• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মমতা বেনার্জীৰ হুংকাৰ: মই পদত্যাগ নকৰোঁ, আমি হৰা নাই

by
May 21, 2026 10:23 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ বিদায়ী মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনার্জীয়ে নিৰ্বাচনৰ ফলাফলৰ পাছত অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মঙলবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ স্পষ্টকৈ জনাই দিয়ে যে তেওঁ পদত্যাগ কৰাৰ কোনো প্ৰশ্নই নুঠে কাৰণ তেওঁলোক নিৰ্বাচনত পৰাস্ত হোৱা নাই। বেনাৰ্জীয়ে এই ফলাফলক এক নৈতিক জয় বুলি অভিহিত কৰে আৰু আগন্তুক দিনত ৰাজপথৰ সংগ্ৰাম অধিক তীব্ৰতৰ কৰাৰ সংকল্প লয়। তেওঁ কয় যে তেওঁ সদায় ৰাজপথত আছিল আৰু আগলৈও থাকিব। বিজেপিৰ কোনো ধৰণৰ অত্যাচাৰ তেওঁ আৰু সহ্য নকৰে বুলিও হুংকাৰ দিয়ে।

ৰাজ ভৱনলৈ গৈ পদত্যাগ পত্ৰ জমা দিয়াৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জীয়ে ওলোটাই প্ৰশ্ন কৰে যে তেওঁ কিয় যাব লাগে। তেওঁৰ মতে যিহেতু তেওঁলোক পৰাজিত হোৱা নাই, গতিকে পদত্যাগৰ প্ৰয়োজনীয়তা নাই। কোনোবাই যদি জোৰ-জবৰদস্তি কৰি তেওঁক পদত্যাগ কৰাব বিচাৰিছে, তেন্তে সেইটো কেতিয়াও নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। তেওঁ লগতে জনায় যে দলৰ সকলোৰে সৈতে আলোচনা কৰিহে পৰৱৰ্তী কৌশল নিৰ্ধাৰণ কৰা হ’ব।

Apply Now

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰি কয় যে তেওঁলোকৰ যুঁজখন বিজেপিৰ বিৰুদ্ধে নাছিল, আছিল নিৰ্বাচন আয়োগৰ বিৰুদ্ধে। আয়োগে বিজেপিৰ হৈ কাম কৰা বুলি অভিযোগ তুলি তেওঁ ইয়াক গণতন্ত্ৰৰ হত্যা বুলি অভিহিত কৰে। মমতা বেনাৰ্জীৰ মতে প্ৰায় ১০০ খন আসন তেওঁলোকৰ পৰা চুৰি কৰা হৈছে। ভোটাৰ তালিকাৰ পৰা বহু নাম কৰ্তন কৰা আৰু ভোটগ্ৰহণৰ সময়ত বিসংগতি হোৱা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

নিৰ্বাচনৰ পাছৰ হিংসাত্মক পৰিস্থিতিক লৈও তেওঁ মুখ খোলে। তেওঁৰ অভিযোগ অনুসৰি তৃণমূলৰ কৰ্মীসকলক বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰিছে আৰু আৰক্ষীয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰিছে। আনকি মহিলাসকলক ধৰ্ষণৰ ভাবুকি দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে। ভোট গণনা কেন্দ্ৰত তেওঁক শাৰীৰিকভাৱে অপদস্ত কৰা হৈছে বুলিও বেনাৰ্জীয়ে দাবী কৰে। তেওঁ কয় যে কেন্দ্ৰীয় বাহিনীৰ জোৱানসকলে তেওঁক গতিয়াই বাহিৰ কৰি দিছিল আৰু দলীয় এজেণ্টক সোমাবলৈ বাধা দিছিল।

এই কঠিন সময়ত ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে মমতা বেনাৰ্জীক সমৰ্থন জনাইছে। ছোনিয়া গান্ধী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল আদিকে ধৰি বহু নেতাই তেওঁক ফোন কৰি কাষত থকাৰ আশ্বাস দিছে। তেওঁ জনায় যে অখিলেশ যাদৱেও তেওঁক সাক্ষাৎ কৰিবলৈ আহিব। এতিয়াৰ পৰা তেওঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে মিত্ৰজোঁটটোক অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰিব বুলি মত প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছে হিংসাৰ ঘটনাৰ তদন্তৰ বাবে এখন ১০ জনীয়া তথ্য অনুসন্ধানকাৰী কমিটিও গঠন কৰিছে। শেষত তেওঁ কয় যে ইতিহাসৰ পুনৰাবৃত্তি হ’বই আৰু তেওঁলোকে বাঘৰ দৰে যুঁজ দি পুনৰ উভতি আহিব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd