• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পিতৃৰ দ্বাৰা যৌন নিৰ্য্যাতিতা নাবালিকাক ন্যায় দিবলৈ মেনকা গান্ধীৰ সোণোৱালক আহ্বান

যৌন নিৰ্য্যাতিতা নাবালিকাৰ বয়স বঢ়াবলৈ অসম আৰক্ষীয়ে কৰা চেষ্টাই চকু কপালত তুলিলে কেন্দ্ৰৰ

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
January 2, 2019 3:24 pm
Ramdas Athawale in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰিমগঞ্জত এজন পালক পিতৃয়ে তেওঁৰ নাবালিকা কন্যাগৰাকীক কেইবা মাহো ধৰি যৌন নিৰ্য্যাতন চলাই অহা গোচৰটো কঠোৰভাৱে ল’বলৈ অসম চৰকাৰক আহ্বান জনাইছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে। গান্ধীয়ে মুখ্য মন্ত্ৰী সোণোৱালক পালক পিতৃৰ দ্বাৰা যৌন নিৰ্য্যাতিত নাবালিকাগৰাকীক ন্যায় দিবলৈ কয়।

ইফালে, মেনকা গান্ধীৰ অধীনৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত থকা চেণ্ট্ৰেল এডপশ্যন ৰিছ’ৰ্চ অথৰিটিয়েও কৰিমগঞ্জ জিলাৰ উপায়ুক্তক এই গোচৰটোত লোৱা ব্যৱস্থাৱলীৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

Apply Now

নাবালিকাগৰাকীৰ বিৰুদ্ধে হোৱা গুৰুতৰ অপৰাধক লঘু কৰিব খোজা বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে চেণ্ট্ৰেল এডপশ্যন ৰিছ’ৰ্চ অথৰিটি ক্ষুব্ধ হোৱা বুলি জানিব পৰা গৈছে।

“নাবালিকাগৰাকীক পালক পিতৃৰ দ্বাৰা তিনি মাহ ধৰি যৌন নিৰ্য্যাতন কৰা হৈছে বুলি জনাৰ পিছতো কাছাৰ শিশু কল্যাণ সমিতিয়ে সেই মানুহঘৰতে থাকিবলৈ দিছিল।” চেণ্ট্ৰেল এডপশ্যন ৰিছ’ৰ্চ অথৰিটিৰ মুখ্য কাৰ্য্যবাহী বিষয়া দীপক কুমাৰে কয়।

“নাবালিকাগৰাকীৰ ওপৰত যৌন নিৰ্য্যাতন হোৱা বুলি জনাৰ পিছতো অভিযুক্ত পালক পিতৃজনৰ বিৰুদ্ধে কাছাৰ শিশু কল্যাণ সমিতিয়ে প’ছক’ আইনৰ অধীনত ব্যৱস্থা লোৱাত ব্যৰ্থ হ’ল।”, কুমাৰে কয়।

উল্লেখযোগ্য যে  নাবালিকাগৰাকীক পালক পিতৃৰ দ্বাৰা যৌন নিৰ্য্যাতন কৰা বুলি অৱগত হোৱাৰ পিছতে নিৱেদিত নাৰী সংস্থান নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে আৰক্ষী থানাত গোপাল দাস নামৰ উক্ত পালক পিতৃজনৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে। কিন্তু আৰক্ষীৰ আগত ১৩ বছৰীয়া নিৰ্য্যাতিতা নাবালিকাগৰাকীয়ে সকলো বিৱৰি কোৱাৰ পিছতো আৰক্ষীয়ে গোচৰটো প’ছকো আইনৰ অধীনত ৰুজু নকৰিলে, যাৰ বাবে পালক পিতৃজনে জামিন পোৱাৰ সম্ভাৱনা ৰৈ গ’ল। “আৰক্ষীয়ে অভিযুক্তজনৰ সৈতে বুজাবুজি কৰি এইটো কৰিছে যেন লাগে”, কয় দীপক কুমাৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু চেণ্ট্ৰেল এডপশ্যন ৰিছ’ৰ্চ অথৰিটিক তাতকৈ হতচকিত কৰা কথাটো হ’ল নাবালিকাগৰাকীৰ বয়স ১৮ বা তাতকৈ বেছি বুলি প্ৰমাণ কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰে। তাৰ বাবে আৰক্ষীয়ে নাবালিকাগৰাকীৰ অস্থিপৰীক্ষা (ossification) কৰে। লগতে নাবালিকাগৰাকীক যৌন নিৰ্য্যাতন কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰাৰ বাবেও আৰক্ষীয়ে মেডিকেল কৰায়, যিটোৱেও আচৰিত কৰিছে। প’ছকো আইনমতে, মেডিকেল পৰীক্ষা নকৰাকৈয়ে নাবালিকা এগৰাকীয়ে দিয়া বিৱৰণক গুৰুত্বসহকাৰে লৈয়ে এই আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।

