NORTHEAST NOW (Assamese)

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

August 16, 2022 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Man kills pregnant wife over dowry গুৱাহাটী চহৰৰ উপকণ্ঠৰ হাজোত এজন লোকে তেওঁৰ ২৩ বছৰীয়া গৰ্ভৱতী পত্নীক যৌতুকৰ বাবে হত্যা কৰাৰ অভিযোগ উঠিছে।

বাতৰি অনুসৰি চাফিকুল হক নামৰ লোকজনে তেওঁৰ পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ পিছত ঘৰত তেওঁৰ মৃতদেহটো ওলোমাই ৰাখে।

লগতে পঢ়ক: Man-Elephant Conflict: অসম-মেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত

বাতৰিত কোৱা হৈছে যে মৃত মহিলাগৰাকীয়ে এবছৰ আগতে অভিযুক্ত চাফিকুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে যৌতুকক লৈ দুয়োজনৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ পিছতে তেওঁলোকৰ কন্যাক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল।

তেওঁলোকে লগতে অভিযোগ কৰিছে যে চফিকুলে যৌতুকৰ দাবীত তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল।

লগতে পঢ়ক: The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

মৃতকৰ পৰিয়ালৰ সদস্যসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত হাজো আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Related News