ইয়াৰ ম্যাদ শেষ হোৱা তাৰিখসহ সকলো তথ্য চৰকাৰক দিব লাগিব। ভাৰতীয় নাগৰিকত্ব মঞ্জুৰ হোৱাৰ পিছত ডাক বিভাগৰ জ্যেঠ অধীক্ষক বা ডাক অধীক্ষকৰ ওচৰত এই পাছপ’ৰ্টসমূহ অৰ্পণ কৰিব লাগিব। এই নিয়মসমূহ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ তাৰিখৰ পৰাই কাৰ্যকৰী হ’ব।

Apply Now

উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব সংশোধনী আইনে ৩১ ডিচেম্বৰ ২০১৪ চনৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা এই তিনিখন চুবুৰীয়া দেশৰ ৬ টা অনা-মুছলিম সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ সুবিধা দিয়ে। গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, এই সংশোধনৰ মূল উদ্দেশ্য হৈছে নাগৰিকত্ব সম্পৰ্কীয় বিষয়বোৰত পৰীক্ষা-নিৰীক্ষা প্ৰক্ৰিয়া অধিক শক্তিশালী কৰা আৰু ইয়াৰ সঠিক ৰেকৰ্ড বজাই ৰখা। ইয়াৰ উপৰিও ইলেক্ট্ৰনিক অভাৰচিজ চিটিজেন অব ইণ্ডিয়া অৰ্থাৎ ই-অচিআই কাৰ্ড, অনলাইন আবেদন ব্যৱস্থা আৰু নাবালকৰ দ্বৈত পাছপ’ৰ্ট সম্পৰ্কীয় নিয়মসমূহো পূৰ্বতকৈ অধিক কঠোৰ কৰা হৈছে।

মন কৰিবলগীয়া যে পশ্চিম বংগৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতেই এই চৰকাৰী জাননী জাৰি কৰা হৈছে। পশ্চিম বংগৰ মতুৱা সম্প্ৰদায়ৰ বহু লোকৰ ওচৰত প্ৰয়োজনীয় নথি-পত্ৰ নাই বুলি জানিব পৰা গৈছে। এই সম্প্ৰদায়টোক বিজেপিৰ এটা ডাঙৰ সমৰ্থক গোট হিচাপে গণ্য কৰা হয়। বিভিন্ন জিলাত স্থাপন কৰা নাগৰিকত্ব সাহায্য শিবিৰসমূহত দলীয় কৰ্মীসকলে আবেদনকাৰীসকলক প্ৰপত্ৰ পূৰণ কৰা আৰু সহায়ক নথি-পত্ৰ সংগ্ৰহ কৰাত সহায় কৰি আছিল। অৱশ্যে মতুৱা সম্প্ৰদায়ৰ কিছুমান সদস্যই তেওঁলোকৰ বাংলাদেশী মূলৰ পৰিচয় প্ৰকাশ কৰিবলগীয়া হোৱা বিষয়টোক লৈ চিন্তা প্ৰকাশ কৰিছে আৰু আবেদন প্ৰক্ৰিয়াত সহায়ৰ বাবে মাচুল দিবলগীয়া হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd