NORTHEAST NOW (Assamese)

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৭ গৰাকীলৈ বৃদ্ধি

October 22, 2020 8:26 pm · এন ই নাও নিউজ

মণিপুৰত বিগত ২৪ ঘণ্টাত আৰু তিনিগৰাকী লোকৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত ৰাজ্যখনত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৭ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, বিগত ২৪ ঘণ্টাত মণিপুৰত ৩৩৯ গৰাকী সাধাৰণ নাগৰিক আৰু ৬ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোক নতুনকৈ কোভিড প’জিটিভ হয়।

ৰাজ্যখনৰ ২৪ টা কোভিড পৰীক্ষণ কেন্দ্ৰত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

কোভিড প’জিটিভ হোৱা লোক সকলৰ ভিতৰত পশ্চিম ইম্ফলত ১৫৪ গৰাকী, পূৱ ইম্ফলত ৭১ গৰাকী, থৌবালত ৩১ গৰাকী, জিৰিবামত এগৰাকী, উখৰুলত দুগৰাকী, চাণ্ডেলত চাৰিগৰাকী, কাকচিঙত এগৰাকী, তামেংলোঙত ২৫ গৰাকী, চুৰাচান্দপুৰত ১৭ গৰাকী, তেংগনৌপালত চাৰিগৰাকী, সেনাপতিত ছয়গৰাকী আৰু বিষ্ণুপুৰৰ ২৩ গৰাকী।

মণিপুৰত শেহতীয়াভাৱে কোভিড আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত সাত গৰাকী বহিঃৰাজ্যৰ পৰা উভতি অহা বাকী সকল স্থানীয় লোক।

উল্লেখযোগ্য যে, মণিপুৰত বৰ্তমানলৈ মুঠ ১৬৬২১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। বৰ্তমান ৰাজ্যখনত ৪১০১ গৰাকী সক্ৰিয় কোভিড ৰোগী থকাৰ বিপৰীতে ১২৩৯৩ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত কোভিড মুক্ত হৈ উঠিছে।

Related News