আনহাতে আৰক্ষীয়ে যে অভিযুক্তজনৰ সৈতে বুজাবুজি কৰিছে সেইটা কথা ধৰা পৰে আৰক্ষীৰ ভাষ্যতো।

“ছোৱালীজনী নাবালিকা নহয়। গতিকে প’ছকো আইন প্ৰযোজ্য নহয়। তাইৰ মেডিকেল পৰীক্ষাই যৌন নিৰ্য্যাতন হোৱা বুলি নকয়। আমি বিষয়টো তদন্ত কৰি আছো।” কৰিমগঞ্জৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নীলিমা সিংঙে দ্দা ট্ৰিবিউনক কয়।

কৰিমগঞ্জ থানাৰ এই ভাষ্যৰ বিপৰীতে নাবালিকাগৰাকীক তুলি ল’বলৈ অনুমতি দি  কাছাৰ শিশু কল্যাণ সমিতিয়ে লিখা নথিত ছোৱালীগৰাকীৰ বয়স ১৩ বছৰ বুলি উল্লেখ আছে। ইয়াৰ সৈতে নিবেদিত নাৰী সংস্থানৰ নথিয়েও একেটা কথাই কয়। এই নিবেদিত নাৰী সংস্থানেই ২০১৭ চনত ৰাস্তাৰ পৰা উদ্ধাৰ কৰি নাবালিকাগৰাকীক কাছাৰ শিশু কল্যাণ সমিতিৰ হাতত গতাই দিছিল। তাৰ পিছতে শিশু কল্যাণ সমিতিৰ পৰা গোপাল দাস নামৰ অভিযুক্ত চৰকাৰী কৰ্মচাৰীজনে তুলি ল’বৰ বাবে গ্ৰহণ কৰে।

নাবালিকাগৰাকীয়ে অভিযোগ কৰামতে, তাইক পালক পিতৃয়ে কোঠাৰ দুৱাৰ বন্ধ কৰি গা মালিচ কৰিবলৈ লগাইছিল আৰু তাইক আপত্তিকৰ স্থানত স্পৰ্শ কৰিছিল। “এইটো বাৰে বাৰে ঘটিছিল।” নাবালিকাগৰাকীয়ে কয়।

অভিযোগ মতে, গোপাল দাসৰ পত্নীয়ে যোৱা আগষ্ট মাহত ছোৱালীজনক ঘূৰাই দিয়ালৈকে এইটো চলি আছিল আৰু সেয়া গোপাল দাসৰ পত্নীৰ সজ্ঞানে চলিছিল।

আনহাতে দুবাৰকৈ শিশু কল্যাণ সমিতিত এই অভিযোগ দিয়াৰ পিছতো নাবালিকাগৰাকীক পৰামৰ্শ সহ ঘূৰাই পঠোৱা হৈছিল পালক পিতৃৰ ঘৰলৈ।  এই শিশু কল্যাণ সমিতিয়ে নাবালিকাগৰাকীক তুলি ল’বৰ বাবে “এটা উপযুক্ত পৰিয়াল” বুলি প্ৰমাণপত্ৰও দিছিল।

এগৰাকী যৌন নিৰ্য্যাতিত নাবালিকাগৰাকীক ন্যায় দিবলৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীয় আহ্বান জনাব লগীয়া হোৱা ঘটনাই লজ্জিত কৰিছে ৰাজ্যবাসীক।

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd