• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত পথ নিৰ্মাণত ব্যাপক অনিয়ম : নিৰ্মাণৰ পাচতেই চপৰা-চপৰে খহিছে ব্লক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 5, 2019 10:32 am
IMG-20190104-WA0013
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শূন্য সহনশীলতাৰে দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত বিভিন্ন উন্নয়নমূলক আঁচনিত সঘনাই সংঘটিত হৈ অহা পৰ্বতসম দূৰ্নীতিত স্তম্ভিত হৈছে মাজুলীৰ সচেতন মহল৷  উল্লেখ্য যে,  সততে উন্নয়ন আৰু পৰিবৰ্তনৰ কথা কোৱা খোদ মুখ্যমন্ত্ৰী গৰাকীৰ গৃহ সমষ্টি মাজুলীৰ পুঁজিৰ অভাৱত বিগত এটা বছৰে মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণৰ কাম বৰ্তমানেও সম্পূৰ্ণ নোহোৱাৰ উপৰিও নিৰ্মীয়মান অৱস্থাতে পথকেইটাৰ বিভিন্ন অংশত বহি যোৱাৰ লগতে ব্লকসমূহ ভাঙি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় জনসাধাৰণে।

স্মৰ্তব্য যে, উজনি মাজুলী উন্নয়ন খণ্ডৰ লুইতপৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত   পথ তিনিটা ক্ৰমে মৰিসূতি গাঁৱৰ পথ, কুঁহিয়াৰবাৰী হৰিমন্দিৰ পথ আৰু ফুটচাং – পানীখাটী সংযোগী পথ।

Apply Now

উল্লেখ্য যে, ২০১৭-১৮ বৃত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰিব লগা পথ কেইটাৰ কুঁহিয়াৰবাৰী হৰিমন্দিৰ পথৰ বাবে ১২,৮২,০০৯ টকা, ফুটচাং-পানীখাতী পথৰ বাবে ১৬,৮০,৯৬৪ টকা আৰু মৰিসূতি গাঁৱৰ পথৰ বাবে প্ৰায় পোন্ধৰ লাখ টকা ধাৰ্য কৰি ২০১৭ চনৰ ২৬ নৱেম্বৰত উজনি মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মগেন নৰহে পথ কেইটাৰ আধাৰশিলা স্থাপন কৰে।

কিন্তু পথ কেইটা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি মুকলি কৰি নিদিয়াৰ বাবেই পথকেইটাৰ নিৰ্মাণ আধৰুৱা হৈ আছে বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰথম পৰ্যায়ত একাংশ পুঁজি লাভ কৰি ঠিকাদাৰ পক্ষই অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথকেইটাক লৈয়ো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।

বিশেষ সূত্ৰে জানিব পৰা মতে গ্ৰামোন্নয়ন বিভাগত পুঁজিৰ অভাৱৰ বাবেই পথকেইটা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি মোকলাই দিব পৰা নাই বিয়াগোম বিভাগটোৱে।

তাৎপৰ্যপুৰ্ণ কথাটো হ’ল এই যে, বিগত দুটা বছৰত নৱগঠিত জিলাখনৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১২০০ কোটিৰো অধিক টকা মোকলাই দিছে যদিও লক্ষ্যণীয়ভাৱে এমজিএনৰেগা আঁচনিৰ ধন মোকলাই নিদিয়াৰ আঁৰত লুকাই আছে গভীৰ ৰহস্য।

আনহাতে উক্ত তিনিটা পথৰ সমান্তৰালকৈ মাজুলীত মহাত্মী গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ বহু কাম পুঁজিৰ অভাৱতে আধৰুৱা হৈ থাকিব লগাটো পৰিলক্ষিত হৈছে। চৰকাৰে গ্ৰাম্য পথ উন্নয়নত অধিক গুৰুত্ব দিয়া বুলি সংবাদ মাধ্যম যোগে প্ৰকাশ কৰাৰ সময়তেই মুখ্যমন্ত্ৰীৰ সমষ্টিৰ জৰাজীৰ্ণ পথৰ বাবে জনসাধাৰণে জীয়াতু ভুগিব লগা হৈছে।

সি যিকি নহওঁক, মাজুলীত মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ অধীনত আধাৰুৱা হৈ থকা পথসমূহ নিৰ্মাণ সম্পুৰ্ণ কৰিবলৈ প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ লগতে পথকেইটা নিৰ্মাণত সংঘটিত হোৱা দূৰ্নীতি শীঘ্ৰে তদন্ত কৰি নিৰ্মাণত জড়িতসকলক উচিত শাস্তি প্ৰদান কৰিবলৈ দিবলৈ মাজুলী জিলা প্ৰশাসনৰ প্ৰতি মাজুলীবাসীয়ে আহ্বান জনাইছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd