• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অজাতিৰ যুৱকেৰে বিয়া! কন্যাক গুলীয়াই হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই পেলাই দিলে পিতৃ-মাতৃয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2022 7:00 pm
Man Shot Daughter
137
VIEWS
Share on FacebookShare on Twitter

অ’নাৰ কিলিঙৰ নামত সংঘটিত অন্য এক জঘন্য হত্যাকাণ্ডৰ ঘটনা এইবাৰ পোহৰলৈ আহিছে। এইবাৰ এগৰাকী পিতৃয়ে নিজ কন্যাক হত্যা কৰি মৃতদেহ এটা ছুটকেছত ভৰাই পেলাই দিয়াৰ অভিযোগ উঠিছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা সপ্তাহৰ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ সমীপত এগৰাকী ২২ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্মৰত শ্ৰমিকে এটা ছুটকেছত মূৰ আৰু মুখত আঘাতৰ স্পষ্ট চিহ্ণ থকা এটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে।

দিল্লীৰ ২২ বছৰীয়া যুৱতীগৰাকীক পিতৃয়ে হত্যা কৰা বুলি উত্তৰ প্ৰদেশ আৰক্ষীয়ে আজি প্ৰকাশ কৰে। আৰক্ষীয়ে ছুটকেছটো উদ্ধাৰ কৰাৰ পিছতে ফোন ট্ৰেচিং আৰম্ভ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি অচিনাকি মৃতদেহটোৰ পৰিচয় উদ্ধাৰ কৰিবলৈ ছ’চিয়েল মিডিয়াও ব্যৱহাৰ কৰিছিল।

ইয়াৰ পাছতে যোৱা দেওবাৰে পুৱা এটা অজ্ঞাত ফোন কলৰ পৰা যুৱতীগৰাকীৰ বিষয়ে সুনিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছতে আক্ষীয়ে মৃত যুৱতীগৰাকী দিল্লীৰ বদৰপুৰৰ নিৱাসী ২২ বছৰীয়া আয়ুশী চৌধুৰী বুলি নিশ্চিত হয়।

প্ৰকাশিত সূত্ৰ অনুসৰি আয়ুশী চৌধুৰীৰ পিতৃ নীতেশ যাদৱে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰেৰে গুলীয়াই কন্যাক হত্যা কৰে। মৃতদেহটো চিনাক্ত কৰিবলৈ যোৱাৰ সময়তে আয়ুশীৰ পিতৃ-মাতৃক আৰক্ষীয়ে জেৰা কৰাৰ সময়তে পিতৃয়ে হত্যা কৰা বুলি নিশ্চিত হয়।

আৰক্ষীয়ে প্ৰকাশ মতে কন্যাই অন্য জাতিৰ এক যুৱকেৰে বিবাহ কৰাৰ বাবেই পিতৃয়ে হত্যা কৰে। কন্যাক হত্যা কৰাৰ পাছত মাতৃয়েও কন্যাৰ মৃতদেহটো এটা ছুটকেছত ভৰাই পেলাই দিয়াৰ সময়ত স্বামীক সহযোগ কৰিছিল।

ইতিমধ্যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আয়ুশী চৌধুৰীৰ পিতৃ-মাতৃ দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে নীতেশ যাদৱে চৰকাৰী চাকৰি লাভ কৰাৰ পাছতে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বালুনীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীলৈ প্ৰব্ৰজন কৰি তাতে স্থায়ীভাৱে বসবাস কৰি আহিছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd