কৰ’না ভাইৰাছৰ আতংকক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে মানৱতাক উপহাস কৰি এক দানবীয় ঘটনা।
প্ৰবাসী শ্ৰমিকৰ বহু মৰ্মান্তিক ঘটনাৰ সাক্ষী এই দেশত এইবাৰ ঘটিল কৰ’নাকেন্দ্ৰিক নৰবলিৰ ঘটনা।
উৰিষ্যাত সংঘটিত হোৱা অন্ধবিশ্বাসৰ মাৰাত্মক পৰিণতিৰ এক ঘটনা পোহৰলৈ আহিছে।
কৰ’নাক প্ৰতিহত কৰিবলৈ এজন লোকক বলি দিয়াৰ ঘটনা ঘটিছে উৰিষ্যাৰ এটা মন্দিৰত।
বাতৰি অনুসৰি, কটকৰ বন্ধা মা বুধা ব্ৰাহ্মণী দেবী মন্দিৰত ছানচাৰি ওজা নামৰ এজন ব্যক্তিয়ে তাৰ স্থানীয় এজন যুৱকক বলি দিয়ে।
ইয়াৰ পাছতে ব্যক্তিজনে আৰক্ষীৰ আগত নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰে।
স্থানীয় লোকে জানিব দিয়া মতে, উক্ত ব্যক্তিজন সেই মন্দিৰটোৰ পূজাৰী।
বুধবাৰে নিশা কটকৰ নৰসিংহ থানাৰ অন্তৰ্গত বান্ধাহুদাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।
কৰ’না ৰোধ কৰিবলৈ নৰবলি দিব লাগিব বুলি মনত জন্ম হোৱা অন্ধবিশ্বাসৰ বাবেই যুৱকজনৰ ডিঙি কাটি হত্যা কৰা বুলি ব্যক্তিজনে আৰক্ষীৰ আগত নিজে স্বীকাৰ কৰিছে।
ব্যক্তিজনে নৰবলিৰ কথাটো সপোনত পোৱা আদেশ বুলি আৰক্ষীক জনায়।
সূত্ৰসমূহে জানিবলৈ দিয়া মতে, ঘটনাৰ বলি যুৱতজনৰ নাম সৰোজ কুমাৰ প্ৰধান।
অভিযুক্ত ছানচাৰি ওজাই আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি সৰোজৰ সৈতে তেওঁৰ নৰবলি সম্পৰ্কে হোৱা বাক্-বিতণ্ডাৰ মাজতে ওজাই সৰোজক হত্যা কৰে।
তেওঁ চোকা অস্ত্ৰৰে সৰোজৰ ডিঙি কাটি শৰীৰ দুছোৱা কৰে।
আৰক্ষীয়ে ছানচাৰি ওজা নামৰ পূজাৰীজনক গ্ৰেপ্তাৰ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।