NORTHEAST NOW (Assamese)

মণিপুৰত আজিৰ পৰা কাৰ্যকৰী ইনাৰ লাইন পাৰ্মিট

January 1, 2020 11:53 am · এন ই নাও নিউজ
Updated: January 1, 2020 12:07 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

উত্তৰ-পূবৰ আন এখন ৰাজ্য মণিপুৰত আজিৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ইনাৰ লাই পাৰ্মিট (আই এল পি) ব্যৱস্থা। মঙলবাৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এই কথা ৰাজহুৱা কৰে।

নৱ বৰ্ষৰ প্ৰাক ক্ষণত ৩১ ডিচেম্বৰত ইম্ফলত মুখ্য মন্ত্ৰী সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে আই এল পি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু এইখনে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰিব।

মঙলবাৰৰ দিনটোতে চৰকাৰে ষ্টেইট গেজেটযোগে আই এল পিৰ নিৰ্দেশনাসমূহো প্ৰকাশ কৰে।

প্ৰৱেশদ্বাৰ সমূহ সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ লগতে ৰাজ্যখনত যাতে ভালদৰে এই ব্যৱস্থাৰ প্ৰৱৰ্তন হয় তাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

মণিপুৰত কাৰ্যকৰী হোৱাৰ আগৰে পৰাই উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে।

আই এল পিৰ সম্প্ৰসাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ নেৰানেপেৰা প্ৰচেস্তাৰ ফল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ৰাজ্যখনত আই এল পি সম্প্ৰসাৰণ কৰাৰ বাবে আমি কেন্দ্ৰৰ নেতাসকলৰ শলাগ লোৱা উচিত’।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক (আইন) বাতিলৰ দাবীত মণিপুৰৰ চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনে কৰা তীব্ৰ আন্দোলনৰ ফলতেই কেন্দ্ৰীয় চৰকাৰে যোৱা ৯ ডিচেম্বৰত ৰাজ্যখনত ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

Related News