• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মণিপুৰত নাগা আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:03 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসা প্ৰভাৱিত অঞ্চলত মঙলবাৰে পুনৰ দুটা জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত তীব্ৰ সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছে। ইউনাইটেড নাগা কাউন্সিলে (ইউএনচি) আহ্বান জনোৱা তিনিদিনীয়া বন্ধৰ সময়ত সেনাপতি আৰু কাংপোকপি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত টাংখুল নাগা আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত এই সংঘৰ্ষ সূত্ৰপাত হয়। প্ৰাপ্ত তথ্য অনুসৰি, এই সংঘাতৰ সময়ত শিলগুটি নিক্ষেপৰ লগতে গুলীচালনাৰো ঘটনা সংঘটিত হৈছে, যিয়ে সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি কৰিছে।

যোৱা ১৮ এপ্ৰিলত উখৰুল জিলাত দুজন টাংখুল নাগা ব্যক্তিক, যাৰ ভিতৰত এজন প্ৰাক্তন সৈনিকো আছিল, দুৰ্বৃত্তই হত্যা কৰাৰ প্ৰতিবাদত ইউনাইটেড নাগা কাউন্সিলে ৰাজ্যখনৰ নাগা অধ্যুষিত জিলাসমূহত তিনিদিনীয়া বন্ধৰ আহ্বান জনাইছিল। এই বন্ধ কাৰ্যকৰী কৰাৰ বাবে নাগা স্বেচ্ছাসেৱকসকলে সেনাপতি আৰু কাংপোকপি জিলাৰ সীমান্তত পথ অৱৰোধ কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই অৱৰোধ আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তেই চাংগৌবুং কুকি গাঁৱৰ লোকৰ সৈতে নাগা গোটৰ সদস্যসকলৰ বাক-বিতণ্ডা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত ই হিংসাত্মক ৰূপ ধাৰণ কৰে।

Apply Now

সংঘৰ্ষৰ সময়ত হোৱা গুলীচালনাৰ আঁৰৰ মূল কাৰণ অথবা গুলী চলোৱা পক্ষৰ সঠিক পৰিচয় বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। টাংখুল নাগা গোটৰ প্ৰতিনিধিসকলে অভিযোগ কৰা অনুসৰি চাংগৌবুং গাঁৱৰ দিশৰ পৰা অস্ত্ৰধাৰী কুকি লোকে গুলীচালনা কৰিছিল। আনহাতে, কুকি ইনপি মণিপুৰে এনে ধৰণৰ ঘটনাৰ বাবে উদ্বেগ প্ৰকাশ কৰি দুয়োটা পক্ষকে সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৱে সাধাৰণ নাগৰিকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা যিকোনো কাৰ্যক বাধা দিবলৈ আহ্বান জনাইছে।

সংঘৰ্ষৰ খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰতা অৱলম্বন কৰে। হিংসাত্মক পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা দেখি প্ৰভাৱিত অঞ্চলসমূহত নিৰাপত্তা বাহিনীক মোতায়েন কৰা হৈছে। প্ৰশাসনে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ সৈতে জড়িতসকলৰ পৰিচয় চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

উল্লেখ্য যে, যোৱা ১৮ এপ্ৰিলৰ হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি উখৰুল, কামজং, সেনাপতি, ননি আৰু তামেংলং জিলাত স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। মণিপুৰত ২০২৩ চনৰ মে’ মাহৰ পৰা অব্যাহত থকা জনগোষ্ঠীয় সংঘৰ্ষৰ ফলত এতিয়ালৈকে প্ৰায় ২৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ৬০ হাজাৰৰো অধিক লোক নিজ গৃহৰ পৰা বিতাড়িত হ’বলগীয়া হৈছে। বৰ্তমান সেনাপতি আৰু কাংপোকপিৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে যদিও অঞ্চলটোত এতিয়াও উত্তেজনা বিৰাজ কৰিছে। প্ৰশাসনে সাধাৰণ ৰাইজক শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd