• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰলৈ আৰু উভতি নাহিল দীপজ্যোতি! এটা চাকৰিৰ সপোন বুকুত বান্ধিয়েই আধাতে মৰহি গ’ল মাজুলীৰ যুৱকৰ জীৱন

এন ই নাউ নিউজ, গুৱাহাটী by এন ই নাউ নিউজ, গুৱাহাটী
May 23, 2026 9:45 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱতি নিশা লখিমপুৰ জিলাৰ নাওবৈচাৰ দ’লহাট তিনিআলিৰ শিঙৰা দলঙৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখে গৈ থকা ‘য়াত্ৰা’ (YATRA) ট্ৰেভেলছৰ এখন নৈশ বাছে নিয়ন্ত্ৰণ হেৰুৱাই হঠাৎ পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাছখন বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাটোত মাজুলীৰ গেৰেকী পোহাৰদিয়া গাঁৱৰ নিবাসী দীপজ্যোতি বৰা নামৰ এজন যুৱকৰ কৰুণ মৃত্যু হয়। যুৱকজনে গুৱাহাটীত এটা চাকৰিৰ পৰীক্ষা দি স্বগৃহলৈ উভতি আহি থকা অৱস্থাতে এই অঘটন ঘটে।

প্ৰাপ্ত তথ্য অনুসৰি, মাজুলীৰ কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষকৰ খালী পদৰ বাবে অনুষ্ঠিত এখন পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দীপজ্যোতিয়ে যোৱা বৃহস্পতিবাৰে গুৱাহাটীলৈ গৈছিল। শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত পৰিয়ালৰ লোকৰ সৈতে তেওঁৰ অন্তিমবাৰৰ বাবে কথা হৈছিল। চাকৰিটোৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ বাট চাই থকা পৰিয়ালৰ লোকে শনিবাৰে পুৱা ৫ বজাত যুৱকজনক বাৰে বাৰে ফোন কৰাৰ পাছতো কোনো সঁহাৰি লাভ নকৰাত তেওঁলোকৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ ভিতৰত আৱদ্ধ হৈ থকা আহত যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Apply Now

জীৱনৰ এক নতুন আশা বুকুত বান্ধি চাকৰিৰ সন্ধানত যোৱা দীপজ্যোতিৰ এনে আকস্মিক আৰু অকাল মৃত্যুত পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ সম্পূৰ্ণৰূপে ভাগি পৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ মাজুলীৰ লগতে গেৰেকী পোহাৰদিয়া গাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ পাছত যুৱকজনৰ নশ্বৰ দেহ স্বগৃহলৈ লৈ অহাৰ সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মাজুলী জিলা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মাজুলী জিলা আপকু (AAPCU)কে ধৰি বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে উপস্থিত হৈ প্ৰয়াত যুৱকজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই শোকাৱহ ঘটনাৰ পাছতে মাজুলী জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংগঠনটোৱে দুৰ্ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনোৱাৰ লগতে যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। নৈশ বাছসমূহৰ চলাচলৰ ক্ষেত্ৰত ঠায়ে ঠায়ে নিয়মীয়া তালাচী চলোৱা আৰু প্ৰতিখন নৈশ বাছতে বাধ্যতামূলকভাৱে তিনিজনকৈ চালক ৰখাৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে।

এন ই নাউ নিউজ, গুৱাহাটী

এন ই নাউ নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd