• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 12:18 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যতম সংৰক্ষিত বনাঞ্চল তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বৃহৎ এলেকা বেদখলকাৰীৰ কৱলত পৰা বিষয়টোৱে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ ধাৰাবাহিক সতৰ্কবাণীৰ পিছতো ৰাজ্য চৰকাৰে ৩৬.৭৯ বৰ্গ কিলোমিটাৰ বেদখলকৃত বনভূমি মুকলি কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। নব্বৈৰ দশকৰ গোষ্ঠীগত সংঘৰ্ষৰ ক্ষতিৰ পৰা ক্ৰমান্বয়ে পূৰ্বৰ অৱস্থালৈ ঘূৰি অহা উদ্যানখনত শেহতীয়া এই বেদখলৰ ফলত বন্যপ্ৰাণীৰ আৱাসস্থলী ধ্বংস হোৱাৰ লগতে দীৰ্ঘম্যাদী সংৰক্ষণৰ লক্ষ্যলৈ ভাবুকি নামি আহিছে।

চৰকাৰী তথ্য অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বৃহৎ সংৰক্ষিত এলেকা অবৈধ দখলদাৰীৰ অধীনত আছে। ভূঞানাৰা বনাঞ্চলৰ অন্তৰ্গত আগ্ৰাং এলেকাত ৮,৪১৭.৪ বিঘা ভূমিত ৬১০ টা গৃহ নিৰ্মাণ কৰাৰ লগতে মুঠ ২,৯৮৮ গৰাকী লোকে বেদখল কৰি আছে। আনহাতে, পানবাৰী বনাঞ্চলত ৬,১২৮.২২ বিঘা ভূমিত ৯১২ টা গৃহ নিৰ্মাণেৰে ৪,৫৩২ গৰাকী লোকে অবৈধভাৱে বসবাস কৰি আছে। মানস ব্যাঘ্ৰ প্ৰকল্পৰ কৰ্তৃপক্ষই এই বেদখল সন্দৰ্ভত বাক্সা আৰু চিৰাং জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক বাৰম্বাৰ অৱগত কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই।

Apply Now

বেদখলৰ কৱলত পৰা ভূঞাপাৰা বনাঞ্চলৰ ৯.৩ বৰ্গ কিলোমিটাৰ এলেকা সামৰি থকা কোকিলাবাৰী বীজ পামখন মানস ব্যাঘ্ৰ প্ৰকল্পৰ মুখ্য আৱাসস্থলী হোৱাৰ লগতে ই বিলুপ্তপ্ৰায় ‘বেংগল ফ্লৰিকান’ চৰাইৰো এক গুৰুত্বপূৰ্ণ বিচৰণভূমি। ২০০১ চনতে লীজৰ ম্যাদ উকলি যোৱাৰ পিছত এই ভূমিখণ্ড মানস কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ কথা আছিল যদিও সেয়া কাৰ্যকৰী নহ’ল। ইয়াৰ পৰিৱৰ্তে বিটিআৰ চৰকাৰে কৃষি বিভাগৰ জৰিয়তে বৰ্তমানেও এই ভূমি কৃষিকাৰ্যৰ বাবে লীজত প্ৰদান কৰি আহিছে।

আই ইউ চি এন ৱৰ্ল্ড হেৰিটেজ আউটলুক ৪ (২০২৫) শীৰ্ষক প্ৰতিবেদনখনতো এই বেদখলক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। নিৰন্তৰ ভাবুকি, বিশেষকৈ বনাঞ্চল বেদখল, অবৈধ কৃষিকাৰ্য আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিবেদনখনত ‘গুৰুতৰ উদ্বেগ’ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ভূঞাপাৰা আৰু পানবাৰী বনাঞ্চলত অবৈধ কৃষিকাৰ্য আৰু বসতি স্থাপনে বন্যপ্ৰাণীৰ আৱাসস্থলীৰ ব্যাপক অৱনতি ঘটাইছে বুলি উল্লেখ কৰাৰ লগতে জলবিদ্যুৎ প্ৰকল্প আৰু আগ্ৰাসী প্ৰজাতিৰ উদ্ভিদৰ দ্বাৰাও উদ্যানখনলৈ ভাবুকি অহা বুলি সংস্থাটোৱে সতৰ্ক কৰি দিছে।

বন বিভাগৰ এক চৰকাৰী বিবৃতি অনুসৰি, এই ভূমি বন বিভাগক হস্তান্তৰ কৰাৰ বাবে ২০২২ চনৰ ১৩ জানুৱাৰী আৰু ২০২৩ চনৰ ২৬ মে’ত বিটিআৰ চৰকাৰক আবেদন জনোৱা হৈছিল। কিন্তু পৰিষদীয় চৰকাৰখনে বৰ্তমানলৈকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলত আইনী জটিলতাৰ অৱকাশ সৃষ্টি হৈছে। বিভাগটোৱে লগতে স্পষ্ট কৰি দিছে যে কোকিলাবাৰীৰ ভূমিখণ্ড বন বিভাগক হস্তান্তৰ কৰাৰ বাবে বিটিআৰ চৰকাৰে এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন। ইয়াৰ দ্বাৰা বেটবাৰী আৰু পানবাৰীৰ দৰে বেদখলকৃত অঞ্চলসমূহ উদ্ধাৰৰ বাবে এক নিদৰ্শন স্থাপন হোৱাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাও প্ৰমাণিত হ’ব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd