• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

সম্পৰ্কটোৱে এটা ডাঙৰ মোৰ লয় যেতিয়া এদিন পীয়ুষে চন্দনক দাড়ি খুৰোৱা দেখিলে। তেতিয়াই তেওঁৰ সন্দেহ হ’ল আৰু গম পালে যে তেওঁ নাৰী বুলি বিশ্বাস কৰা মানুহগৰাকী আচলতে পুৰুষ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 5:57 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচবুক মেচেঞ্জাৰত আৰম্ভ হৈছিল চ্যাট। নিশা নামৰ এগৰাকী মহিলা। ইনষ্টাগ্ৰামত তেওঁৰ নাম আছিল পুনম। পিছত ৰেলপথত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। প্ৰথমতে আৰক্ষীয়ে ইয়াক কেৱল দুৰ্ঘটনা বুলি ভাবিছিল। মৰণোত্তৰ পৰীক্ষাত মূৰত একাধিক গভীৰ আঘাত দেখা যায়। তেওঁক বাৰে বাৰে গধুৰ বস্তুৰে আঘাত কৰা হৈছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে নিজা উদ্যোগত হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰে। শেহতীয়াকৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চিত গুজৰাটৰ ৰাজকোটৰ হত্যাকাণ্ডৰ গোচৰটোত অভিযুক্তক আৰক্ষীৰ জেৰাৰ সময়ত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সেই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পীয়ুষ নামৰ এজন ২০ বছৰীয়া যুৱকক। সোধা-পোছাৰ সময়ত তেওঁ কয় যে তেওঁ চ্যাট কৰা নিশা আৰু পুনম নামৰ মহিলাগৰাকী আচলতে এজন পুৰুষ। তেওঁৰ নাম আচলতে চন্দন। লিভ ইন ৰিলেচনতো আছিল দুয়ো। লিভ-ইনৰ সময়তো তেওঁলোকে জনা নাছিল।

Apply Now

যোৱা ২৫ জুনত প্ৰথমবাৰৰ বাবে এই ঘটনা পোহৰলৈ আহে। ৰাজকোটৰ এখন গাঁৱৰ ৰে’লপথত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ পিন্ধন আছিল এখন শাৰী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত হত্যাৰ সন্দেহ প্ৰকাশ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

চিচিটিভিৰ ফুটেজ আৰু অন্যান্য দিশ পৰীক্ষা কৰাৰ অন্তত উত্তৰ প্ৰদেশৰ বাসিন্দা পিয়ুষ কুমাৰ খাৰৱাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে চন্দন ওৰফে নিশা ওৰফে পুনমক মূৰত থেতেলিয়াই হত্যা কৰি মৃতদেহ ৰেলপথত পেলাই দিছিল।

আৰক্ষীৰ দাবী, চন্দনক মহিলা বুলি ভাবি পীয়ুষে চন্দনৰ লগত সম্পৰ্কত জড়িত হৈ পৰে। পিছত দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু ওচৰ চাপি অহাৰ কথা আহিলে ধৰ্মীয় বিশ্বাসৰ উদ্ধৃতি দি শাৰীৰিক সংস্পৰ্শৰ পৰা বাৰে বাৰে আঁতৰি গৈছিল চন্দনে। সম্পৰ্কটোৱে এটা ডাঙৰ মোৰ লয় যেতিয়া এদিন পীয়ুষে চন্দনক দাড়ি খুৰোৱা দেখিলে। তেতিয়াই তেওঁৰ সন্দেহ হ’ল আৰু গম পালে যে তেওঁ নাৰী বুলি বিশ্বাস কৰা মানুহগৰাকী আচলতে পুৰুষ। আৰক্ষীয়ে দাবী কৰিছে যে চন্দনে সমলিংগ সম্পৰ্কৰ উদ্দেশ্যে নিজৰ পৰিচয় লুকুৱাই ৰাখিছিল।

এই ঘটনাৰ পিছৰে পৰা দুয়োৰে মাজত প্ৰায়ে কাজিয়া আৰম্ভ হৈছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে পীয়ুষে সম্পৰ্কৰ পৰা ওলাই আহিব বিচাৰিছিল। আৰক্ষীয়ে জনোৱা মতে, পিয়ুষে কামৰ বাবে হায়দৰাবাদ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু তাৰ পিছত গুজৰাটৰ ৰাজকোট জিলালৈ গৈছিল যদিও চন্দনে তেওঁৰ পিছে পিছে বিভিন্ন ঠাইলৈ গৈ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।

অৱশেষত ২১ জুনত ৰাজকোটৰ পদভলা গাঁৱৰ এটা কাৰখানাত দুয়োৰে মাজত তীব্ৰ কাজিয়াৰ সৃষ্টি হয়। তদন্তকাৰীয়ে দাবী কৰা মতে, তাৰ পিছত পীয়ুষে চন্দনক ৰেলপথৰ কাষৰ নিৰ্জন স্থানলৈ লৈ গৈ ডাঙৰ ডাঙৰ শিলেৰে আঘাত কৰি হত্যা কৰে। পিছত শিলেৰে পুতি মৃতদেহটো লুকুৱাবলৈ চেষ্টা কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd