NORTHEAST NOW (Assamese)

অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ মণিপুৰ চৰকাৰৰ

July 24, 2021 7:57 pm · এন ই নাও নিউজ

অলিম্পিকত দেশলৈ প্ৰথমটো মেডেল কঢ়িয়াই অনা মীৰাবাই চানুলৈ ১ কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মণিপুৰ চৰকাৰে।

আজি পদক বিজয়ৰ পিছতে মীৰাবাই চানুৰ সৈতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কথা পাতে আৰু উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ বাবে বিৰল সন্মাণ কঢ়িয়াই অনাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য ভাৰতৰ অনত্যম পদক বিজয়ীৰ সম্ভাৱনাৰ তালিকাত থকা মীৰাবাই চানুৱে দেশৰ বাবে আনিলে প্ৰথমটো সুখৱৰ। ভাৰওোলনত দেশৰ একমাত্ৰ প্ৰতিনিধি আছিল মণিপুৰৰ খেলুৱৈ গৰাকী।

দেশবাসীৰ প্ৰত্যাশা পূৰণ কৰি চানুৱে আনিলে টকিঅ’ৰ পৰা প্ৰথমটো ভাল খৱৰ। ভাৰতৰ বাবে টকিঅ’ অলিম্পিকত প্ৰথমটো পদক দখল কৰিলে মীৰাবাই চানুৱে।

মহিলাৰ ভাৰোত্তলনৰ ৪৯কেজি শাখাত ৰূপৰ পদক জয় কৰিলে মীৰাবাই চানুৱে।

ক্লিন এণ্ড জাৰ্কত প্ৰথম প্ৰচেষ্টাত ১১০কেজি আৰু দ্বিতীয় প্ৰচেষ্টাত ১১৫কেজি ভাৰোত্তলন কৰে চানুৱে। তৃতীয় প্ৰচেষ্টাত ১১৭কেজি উত্তোলনৰ চেষ্টা কৰে যদিও সফল নহ’ল চানু।

চীনৰ ঝিহুই হোউৱে সোণৰ পদক লাভ কৰে।

Related News