• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত পুনৰ উত্তেজনা: আৱদ্ধ ১৮ গৰাকী নগা লোকৰ মুক্তিৰ দাবী টি এন এলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 8:22 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ মণিপুৰৰ উখ্ৰুল জিলাত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। প্ৰকাশিত তথ্য অনুসৰি কুকি সম্প্ৰদায়ৰ এটা গোটে মহিলা, শিশু আৰু বৃদ্ধকে ধৰি ১৮ গৰাকী নগা নাগৰিকক আৱদ্ধ কৰি ৰাখে। ইম্ফল-উখ্ৰুল পথৰ লিটান আৰক্ষী থানাৰ অন্তৰ্গত চাংকাই গাঁৱত তিনিখন বাহনত গৈ থকা অৱস্থাত এই লোকসকলক আৱদ্ধ কৰা হয়। ইয়াৰ পূৰ্বে একাংশ নগা লোকে চলোৱা অবৈধ আফিং খেতি বিৰোধী অভিযানৰ সময়ত এজন কুকি ব্যক্তিক আটক কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে আৱদ্ধ কৰা কুকি লোকজন বৰ্তমানো তেওঁলোকৰ জিম্মাত আছে নে তেওঁক মুকলি কৰি দিয়া হ‘ল, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী য়ুম্নাম খেমচান্দে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে আৱদ্ধ হৈ থকা লোকসকলক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনাইছে। তেওঁ সাধাৰণ ৰাইজ আৰু ভুক্তভোগী পৰিয়ালসমূহক আশ্বস্ত কৰি কয় যে চৰকাৰে এই বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু অসামৰিক লোকসকলৰ মুক্তি সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলক তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। লগতে, পৰিস্থিতি শান্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁ নাগৰিক সমাজ আৰু সংশ্লিষ্ট সকলো পক্ষলৈ আহ্বান জনাই সকীয়াই দিয়ে যে যিকোনো বেআইনী কাৰ্যত জড়িত থকা লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব।

Apply Now

উখ্ৰুলৰ শীৰ্ষ নগা সংগঠন টাংখুল নগা লং, চমুকৈ টি এন এল-এ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত সংগঠনটোৱে উল্লেখ কৰিছে যে এই ঘটনাই কেৱল নাগৰিকৰ মৌলিক মানৱ অধিকাৰ আৰু মুক্ত বিচৰণৰ অধিকাৰ উলংঘা কৰাই নহয়, বৰঞ্চ উখ্ৰুল আৰু ইম্ফল সংযোগী এক গুৰুত্বপূৰ্ণ ৰাজহুৱা পথত আইন-শৃংখলাৰ চূড়ান্ত অৱনতি ঘটাৰ দিশটোকো প্ৰতিফলিত কৰিছে। নিৰীহ যাত্ৰীসকলক আৱদ্ধ কৰি ৰখা কাৰ্যই ৰাইজৰ মাজত ভয়, ক্ষোভ আৰু তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে বুলি সংগঠনটোৱে প্ৰকাশ কৰে। ৰাজহুৱা ঘাইপথত নিৰীহ নাগৰিকক বেআইনীভাৱে আৱদ্ধ কৰি ৰখাৰ সময়ত ৰাজ্য চৰকাৰে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিব নোৱাৰে বুলিও টি এন এল-এ স্পষ্ট কৰি দিয়ে। তেওঁলোকে লগতে কয় যে এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জনসাধাৰণৰ মাজত নিৰাপত্তাহীনতাৰ ভাৱ ঘনীভূত হ‘ব আৰু আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ সামৰ্থ্যৰ ওপৰত জনসাধাৰণৰ আস্থা লাঘৱ হ‘ব।

উল্লেখ্য যে, যোৱা মাহত একাংশ কুকি লোকৰ হাতত এজন টাংখুল নগা সম্প্ৰদায়ৰ লোক আক্ৰমণৰ বলি হোৱাৰ পিছত লিটান অঞ্চলত কেইবাদিনো ধৰি অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তাৰ পিছতেই পুনৰ সংঘটিত হোৱা এই অপহৰণ কাণ্ডই অঞ্চলটোৰ পৰিস্থিতি পুনৰ অৱনতি ঘটোৱাৰ আশংকা কৰা হৈছে আৰু প্ৰশাসনে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd