• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকট বাঢ়িছে এন বীৰেণ সিঙৰ; ১৮ বিধায়কে বৰ্জন কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2024 11:55 am
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক। ফাইল ফটোঃ সংগ্ৰহীত।

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ বাবে দলৰ সকলো মন্ত্ৰী-বিধায়কৰ বৈঠক আহ্বান কৰিছিল। সোমবাৰে নিশা মুখ্যমন্ত্ৰীৰ বাংলোত অনুষ্ঠিত হোৱা বৈঠকত দলৰ ৪৫ গৰাকী বিধায়কৰ ভিতৰত ১৮জন অনুপস্থিত আছিল। তাৰে এজন হৈছে মন্ত্ৰী।

দুদিন পূৰ্বে বিজেপিৰ মিত্ৰদল নেশ্যনেল পিপলছ পাৰ্টিয়ে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। এন পি পিৰ ৭ জন বিধায়ক আছে। সেই দলটোৱে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো এন বীৰেণ সিঙৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতাৰ কোনো সমস্যা নাছিল। কিন্তু ২৪ ঘণ্টাৰ পাছত দেখা গৈছে যে দলটোৰ মাজতো অনাস্থাৰ সন্মুখীন হৈছে বীৰেণ সিং।

তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে নিশা বীৰেনৰ বৈঠকৰ পূৰ্বে মেঘালয়ৰ শ্বিলঙত মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে মণিপুৰত কেপ্টেইন (মুখ্যমন্ত্ৰী বীৰেণ সিং) সলনি কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। নতুন কেপ্টেইন আহিলে ৰাজ্যত শান্তি ঘূৰি আহিব পাৰে।’ অৰ্থাৎ পদ্ম শিবিৰকলৈ তেওঁৰ কোনো আপত্তি নাই বুলি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক স্পষ্ট বাৰ্তা দিলে। তেওঁৰ আপত্তি মুখ্যমন্ত্ৰী বীৰেন সিঙক লৈহে। তেওঁক অপসাৰণ কৰিলে মণিপুৰত বিজেপি চৰকাৰৰ পক্ষ ল’ব এনপিপিৰ সাতজন বিধায়কে।

Apply Now

লগতে পঢ়কঃ অবৈধ অস্ত্ৰৰ অবাধ ব্যৱহাৰ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ; কৰ্ম পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ

ইয়াৰ পিছত দলৰ ১৮ গৰাকী বিধায়ক বীৰেন সিঙৰ বৈঠকত অনুপস্থিত থাকিল। তাৰে এজন হৈছে মন্ত্ৰী। অসুস্থতাৰ উদ্ধৃতি দি বিধায়কৰ অনুপস্থিতি ৰাজনৈতিক মহলে পৰিকল্পিত সিদ্ধান্ত বুলি ধাৰণা কৰে। তেওঁলোকৰ আঁৰত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আছে নে নাই সেয়া স্পষ্ট হোৱা নাই। অনুপস্থিত বিধায়কৰ ভিতৰত ১০ জন কুকি সম্প্ৰদায়ৰ।

যোৱা বছৰৰ ৩ মে’ৰ পৰা মণিপুৰত মেইটেই আৰু কুকিৰ মাজত গোষ্ঠীগত সংঘাত অব্যাহত আছে। মুখ্যমন্ত্রীয়ে কুকিসকলৰ আস্থা হেৰুৱাইছে, বিধায়কসকলে অনুপস্থিত হৈ সেই বার্তা প্রদান কৰিব বিচাৰিছে বুলি অনুমান কৰা হৈছে৷ স্বয়ং মুখ্যমন্ত্ৰী বীৰেণ মেইটৈই গোষ্ঠীৰ। তেওঁৰ বিৰুদ্ধে কুকিসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে সোমবাৰে বিয়লি দিল্লীত মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰী বীৰেনক নিমন্ত্ৰণ কৰা হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া ৰাজ্যিক নিৰাপত্তা উপদেষ্টাৰ সৈতে আলোচনা কৰি শ্বাহে মণিপুৰত আৰু ৫ হাজাৰ অৰ্ধ সামৰিক সেনা নিয়োগ কৰাৰ সিদ্ধান্ত লয়। বিৰোধীৰ অভিযোগ যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েই বীৰেনক আঁতৰাই ৰাখিছে। কিন্তু সোমবাৰৰ বৈঠকত বীৰেনক আমন্ত্ৰণ নকৰি শ্বাহে মুখ্যমন্ত্ৰীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিলে নে অনাস্থা প্ৰকাশ কৰিলে সেই সন্দৰ্ভত বিজেপিৰ ভিতৰতে আলোচনা আৰম্ভ হৈছে।

লগতে পঢ়কঃ নতুন দিগন্ত মুকলি! ইলন মাস্কৰ স্পেচএক্সৰ পৰা ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

আনহাতে, ইম্ফলত তিনি ঘণ্টীয়া বৈঠকৰ অন্তত বীৰেণ সিঙে এক্স হেণ্ডলত কয় যে ৰাজ্যত চলি থকা হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দি বৈঠকত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও বৈঠকত উপস্থিত মন্ত্ৰী-বিধায়কসকলে কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সিদ্ধান্তত সৰ্বসন্মতি দিছে।

ইপিনে, বিজেপিৰ অভিভাৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। সংগঠনটোৰ মণিপুৰ শাখাই এক বিবৃতিত জনোৱা মতে, যোৱা বছৰৰ ৩ মে’ৰ পৰা ১৯ মাহ ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

লগতে পঢ়কঃ আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেঞ্চৰ ভাতৃ আনমোল বিষ্ণোই; আছে অপৰাধৰ দীঘলীয়া তালিকা

আৰ এছ এছৰ ছাত্ৰ সংগঠন বিদ্যাৰ্থী পৰিষদে এখোজ আগবাঢ়ি মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছে। প্ৰসংগক্ৰমে মণিপুৰত ২০১৬ চনৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতাত আছে ডাবল ইঞ্জিন অৰ্থাৎ বিজেপি চৰকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd