NORTHEAST NOW (Assamese)

২৫ বছৰ পূৰ্বে নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা একেখন হোটেলতে অতিথি হিচাপে উপস্থিত!

January 24, 2025 3:42 pm · এন ই নাও নিউজ, গুৱাহাটী

২৫ বছৰ পূৰ্বে তেওঁ দিল্লীৰ এখন বিলাসী হোটেলত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। তালৈ অহা অতিথিসকলক তেওঁ চেলুট দি সম্ভাষণ জনাইছিল। তেওঁ কেতিয়াও হোটেলত প্ৰৱেশৰ সুযোগ নাপালে। হোটেলখনৰ ভিতৰৰ অংশ কেনেকুৱাও চাবলৈ নাপালোঁ। তাত খোৱাৰ চিন্তাটো তেওঁৰ বাবে এক কল্পনাৰ দৰে আছিল।

পাঁচ বছৰ ধৰি তেওঁ হোটেলৰ গেটত থিয় হৈ কেৱল অভিজাত শ্ৰেণীৰ আগমন আৰু দামী গাড়ীবোৰ চাই আছিল। ২৫ বছৰৰ পাছত নিৰাপত্তাৰক্ষীজন একেখন হোটেলতে অতিথি হৈ পৰিল।  আৰু পটভূমিত আছিল তেওঁৰ পুত্ৰ।

আৰ্য মিশ্ৰ নামৰ এজন যুৱকে তেওঁৰ পিতৃৰ এই কাহিনী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ১৯৯৫-২০০০ চনলৈকে দেউতাকে সেই হোটেলখনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। সেই হোটেলখনত প্ৰৱেশ কৰাৰ সুযোগ তেওঁ কেতিয়াও পোৱা নাছিল। তেওঁৰ পিতৃয়ে বিভিন্ন সংগঠনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল।  নিজৰ কেৰিয়াৰৰ পাঁচ বছৰ দিল্লীৰ সেই অভিজাত হোটেলখনত কাম কৰিছিল। তেওঁ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছিল। পুত্ৰৰ পঢ়া-শুনাৰ খৰচ তেওঁ দিছিল। এইবাৰ একেখন হোটেলতে দেউতাকক অতিথি হিচাপে নি আৰ্যই এটা বেলেগ কাহিনী নজিৰ দাঙি ধৰিলে।

Related News